ডাঃ ঘনকান্ত
লাগাচুৰ সান্নিধ্যত
✍️ বিজয় কুমাৰ পেগু
১৯৯৪ চনৰ ছেপ্টেম্বৰ মাহৰ এদিনাখন ডাঃ ঘনকান্ত লাগাচু ছাৰৰ সৈতে মোৰ প্ৰথম চিনাকি হৈছিল। মাৰ বেমাৰৰ চিকিৎসাৰ বাবে চমকঙৰ পৰা জোনাইলৈ ডাক্তৰ বিচাৰি আহি ছাৰক পাইছিলো। জোনাইৰ
পৰা সূদুৰ চমকঙলৈ প্ৰায় ৫০ কিলোমিটাৰ দূৰত্বৰ ভঙা-ছিঙা পথত লাগাচু ছাৰে ৰাজদূত মটৰচাইকেল চলাই
আহি মাক গোটেই দিন চিকিৎসা কৰিছিল। সেই সময়ত আমাৰ পৰিয়ালৰ কোনো লোক ইমানখিনি
চিকিৎসা জ্ঞান নাছিল আৰু ওচৰে পাজৰে এনে লোক নাছিল বাবে চেলাইন পাইপখিনিও খুলিবৰ বাবে
লাগাচু ছাৰে শেষলৈ ৰৈ দিব লগা হৈছিল। গোটেই দিন দেউতা, মা, দাদা, ভাইটি, ভন্তী আৰু মোৰ
সৈতে কথাপাতি ইমান আপোন হৈ পৰিল, পৰৱৰ্তীকালত ছাৰক পৰিয়ালৰ এজন সদস্য যেন আমি আদৰি লৈছিলো। ছাৰেও মৃত্যুৰ এসপ্তাহৰ আগতে মোক লখিমপুৰৰ
পৰা ফোন কৰি পৰিয়ালৰ সকলোৰে খবৰ লৈছিল। ডা: ঘনকান্ত লাগাচু ছাৰ জাতীয় সংগঠন TMPK জোনাই শাখাৰ মুখ্য পৃষ্ঠপোষক ৰূপে নিজকে ন্যস্ত
ৰাখিছিল। ১৯৯৫-৯৬ চনৰ কথা। মই আৰু জোনাই জিলাৰ তেতিয়াৰ TMPK-ৰ সভাপিত ৰাজকুমাৰ পেগুৰ সৈতে ছাৰৰ ওচৰত গৈ Wall poster লিখিবৰ বাবে ৰং
টেমা পাঁচ লিটাৰখিনি দিবৰ বাবে সভাপতিজনে ছাৰক অনুৰোধ জনায়। ছাৰৰ হাতত টকা নাই কিন্তু তেওঁ নাই বুলি নকৈ অলপ সময় ভাবি ক'লে, বলা চাওঁচোন। সোইমতে এখন হাৰ্ডৱেৰ দোকানৰ পৰা দুই টেমা ৰং খুজি
দোকানীজনক ক'লে, তেওঁৰ দৰমহা হ'লে দিমগৈ। দোকানৰ মালিকে মুৰ ঘূৰাই ছাৰক হ'ব বুলি ক'লে। লাগাচু ছাৰৰ জাতীয় সংগঠন TMPK ৰ প্ৰতি থকা
মহানুভৱতাৰ এই পৰিচয়ে তেওঁৰ প্ৰতি থকা মোৰ ধাৰণাক সলনি কৰি পেলাইছিল। সেইদিন ধৰি
শেষ মুহূৰ্তলৈ মই ব্যক্তিগতভাৱে লাগাচু ছাৰক শ্ৰদ্ধাৰে সন্মান জনাই আহিছো।
ডাঃ ঘনকান্ত লাগাচু চিকিৎসক
হিচাপে কৰ্মব্যস্ততাৰ মাজতো জাতিৰ বিভিন্ন দল-সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ জাতীয় চেতনাৰ পৰিচয় দাঙি ধৰিছিল। ছাৰ, আচলতে স্বভাৱসুচক এজন সংগঠক আছিল। তেওঁ
হাইস্কুলীয়া জীৱনৰ পৰাই এজন সংগঠক আছিল। জানিবপৰামতে, তেওঁ 'অল আচাম মিৰি
হাইস্কুল'ৰ ক্ৰীড়া সম্পাদক, ঢকুৱাখনা মণ্ডল
পৰিণ কেবাঙৰ সাধাৰণ সম্পাদক, ডিব্ৰুগড়ৰ টাউন
মিচিং কেবাঙৰ সাধাৰণ সম্পাদক, মিচিং আগম কেবাঙৰ
কোষাধ্যক্ষ, উপ-সভাপতি, সভাপতি আৰু দঃঞি পঃল য়েলাম কেবাঙৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। লেখক হিচাপে তেওঁ "Agom Sikur" গ্ৰন্থখন ডাঃ জহৰজ্যোতি কুলিৰ সৈতে যুঠীয়া
সম্পাদনা কৰিছিল আৰু সদ্যহতে তেওঁৰ ৰচিত ‘Mising Agom Lupumélang Gésu Gompir’ মিচিং আগম কেবাঙে প্ৰকাশ কৰি ওলাইছে।
এই মহান ব্যক্তি ডাঃ ঘনকান্ত লাগাচু
ছাৰ, বহুজনৰ অজ্ঞাতে
