লেকদা ৰিগচুয়েকো
(আকৌ এবাৰ ল'গ হ'ম)
(মিচিং সমাজ-জীৱন আধাৰত ধাৰাবাহিক উপন্যাস)
(তৃতীয় খণ্ড)
তোষেশ্বৰ মিৰি
আগৰৱালা
এতিয়া মুর্কং গাঁওত অন্তহীন ব্যস্তততা। অভাব-অনাটনহীন সময়। অভিমান-অভিযোগশূন্য
জীৱন। মৰমে আমনি কৰা দিন। বতাহজাকেও যেন অঘৰী।
বুকুৰ গাচেং টানিছে। তৰাং নৈৰ পাৰ খিলখিলীয়া হাঁহিত মুখৰ। সৰাপাতৰ মৰ্মৰনিয়ে উৰুঙা
মনত উপচাইছে সীমাহীন সপোন। ইপিনে ফাগুন মাহৰ প্রথম বুধবাৰত আলি-আয়ে-লৃগাং। লৃগাঙৰ দিনা জীৱ-জন্তু হত্যা কৰিব নাপায়। কেঁচা মাছ-মাংস খাব নাপায়। সেয়ে চিকাৰ কৰি
অনা বন গাহৰিৰ মাংস গামৰ ঘৰতে ডেকা-গাভৰুৱে মিলি গোটেই ৰাতি শুকুৱাইছে। ইতিমধ্যে
মাছ শুকুওৱা শেষ হৈছে। লৃগাং দিনা ৰাতিপুৱাৰ ভাগত পথাৰত শইচ সিঁচা আৰু গুটি ৰোৱা
আৰম্ভ কৰি গামৰ ঘৰত আদা দাঙাঙ উদ্যাপন কৰা হ'ব। একেৰাহে তিনিদিন গামে ৰাইজক ভোজ-ভাত খোৱাব।
ৰং-ৰহস্যৰ লগতে কৃষি-কর্মৰ কথা পাতিব। আদা দাঙাঙৰ কাৰণে এবছৰ ধৰি প্রস্তুতি
চলাইছে। সেয়ে লৃগাঙৰ কেইবাদিন আগৰ পৰা গামৰ ঘৰত ৰাইজ ব্যস্ত। ইপিনে
আপ্পুনৰ একেবাৰে জিৰণি নাই। কাৰণ গামৰ একমাত্র জী। সৰু বয়সতে মাকক
হেৰুৱাইছে। ভাই-ককাই বুলিবলৈও কোনো নাই। গাঁৱৰ গাভৰুজাক বেচেৰিজনীৰ একমাত্ৰ সাৰথি।
এইকেইদিন গাভৰু দল আপ্পুনৰ ঘৰত বিৰাম-বিহীনভাবে কামত ব্যস্ত। ওৰেদিন কাম কৰাৰ পাছত
গোটেই ৰাতি লালকাল নিন্দ্ৰাত। কিন্তু আপ্পুন যেন কিবা এটা চিন্তাত বিয়াকুল। দুপৰ
ৰাতিলৈকে টোপনি অহা নাই। ইকাটি-সিকাটি কৰি আছে। এনেকৈ চটফটাই থাকোতে ৰাতিটো কেনেকৈ
পাৰ হ'ল গমেই নাপালে। যেতিয়া বন
কুকুৰাৰ মাত ভাহি আহিল তেতিয়াহে আপ্পুনে বেৰৰ জলঙাইদি বাহিৰলৈ চালে। ইতিমধ্যে কমলা
বৰণীয়া পোহৰৰ ৰঙে পাদাম পাহাৰ চুব খোজিছে। আপ্পুন লগে লগে চাং ঘৰৰ পৰা নামি আহিল।
চিঞৰি চিঞৰি লগৰ কিজনীক জগালে। শুৱা-পাটি এৰি সকলো নামি আহিল। তাৰ পাছত কাষত কলহ
লৈ চিয়াং নদী অভিমুখে আগবাঢ়িল। সিহঁতৰ পাচে পাচে ৰকমী আৰু যাতিদৈও আহি আছে। ৰকমী
আৰু যাতিদয়ে এনেকৈ অহাটো আপ্পুনহঁতে ভাল পোৱা নাই। কাৰণ অ'ৰ কথা তৰ কথা লগাই ফুৰে বুলি গাঁওৰ মাজত বদনাম
আছে। সেয়ে গাভৰুজাকে ৰকমী-যাতিদৈৰ পৰা ব্যৱধান ৰাখি আগবাঢ়িল।
এনেতে ঐচেঙে ক'ব ধৰিলে- চিয়াংৰ পানী সদায় ইমান কিয় নীলা আৰু
চেঁচা? কিবা এটা মায়াবী
শক্তিয়ে যেন আৰ্কষিত কৰে। চাই থাকিলে সকলো পাহৰি যাওঁ। কেৱল চাই থাকিব মন যায়।
ঐচেঙৰ কথা শুনি আপ্পুনে ক'ব ধৰিলে- আজুককাহঁতৰ পৰা শুনামতে চিয়াং এখন
সাধাৰণ নদী নহয়। কঃজে পাতাংৰ পৰা বৈ অহা এখন পবিত্ৰ নদী।
ঐচিৰি তপৰাই সুধিলেঃ কঃজে পাতাঙ কি আজন?
