Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

মায়দিয়া পাছৰ বৰফৰ শুভ্ৰ দলিচাৰ আকৰ্ষণ

মায়দিয়া পাছৰ

বৰফৰ শুভ্ৰ দলিচাৰ আকৰ্ষণ

ৰয়েল পেগু

সাগৰপৃষ্টৰ পৰা ৮,৭১১ ফুট উচ্চতাত অৱস্থিত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলী জিলাৰ মায়দিয়া পাছৰ শুভ্ৰ বৰফৰ দলিচাই প্ৰতিগৰাকী পৰ্যটকৰ অন্যতম আকৰ্ষণ। শীতৰ আগমনৰ লগে লগে বিশেষকৈ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত শুভ্ৰ বৰফৰ আচ্ছাদনে ঢাকি ৰখা মায়দিয়া পাছৰ নৈসৰ্গিক সৌন্দৰ্যৰ অতুলনীয় ৰূপ পৰ্যটক হাত বাউলী মতে। বৰ্তমানেও দৈনিক শ শ পৰ্যটকে শুভ্ৰ বৰফৰ দলিচাৰ আকৰ্ষণত ভিৰ কৰে মায়দিয়া পাছত। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত হিমালয়ৰ পাদদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ প্ৰাকৃতিক সৌন্দৰ্য-বৈভৱ অতুলনীয়। আকাশ চুমি থকা সুউচ্চ পর্বত-পাহাৰ আৰু অসংখ্য জলপ্রপাত, জান-জুৰি, খৰস্ৰোতা নদীৰে পৰিবেষ্টিত পাহাৰীয়া ৰাজ্যখনৰ নৈসর্গিক সৌন্দর্যই প্রতিজন পৰ্যটকৰ মন-হিয়া জুৰায়। তাতে আকৌ সুউচ্চ পর্বতত বৰফৰ শুকুলা দলিচাই পৰ্যটকক দিয়ে অনির্বচনীয় অনাবিল আনন্দ-স্ফূৰ্তি, শিহৰণ। হিমালয়ৰ পাদদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ টাৱাং, মেনচুখা উপত্যকাৰ পিচতে মায়দিয়া পাছ অন্যতম পর্যটনস্থলী হিচাপে চিহ্নিত৷ পাহাৰীয়া ৰাজ্যখনৰ লৱাৰ ডিবাং ভেলী জিলাৰ মায়দিয়া পাছত বৰফৰ শুকুলা দলিচাই পৰ্যটকক হাত বাউলি মাতে। সাগৰপৃষ্ঠৰ পৰা ২,৬৫৫ মিটাৰ অৰ্থাৎ ৮,৭১১ ফুট উচ্চতাত অৱস্থিত মায়দিয়া পাছত বছৰি ভিৰ কৰেহি দেশী-বিদেশী পর্যটকে। প্ৰতি বছৰে মায়দিয়া পাছলৈ পৰ্যটকৰ সোঁত বয়। যোৱা ২৩ জানুৱাৰীত মায়দিয়া পাছত উপস্থিত হৈছিলো বৰফৰ শুকুলা দলিচাৰ আকৰ্ষণত। আমাৰ লগত আছিল গুৱাহাটীৰ জ্যেষ্ঠ সাংবাদিক ফণীধৰ দাস, তেখেতৰ পৰিবাৰ ৰিংকমণি দাস, মোৰ পৰিবাৰ সবিতা পেগু, সন্তান উজ্জ্বল পেগু আৰু গাড়ী চালক টিংকু। আমি সিদিনা পুৱা ৫-৩০ বজাত জোনাইৰ পৰা ৰুকচিন চেকগেট হৈ যাত্ৰা আৰম্ভ কৰি শতিকাগৰকা পাচিঘাট চহৰৰ মাজেৰে পাৰ হৈ মে', দাম্বুগ হৈ পুৱা প্ৰায় আঠ বজাত লৱাৰ ডিবাং ভেলী জিলাৰ সদৰ ৰয়িঙত উপস্থিত হ'লো। ৰয়িঙৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিলো  মায়দিয়া পাছ অভিমুখে।


    উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ টুৰিজম বিভাগে প্রদেশখনৰ গুৰুত্বপূর্ণ পর্যটন স্থলীসমূহক এঘাৰটা টুৰিষ্ট চার্কিটত ভাগ কৰিছে। ইয়াৰে ৰয়িং-মায়দিয়া-আনিনি টুৰিষ্ট চার্কিট অন্যতম। মায়দিয়া পাছ প্ৰকৃতিৰ অপূৰ্ব বৈভৱৰ ভাণ্ডাৰ। নেদেখাজনাৰ অপূৰ্ব সুন্দৰ সৃষ্টি মায়দিয়া পাছ। পূর্ব হিমালয় এলেকাৰ মায়দিয়া পাছ উপত্যকাৰ আকাশ চুমি থকা সুউচ্চ পর্বতৰ ভাঁজে ভাঁজে সর্পিল গিৰিপথ। কেইবাহেজাৰ ফুট তলত শান্ত-সৌম্য ডিবাং নদী। অসংখ্য জান-জুৰি। সুউচ্চ পর্বতৰ ভাঁজে ভাঁজে সর্পিল গিৰিপথেৰে মায়দিয়া পাছলৈ দুঃসাহসিক যাত্রাৰ প্ৰতি মুহূৰ্ততে শিহৰণকাৰী আৰু এক অনির্বচনীয় অভিজ্ঞতা-উত্তেজনাৰে ভৰা। জোনাইৰ পৰা প্ৰায় চাৰে চাৰি প্ৰায় ঘণ্টাজোৰা যাত্ৰাৰ পিচত প্রায় দহ বজাত আমাৰ গাড়ী আহি পালে মায়দিয়া পাছ। মায়দিয়া পাছত শুভ্ৰ বৰফেৰে খেলা কৰি অনির্বচনীয় আনন্দ লাভত মগ্ন শ শ পৰ্যটক। মায়দিয়া পাছৰ পৰ্বত আৰু পথৰ ওপৰত ভৰি আছে বৰফৰ শুকুলা দলিচা। আমি গাড়ীৰ পৰা নামি সকলোৱে শুভ্ৰ বৰফৰ আচ্ছাদন হাতেৰে চুই চালো, বৰফৰ শুকুলা দলিচাৰ ওপৰত খোজ কাঢ়ি, শুই-বাগৰি, বৰফৰ টুকুৰা হাতত লৈ ফটো উঠিলো । এনেদৰে আমি মায়দিয়া পাছত শুভ্ৰ বৰফৰ মাজত অনির্বচনীয় আনন্দ-শিহৰণৰ মাজেৰে বহু সময় পাৰ কৰিলো। সিদিনাও প্ৰায় শতাধিক গাড়ীত অহা শ শ পৰ্যটকৰ ভিৰ। মায়দিয়া পাছলৈ শুভ্ৰ বৰফৰ আকৰ্ষণত অহা দেশী-বিদেশী পর্যটক সকলো আনন্দত আত্মহাৰা। মায়দিয়া পাছৰ পৰ্বতৰ লগতে মায়দিয়া পাছ পথছোৱাৰ প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যজুৰি বৰফৰ শুভ্ৰ আচ্ছাদনে ভৰি থাকে। জানুৱাৰী-ফেব্ৰুৱাৰীত মায়দিয়া পাছত বৰফ দেখিবলৈ পোৱা যায়। ইপিনে দূৰ সীমান্তৰ লানি লানি পৰ্বতত বৰফৰ শুকুলা দলিচা। জানিব পাৰিলো ভাৰত-চীন সীমান্তৰ সেই ঠাইখন ডিবাং ভেলী জিলাৰ সদৰ আনিনি। ৰয়িঙৰ পৰা আনিনিলৈ ২৩৮ কিলোমিটাৰ। এই পথেই আনিনিলৈ যোৱাৰ একমাত্ৰ পথ। উল্লেখযোগ্য যে লৱাৰ ডিবাং ভেলী আৰু ডিবাং ভেলী জিলা দুখন ডিগাৰু মিচিমি আৰু ইদু মিচিমিসকলৰ বসতিপ্ৰধান অঞ্চল। মায়দিয়া পাছৰ ওচৰত গাঁও নাই যদিও মায়দিয়া পথত টিৱাৰী গাঁও আৰু মায়দিয়াৰ পৰা ৩৪ কিলোমিটাৰ আগত হোনলী নামৰ সৰু চহৰ এখন আছে। ইপিনে মায়দিয়া পাছ পোৱাৰ দুই কিলোমিটাৰ আগতে কফি হাউছ নামৰ এখন অতিথি গৃহৰ লগতে বন বিভাগৰ এটা পৰিদৰ্শন বাংলো আছে। আনহাতে মায়দিয়া পাছত মায়া আৰু মায়দিয়া নামৰ দুখন হোটেল আছে।