মোক লগত লৈ ২০১২ চনৰ পৰা "Ruwad Education Trust" ৰ জোনাই শাখা চম্ভালি আছিল। সদৌ অসম ভিত্তিত
গঠন হোৱা এই 'Ruwad Education Trust' অসমৰ চুক-কোণে
থকা সকলো মিচিং অঞ্চলক সাঙুৰি সভাপতি শ্ৰীযুত সৰ্বেশ্বৰ পেগু ছাৰৰ নেতৃত্বত ২০১২ চনত গুৱাহাটীত গঠন কৰা হয়। তেতিয়াৰ পৰাই এই ট্ৰাষ্টৰ জোনাই
শাখাৰ সভাপতি ৰূপে লাগাচু ছাৰক আৰু মোক সম্পাদক হিচাপে কেন্দ্ৰীয় সভাপতি সৰ্বেশ্বৰ
পেগু ছাৰে দায়িত্ব অৰ্পণ কৰে। জোনাইৰ মিচিংসকলক লৈ জন গণনা ছাৰ আৰু মই ২০১২ চনতেই আৰম্ভ কৰিছিলো। লাগাচু ছাৰ, তেতিয়া জোনাই মহকুমাৰ স্বাস্থ্য বিষয়া আছিল
বাবে প্ৰতিখন মিচিং গাঁৱৰ আশাকৰ্মীসকলৰ দ্বাৰা উক্ত কামবোৰ কৰোৱাইছিল।
পুঁজিবিহীন ট্ৰাষ্ট পৰিচালনা কৰিবলৈ ছাৰে নিজৰ জেপৰ টকা খৰচ
কৰিছিল। এই ক্ষেত্ৰত আৰম্ভণিৰ পৰা ট্ৰাষ্টক ধন-জন সহায় কৰা অন্য এক মহান ব্যক্তি
যাৰ নাম ট্ৰাষ্টে নোলোৱাকৈ থাকিব নোৱাৰি, তেওঁ হৈছে আমাৰ
সকলোৰে জ্ঞাত ড০ হৰকান্ত পেগু ছাৰ। হৰকান্ত ছাৰ, কৰ্জুন পাইত আৰু ৰাসেশ্বৰ
পায়েঙদেৱ এই তিনিজন ব্যক্তি ''Ruwad Education
Trust" ৰ জন্মৰ পৰাই
আমাৰ জোনাই শাখাৰ উপদেষ্টা আৰু সমলব্যক্তিৰ ৰূপত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমাৰ
মিচিং সমাজৰ জাতি গঠন প্ৰক্ৰিয়াৰ ঘাই আহিলা হিচাপে "Ruwad Education
Trust"তে মিচিং ল'ৰা-ছোৱালীৰ মাজত নিৰক্ষৰতা
নিৰ্মূল আৰু গুণগত শিক্ষাৰে শিক্ষিত কৰি তোলা কাৰ্যক মূল উদ্দেশ্য হিচাপে আগত ৰাখি মিচিং গাঁৱে গাঁৱে সজাগতামূলক সভা আৰু আৰ্থিকভাৱে দুৰ্বল অথচ মেধাবী ছাত্ৰ-ছাত্ৰীক উচ্চ শিক্ষাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে। আপোনালোকৰ জ্ঞাতাৰ্থে জনাবলৈ পাই নথৈ সুখী যে, ডাঃ ঘনকান্ত লাগাচু ছাৰৰ কাৰ্যকালত Trust -এ ১২ গৰাকী জোনাই মহকুমাৰ দৰিদ্ৰ মিচিং ল'ৰা-ছোৱালীক বিভিন্ন বিষয়ৰ উচ্চ শিক্ষাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাত সামৰ্থ লাভ কৰিছে। ডাঃ ঘনকান্ত লাগাচু ছাৰে কৰ্মক্ষেত্ৰ হিচাপে লখিমপুৰত থাকিব লগা হোৱাত তেওঁৰ অনুপস্থিতিত Trust খন চলাই যাবলৈ ১-১-২০২১ ৰ পৰা কাৰ্যকৰী হোৱাকৈ
শ্ৰীযুত তোষেশ্বৰ আগৰৱালাদেৱক কাৰ্যকৰী সভাপতি পদৰ দায়িত্ব অৰ্পণ কৰে।
ডাক্তৰ ঘনকান্ত লাগাচু ছাৰ, এজন অতি সহজ-সৰল নিষ্ঠাৱান, কৰ্তব্যপৰায়ণ, উদাৰ মনোভাৱৰ চিকিৎসক আৰু জননেতা আছিল। মৃত্যু অনিবাৰ্য্য, কিন্তু তেখেতৰ
হঠাৎ ঘটা মৃত্যুৱে আমি সকলোকে কিংকৰ্তব্যবিমোৰ কৰি পেলাইছে। তেওঁ
সকলোকে কন্দুৱাই এৰি থৈ গ'ল এই সংসাৰৰ পৰা।
লাগাচু ছাৰ, আপোনাৰ আত্মাই
চিৰশান্তি লাভ কৰক, এয়া মোৰ ভগৱানৰ ওচৰত
প্ৰাৰ্থনা ।
ম'বাইল ঃ 9435386696
0 Comments