কঃজে পাতাঙৰ কাহিনী নাজান নেকি?
ওঁহো নাজানো আজন।-ঐচিৰিয়ে ক'লে
ক:জে পাতাং হিমালয় পর্বতৰ বুকুত থকা এখন বিশাল
হ্রদ। এই হ্রদৰ পাৰতে আমাৰ আদিপুৰুষ আবতানিৰ আবাস ভূমি। আবতানি আমাৰ দৰে মানুহ
নহয়।তেওঁৰ জন্মৰ কথা কোনেও নাজানে। মাত্ৰ আমি ইমানেই
জানো যে তেওঁ ৰেগী-ৰেগামৰ(স্বর্গ) পৰা সোণৰ জখলাইদি পৃথিৱীলৈ নামি আহি কঃজে পাতাঙত প্রথমবাৰ মাটিক স্পৰ্শ
কৰিছিল। তাৰ পাছত জনশূন্য পৃথিৱীত ঘটনাক্ৰমে কাৰমী নামৰ এগৰাকী দেৱীৰ স'তে মিলন হৈছিল।
তেওঁলোকৰ ঔৰসত টানি আৰু টাৱৰ নামৰ সন্তান দুটিৰ জন্ম হৈছিল। টানিৰ পৰা মিচিং
বংশাৱলীৰ সৃষ্টি হ'ল। কিন্তু টাৱৰ অৃপম (বন দেৱতা) হ'ল। আপ্পুনৰ মুখৰ
পৰা সৃষ্টি তত্ত্বৰ কথা শুনি লগৰকিজনীৰ চকু কপালত উঠিল। যদিও কথাবোৰ শুনি অভিভূত। আপ্পুন কথাবোৰ কৈ থকাৰ মাজতে মনে মনে ৰৈ গল। সেয়ে ঐচিৰিয়ে উৎসুকতাৰে সুধিলেঃ টানি আৰু টাৱৰ কথাটোকো কয় দে আকৌ।
আজি নকও আৰু। বহুত কাম আছে। সময় পালে পাছত কম।
আপ্পুনে ক'লে।
তেন্তে কাৰমী
দেৱী কোন আছিল সেইটোকে ক- ঐচেঙে সুধিলে।
আপ্পুনে অলপ সময় চিন্তা কৰি ক'ব ধৰিলে-কাৰমী দঞি-পলৰ একমাত্র জীয়াৰী। তেঁৱে
হৈছে আমাৰ আদি মাতৃ।
আপ্পুনৰ কথা শুনি সকলোৱে আচৰিত হৈছে।মাথোঁ কৈ
গৈছে- তাৰ পাছত?