        মায়দিয়া পাছলৈ অসম হৈ যাব পৰা কেইবাটাও পথ আছে। ইয়াৰে এটা হ'ল ধেমাজি জিলাৰ সীমান্তৱৰ্তী জোনাইৰ পৰা ৰুকচিন চেকগেট হৈ পাচিঘাট, মে, চিলুক, আওহোলিয়া, দাম্বুগ, বমজিৰ আৰু ৰয়িং হৈ মায়দিয়া পাছলৈ যাব পাৰে। এই পথেৰে যাওতে চিয়াং নদীৰ ৰাণাঘাট, ডিবাং নদীৰ দলঙৰ পাৰৰ নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিব পাৰে। ৰুকচিনৰ পৰা ৰয়িঙলৈ প্ৰায় ১৩৫ কিলোমিটাৰ। ৰয়িঙৰ পৰা মায়দিয়ালৈ ৫৬ কিলোমিটাৰ। আনহাতে তিনিচুকীয়া জিলাৰ ড° ভূপেন হাজৰিকা সেতুৰে (ধলা-শদিয়া) শদিয়া-ৰয়িং হৈ মায়দিয়া পাছলৈ যাব পাৰে। ৰয়িঙৰ পৰা ছৈখোৱাঘাটলৈ প্রায় ৪৫ কিলোমিটাৰ। তিনিচুকীয়াৰ পৰা ডিৰাক চেকগোট হৈ অৰুণাচলত প্ৰৱেশ কৰি নামচাই হৈ চৌখামৰ সমীপৰ লোহিত নদীৰ আলুবাৰী ঘাটৰ দলং হৈ  ৰয়িঙলৈ আহি মায়দিয়া পাছলৈ যাব পাৰে। ৰয়িঙৰ পৰা আলুবাৰী ঘাটলৈ প্ৰায় ৫০ কিলোমিটাৰ। ৰয়িং আৰু শদিয়াত কেইবাখনো হোটেল আৰু পৰিদৰ্শন বাংলোত মায়দিয়া পাছত বৰফ চাবলৈ যোৱা পৰ্যটকৰ বাবে থকা-মেলাৰ সুব্যৱস্থা আছে। লোহিত নদীৰ ওপৰত নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকা সেতু (ধলা-শদিয়া) দলঙে অঞ্চলটোত পৰ্যটনক্ষেত্ৰৰ নতুন সন্ধান দিয়াৰ লগতে মায়দিয়া পাছত বছৰি সমাগম ঘটা দেশী-বিদেশী পর্যটন ক্ষেত্রক নতুন মাত্ৰা প্ৰদান কৰিছে।



 


Post a Comment

0 Comments