Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

পবা‌ বন্যপ্ৰাণী অভয়াৰণ্য

 


পবা‌ বন্যপ্ৰাণী অভয়াৰণ্য

ৰয়েল পেগু

বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলে শীঘ্ৰে বন্যপ্ৰাণী অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিব। চৰকাৰে শীঘ্ৰে বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিব। উল্লেখযোগ্য যে ধেমাজি জিলাৰ জোনাই সমিজলাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভৰাল‌ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি সন্দৰ্ভত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত বিগত ৩০ ছেপ্টেম্বৰত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে‌ উত্থাপন কৰা এক প্ৰশ্নৰ উত্তৰত বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ কথা সদৰি কৰে। ধেমাজি-জোনাইবাসীৰ মৌলিক তথা অন্যতম গুৰুত্বপূৰ্ণ দাবী বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য‌ৰ মৰ্যাদা প্ৰদানৰ বাবে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বলিষ্ঠ বিধায়ক ভূৱন পেগুৱে প্ৰশ্ন উত্থাপন কৰে। ধেমাজি জিলাৰ জোনাই সমিজলাৰ অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত‌ তথা চিয়াং নদীৰ পাৰত অৱস্থিত বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভৰাল‌ তথা প্ৰস্তৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যখনক ব্ৰিটিছ দিনতে ১৯২৪ চনত সংৰক্ষিত বনাঞ্চলৰ হিচাপে ঘোষণা কৰিছিল। বৰ্ষাৰণ্য পবা এশ বছৰ পূৰ্ণ কৰিলে। শতিকাৰ গৰকা পবা সংৰক্ষিত বনাঞ্চলৰ সমীপতে‌ আছে কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ডি ইৰিং অভয়াৰণ্য আৰু ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। আৰু এই ঠাইতে চিয়াং-ডিবাং-লোহিত নদীৰ সংগম স্থলী। চিয়াং নদীৰ খহনীয়াত পবাৰ বনভূমি নদীৰ বুকুত জাহ গৈছে যদিও জলসম্পদ বিভাগৰ পাৰ্কুপাইন আঁচনি স্থাপন পিছত বিগত তিনি বছৰ পৰা বিস্তীৰ্ণ অঞ্চলত নতুন চাপৰি সৃষ্টি হৈছে। পবা জোনাই অঞ্চলৰ ৰক্ষা কৱচ স্বৰূপ। পবা অঞ্চলটোৰ একমাত্ৰ বৰ্ষাৰণ্য। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত বিভিন্ন দুষ্প্ৰাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু গছ-গছনিৰে সমৃদ্ধিশালী অৰণ্য ভূমি। পবা বন্যহস্তীৰ আবাসস্থল। বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ টি এম পি কে, ছেভ পবা ৰেইন ফৰেষ্ট লগতে বিভিন্ন সংগঠন আৰু প্ৰকৃতিপ্ৰেমী ৰাইজে দাবী উত্থাপন কৰি আহিছে। ফলত বৰ্ষাৰণ্য পবাৰ জীৱকুল আৰু উদ্ভিদ প্ৰজাতিৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নদীদ্বীপ কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক সংলগ্ন কৰি বৰ্ষাৰণ্য পবাক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰাটো সকলোৰে কাম্য।

ইপিনে বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বিধায়ক ভুবন পেগুৰ প্ৰশ্নৰ উত্তৰ দি সদনত কয়,  বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ সন্দৰ্ভত মুখ্য মন্ত্ৰী সৈতে ইতিমধ্যে আলোচনা কৰা হয়। বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি সংৰক্ষণ কৰাটো চৰকাৰৰ নৈতিক কৰ্তব্য বুলিও মন্তব্য কৰে। তদুপৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদৰি কৰামতে, প্ৰস্তাৱিত পবা  বন্যপ্ৰাণী অভয়াৰণ্যৰ সৰ্বমুঠ এলেকা ২৫৭.২৯ বৰ্গ কিলোমিটাৰ। ইয়াৰে পবা সংৰক্ষিত বনাঞ্চলৰ এলেকা ৫৩.৩৯ বৰ্গকিলোমিটাৰ, কবু প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ ২.৮ বৰ্গকিলোমিটাৰ আৰু নদী অঞ্চল ২০১.৪২ বৰ্গকিলোমিটাৰ। বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাক মুখ্য মন্ত্ৰীয়ে সম্মতি দিয়া বুলি সদৰি কৰি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে সদনত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰি শীঘ্ৰে ইয়াৰ যাৱতীয় কাম-কাজৰ আৰম্ভ কৰিব‌‌ বুলি কয়।

ইপিনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও সামাজিক মাধ্যমত বৰ্ষাৰণ্য পবা অসমৰ ১৮ সংখ্যক অভয়াৰণ্য বুলি মন্তব্য কৰে।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত জোনাই সমষ্টিৰ বিধায়ক ভুবন পেগুৱে‌ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ বাবে প্ৰশ্ন উত্থাপন কৰা আৰু বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে পবাক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণা কৰাক অগ্ৰণী পৰিৱেশৰ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্টে' আদৰণি জনাইছোঁ। বৰ্ষাৰণ্য পবাক বিধানসভাৰ মজিয়াত বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাৰ প্ৰশ্ন উত্থাপন কৰি পবাৰ সুৰক্ষা তথা ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ মৰ্যাদা লাভৰ দীৰ্ঘদিনীয়া আন্দোলনক এখোজ আগুৱাই নিয়াৰ বাবে অগ্ৰণী পৰিৱেশ সংগঠন 'ছেভ পবা ৰেইন ফৰেষ্ট'ৰ লগতে সমূহ জোনাইবাসীৰ হৈ বিধায়ক ভূৱন পেগুলৈ অশেষ আন্তৰিক ধন্যবাদ আৰু শুভ কামনা জ্ঞাপন কৰিছো। লগতে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বন আৰু পৰিবেশ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ ওচৰত বৰ্ষাৰণ্য পবাক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণাৰ চৰকৰী অধ্যাদেশ জাৰি কৰি কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাছে। উল্লেখযোগ্য যে বিগত ২০২০ চনটো তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা ঘোষণাতেই সীমাবদ্ধ হৈ থাকিল। ফলত এইবাৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য ঘোষণাক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাটো সকলোৰে কাম্য। আমি আশাকৰো নতুন বৰ্ষত বৰ্ষাৰণ্য পবাই অভয়াৰণ্যৰ মৰ্যাদা লাভ কৰিব।

Post a Comment

0 Comments