আপ্পুনেও কথাবোৰক একান্তমনে কৈ গ'লঃ আৱতানিয়ে ৰেগী-ৰেগামৰ পৰা নামি আহি জনশূন্য পৃথিৱীত মানুহ বিচাৰি চিৎকাৰ কৰি ফুৰিছিল। আৱতানিৰ চিৎকাৰ শুনি সৃষ্টিকৰ্তাই (ৰুনে-পিন)
পৃথিবীলৈ দঞি-পলক পঠিয়ালে।অৱশেষত আৱতানিয়ে লগ পাইছিল দঞি-পলক। লগ পাইছিল তেওঁলোকৰ
একমাত্ৰ জী কাৰমীক। প্রথম সাক্ষাততে আৱতানি-কাৰমীৰ প্ৰেমত পৰিছিল।
ভালপোৱাৰ প্রস্তাৱ আগবঢ়াইছিল। কাৰমীয়ে পোনপটীয়াকৈ মানি লোৱা নাছিল। কিন্তু
আৱতানিয়ে আশা এৰি দিয়া নাছিল। গতিকে কাৰমীৰ মনৰ কথা জানিবলৈ এনিশা কাৰমী ঘৰত আৱতানি
ওলাল। তেতিয়া চাংঘৰৰ আউলাত (তুংগেং)কাৰমী ডেকা এজনৰ সতে কথা পাতি আছিল।
নিশাটো ফৰিংফুটা জোনাক আছিল। সকলো স্পষ্ঠকৈ দেখি পাইছিল। আৱতানিক অচিনাকি ডেকাজনৰ স'তে কাৰমীয়ে চিনাই
কৰাই দি ক'লে, এওঁ আমাৰ মাগব্। আমাৰ ঘৰতে আজি কেইবামাহ ধৰি আছে। কথাষাৰ
শুনামাত্রে আৱতানিৰ বুজি পাবলৈ অসুবিধা নহ'ল। মনে মনে ভাবিলে এওঁ মানে মাগব্ দুগ্দুঙ (ঘৰ জোঁৱাই খাটা) কৰি আছে।
কাৰমীয়ে তাৰ প্ৰস্তাৱ মানি নোলোৱাৰ কাৰণ এতিয়াহে আৱতানিয়ে বুজিব পাৰিলে। সেয়ে মনতে
তাক খেদিবলৈ বুদ্ধি পাঙিলে। সেইমতে আৱতায়ে ডেকাজনক ক'লে, বেৰব' (এজনী ছোৱালীক দুজনে ভাল পালে ইজনে সিজনক কৰা
সম্বোধন) দেকিং কুটলক খেলিব জানানে? ডেকাজনে তপৰাই উওৰ দিলে, জানো! জানো। খেলিবা নেকি আহা।(দেকিং কুটলক্
হৈছে উৰালৰ দুয়োপিনে বহি খেলা এবিধ প্রাচীন ধেমেলীয়া খেল)।
আৱতানিয়ে ক'লে, চৰ্ত থাকিব কিন্তু!
কেনেকুৱা চৰ্ত ? ডেকাজনে সুধিলে।
যিয়ে জিকিব কাৰমী তাৰ হ'ব, আৱতানিয় ক'লে।
তেওঁ মান্তি হল। ইমান জোনাক ৰাতি অথচ আৱতানিয়ে
তাৰ চেহেৰাটোক চাব খুজিও চাব নোৱাৰিলে। কাৰণ তাৰ মূৰত বন্ধা আছে এটি লেটি দুমেৰ
(মুৰত বান্ধা মিচিং গামোচা)। অৱশেষত দুয়োৱে উৰালৰ দুয়োমুৰত বহি খেল আৰম্ভ কৰিলে।
লাহে লাহে উৰাল উঠা-নামা কৰিব ধৰিলে। এটা সময় উৰালৰ উঠা-নামা গতি বাঢ়িব ধৰিলে।
মাজে মাজে দুজনে উৰালৰ পৰা চিটিকি পৰিব খোজিছে। কিন্তু কোনোমতে খামোচি ধৰিছে।
কাৰমীয়ে ভয়ানক হৈ উঠা খেলটো মাথোঁ অবাক হৈ চাই আছে। কাৰণ চিটিকি পৰিলে আঘাত হ'ব পাৰে। আশংকা কৰামতে ঘৰ জোঁৱাই খাটি থকা ডেকাজন
হঠাতে পৰিল। মূৰত মেৰিয়াই ৰখা লেটি দুমেৰ দূৰত উফৰি পৰিল। কাৰমী কাষলৈ দৌৰি গ'ল। কাষত পায়ে কাৰমী জোৰে জোৰে চিঞৰিব
ধৰিলে।কাৰমীৰ চিঞৰ শুনি দঞি-পল' বাহিৰলৈ দৌৰি
উলাই আহিল। হঠাতে চকুত পৰিল জোঁৱাই খাটি থকা ডেকাৰ ভয়ানক চকুহাল। কেতিয়াও নেদেখা
চকু-মুখৰ কুৰূপ দেখি দঞি-পল'ৰ সৰ্বশৰীৰ
সিঁয়ৰি উঠিল। ডেকাজনে লাজ পাই ফেঁচা চৰাই হৈ উৰি গল। তেতিয়াহে সকলোৱে জানিলে তেওঁ
প্ৰকৃততে মানুহ নাছিল বুলি। এদিন কাৰমী আৰু আৱতানিৰ মাজত বিয়া হ'ল। কিন্তু কাৰমীহঁতৰ চাংঘৰৰ কাষৰ গছত বহি
পেপুকুলুটো(ফেঁচা চৰাই) সদায় মাত দি থাকিল। আৱতানিৰ সতি-সন্তানৰ একাংশ এদিন চিয়াং
নদীৰ পাৰে পাৰে নামি আহি মুর্কং গাঁৱত উপস্থিত হ'ল বুলি আজিও
উপৰিপুৰুষে কয়। চিয়াং নদীখন পাহাৰৰ পৰা বৈ আহি মুর্কং গাঁওখনক উত্তৰফালে স্পর্শ কৰিছে। মুর্কং গাঁৱৰ
খেতি-পথাৰ চিয়াঙৰ পলসেৰে উপচি থাকে। সেয়ে মুৰ্কং গাঁৱৰ মাটি অতি সাৰুৱা হয়। খেতি-বাতি খুউব ভাল হয়। লগতে বিশাল অৰণ্যৰ সৃষ্টি হৈছে।
সেয়ে মুর্কং গাঁও নৈসৰ্গিক সৌন্দৰ্যৰে আৱেষ্ঠিত। মানুহে ভোগালী জীৱন যাপন কৰে।
চিয়াং পাৰত বহি কিমান সময় যে
আপ্পুনহঁতে কথা পাতিলে গমেই পোৱা নাই। ঘৰত যে বহু কাম পৰি আছে পাহৰি পেলালে। ইপিনে
চিয়াং নদীৰ মনোৰম দৃশ্য। নদীখন শুকাব ধৰিছে। অসংখ্য সৰু-বৰ শিল উলাই আহিছে। শিলৰ
ফাঁকে ফাঁকে ভৈয়ামলৈ চিয়াং বৈ গৈছে। বালিচৰবোৰ শুকাই শুকুলা। বহুদূৰলৈ গছ এজোপাও
নাই। মাজে মাজে দুই এজোপা ঝাউ গছ। ঝাউ গছৰ তলত কাপোৰ-কানি থৈ আপ্পুনহঁত হাঁহি
ধেমালি কৰি কথা পাতিছে। কোনেও কাৰো কথা মনোযোগ দি শুনা নাই। ঐচিৰিয়ে শিল এটাৰ ওপৰত
বহি আছে। পানীত নামো নামো কৰি নামিব পৰা নাই। ঐচেঙে দৌৰি গৈ ঠেলা মাৰি দিছে। ঐচিৰি
পানীত পৰি গৈছে। তাকে দেখি গোটেইবোৰ গিৰ্জনি মাৰি হাঁহি দিছে। সকলো পানীত
সাঁতুৰি-নাদুৰি গা ধুইছে। কিন্তু আপ্পুনে মিবু গালুক এটা পিন্ধি অকলে বহি আছে।
পিৰপিৰীয়া বতাহজাকে তাইৰ শৰীৰটোক চুব খোজিছে। কিন্তু মিবু গালোকখনেৰে গাটোক
ঢাকিবলৈ বাৰে বাৰে চেষ্টা কৰি আছে। তাকে দেখি ঐচেঙে চিঞৰি চিঞৰি ক'ব ধৰিলে- আপ্পুনক চবে চাচোন। নিলাজীটো ভালপোৱা
ল'ৰাটোৰ মিবু গালুকটো
পিন্ধি কেনেকৈ গংগাটোপটো হৈ আছে। মিবু গালোকটো কাৰ অ' আপ্পুন? আমি কাকো কৈ নিদিও। ভয় নকৰিবি।
সকলোৱে আপ্পুনক ফুচলাই সুধিছে: তোৰ প্রেমিক য়ামেৰ(ডেকা) নামটো কি? ভয় নকৰিবি। ঐচিৰিয়ে হাঁহি হাঁহি ক'লে, আপ্পুনে বেঁকাকৈ চাই অলপ
দূৰলৈ দৌৰি গ'ল। ঐচিৰিয়ে মনে
মনে ক'লে, বেচেৰিজনী এনেয়ে বৰ লাজকুৰীয়া। ক'ব খোজিও ক'ব পৰা নাই চাগে।
ইপিনে সকলোৱে আপ্পুনক জোকাই ব্যতিব্যস্ত কৰি তুলিছে। অৱশ্যে আপ্পুন বৰ কোমল মনৰ।
কাকো বেয়া নাপায়। তাই মনে মনে নিজক নিজে কৈছে, মিবু গালুকটো যে চিচাঙৰ সকলো জানেইচোন! চিকাৰৰ পৰা ঘূৰি আহি সকলোৰে সন্মুখত কৈছিল, লেতেৰা হৈছে। বন গাহৰিৰ তেজ লাগি কেচেমা-কেচেম
গোন্ধাইছে। ধুই দিবিচোন। তাকে লৈ ইমান সন্দেহ। এনেকৈ জোকোৱা কথাটোক চিচাঙে জানিলে
বৰ বেয়া হ'ব। কথাবোৰ ভাবি
আপ্পুন অস্থিৰ হৈ পৰিল। চিকাৰৰ পৰা ঘূৰি আহোঁতে চিচাঙক
এৰকক(গলাবন্ধ) এটা ডিঙিত পিন্ধাই দিছিল। সেই কথাটোকে লৈ মুখৰোচকবোৰে বুবু বাবাকৈ
গুজৱ উলিয়াই দিছে। কথাটোক ভাবি আপ্পুনৰ মন উদ্ববাউল হৈ পৰিছে। কিন্তু বাহিৰত অলপো
প্রকাশ কৰা নাই। অৱশ্যে অন্য ছোৱালীতকৈ বহু পৃথক। বৰ সাহসিয়াল। অস্ত্র চালনাতো
পাকৈত। মাত্র লাজকুৰীয়া আৰু কথা বহু ক'ম কয়। সেই স্বভাৱটোৰ কাৰণে কোনেও তাইক ইমান এটা
চল নাপায়। তলে তলে সকলোৱে ভয় কৰে। কিন্তু আজি আপ্পুনৰ মুখৰ পৰা যিবোৰ কথা শুনিলে
লগৰবোৰেও তাইক অৃপম(বনদেৱী) পোৱা বুলি সন্দেহ কৰিব
ধৰিলে। এনেয়ে তাইৰ গাত অৃপমৰ (বনদেৱী) গুণ দেখা বুলি গাঁৱৰ মানুহে বহুদিনৰে পৰা কোৱা-কুই কৰি আছে। তথাপি কোনেও সাহস কৰি সুধিব নোৱাৰে।
গাভৰুজাকৰ কথা ৰকমী আৰু যাতিদৈয়ে আলেঙে আলেঙে শুনি আছিল। পৰশ্ৰীকাতৰ ৰকমী আৰু যাতিদৈৰ
কাৰণে এয়া ডাঙৰ খৱৰ। গাঁওখনক গৰম কৰি ৰাখিব। ৰকৰ্মীয়ে যাতিদৈক ফুচফুচাই
ক'লে, আপ্পুনৰ গাত অৃপম লভিছে বোলে।
যাতিদৈয়ে হয়ভৰ দি ক'লে, আজি প্রমাণ পালোৱে নহয়।
ই তেন্তে মাইকী মিবু! ৰকমীৰ চকুহাল ডাঙৰকৈ চাই
ক'লে। ৰকমীৰ কথাবোৰ শুনাৰ
পাছত যাতিদয়ে ক'লে, মাইকী মানুহ মিবু হ'বই নোৱৰে। কাৰণ
মিবুৱে সৃষ্টি তত্বৰ শ্লোক মাতি আৰু য়কচা লৈ ওৰে ৰাতি নৃত্য কৰে। য়কচা এবিধ
হেংদাংৰ দৰে দীঘল দৈৱ শক্তিধাৰী অস্ত্র। যাক চিৰকি মাতৃয়ে মিবু বা দেওধাই হ'ব লগীয়া পুৰুষক সপোনত কৰ পৰা আনিব লাগিব কয়
দিয়ে। সেই স্থানৰ পৰাহে মিবুৱে য়কচা সংগ্ৰহ কৰে। দুয়োৱে কথাটো ভাবি আছে। সহজভাবে ল'ব পৰা নাই। এনেতে যাতিদৈয়ে চিঞৰী উঠিল, উত্তৰ পালো কেদান(বিয়ৈ)।
কেনেকৈ কেদান? ৰকমীয়ে সুধিলে।
মার্কা মিবুৰ ওচৰত যাম। যাতিদয়ে ক'লে। সকলো কথা বিৱৰি কম। ই আমাক খুউব ভাল পাব।
তেন্তে ব'ল ব'ল। ৰৈ থকাৰ সকাম নাই বুলি কৈ ৰকমী আৰু যাতিদয়
দুয়ো গাঁৱলৈ উভতি দৌৰিলে।
ক্ৰমশঃ
0 Comments