সম্পাদকীয়ঃ
সাহিত্য আৰু
বৌদ্ধিক কচৰৎ
সাহিত্য শব্দটো সংস্কৃত ভাষাৰ ‘সহিত’ শব্দৰ পৰা আহিছে। যাৰ অৰ্থাৎ সহভাৱ বা মিলন।মফিজুদ্দিন আহমদ হাজৰিকাৰ মতে-(১৮৭০-১৯৫৮)সাহিত্য
'সহিত' শব্দৰপৰা হৈছে দেখি জ্ঞানৰ সহিত, বুদ্ধিৰ সহিত, ভাবৰ সহিত মিলাই শুৱলা অলংকাৰেদি লগাই ল-নি
নিমজ, ওখ ভাবৰ আৰু উন্নত ধৰণৰ
লিখা ভাষাকেই সাহিত্য বোলে। তেখেত ইয়াত জ্ঞান, বুদ্ধি, ভাবৰ মিলন ঘটাই শুৱলা অলংকাৰ আৰু উচ্চ চিন্তা-ভৱনাৰ উচ্চমানৰ ভাষাৰে
কলাসুলভ ৰচনাকে সাহিত্য বুলি কৈছে।
কবিগুৰু ৰবীন্দ্ৰনাথ
ঠাকুৰে কৈছে-'ধাতুগত অর্থ
ধৰিলে সাহিত্য শব্দটোৰ মাজত এটি মিলনৰ ভাৱ দেখা যায়। সিযে কেৱল ভাৱে ভাৱে, ভাষই ভাষাই মিল তেনে নহয়; মানুহৰ লগত মানুহৰ, অতীতৰ লগত বৰ্তমানৰ দূৰৰ লগত ওচৰৰ মিলন।' কবিগুৰুৱে সাহিত্যই মানুহৰ লগত মানুহৰ, অতীতৰ লগত
বতৰ্মানৰ মিলনৰ কথা কৈ মানুহৰ প্ৰজন্ম প্ৰজন্ম ধৰি নিছিগা সুঁতিৰ দৰে বৈ সাহিত্যৰ ধাৰাটোকে বুজাব বিচাৰিছে।
এনেদৰে বিভিন্ন মহান
সাহিত্যিকে সাহিত্য সন্দৰ্ভত নিজৰ নিজৰ বক্তব্য প্ৰদান কৰিছে।
অম্বিকাগিৰী ৰায়চৌধুৰীৰমতে- সাহিত্যটো সাহিত্যিকৰ জীৱনৰ প্ৰতিবিম্ব।
জীৱনটোৰ যেন ৰূপ তেনে প্ৰতিবিম্ব লৈয়ে সাহিত্যৰ জন্ম লাভ কৰে।
যতীন্দ্ৰনাথ দুৱৰাৰ মতে-(১৮৮৫-১৯৬৭)"জগতৰ
হৈ থকা ঘটনাবিলাকে মনৰ মাজত যি ভাবৰ উদয় কৰে, আনৰ মন মুহিব পৰা শক্তিৰে সৈতে সেই ভাবৰ
বিকাশেই সাহিত্য। মন আৰু কল্পনাই তাৰ সৃষ্টিকর্তা। ভাব তাৰ অঙ্গ, মানৱ সমাজেই তাৰ প্ৰকাশৰ স্থল।"
ডিম্বেশ্বৰ নেওগৰমতে (১৮৯৯-১৯৬৬)-"সমাজৰ আৰু জাতিৰ কল্যাণ
সাধনৰ মহৎ দায়িত্ব সাহিত্যিকৰ সদায়েই আছে। সমাজৰ আৰু সাহিত্যৰ পতনমুখী অৱস্থাত
উন্নত ৰুচি আৰু উৎকৃষ্ট ভাবধাৰাৰে সমাজক উদ্বুদ্ধ কৰা আৰু সাহিত্যক নতুন দিশ দর্শন
কৰোৱা সাহিত্যিকৰ মহৎ কৰ্তব্য।”
জ্ঞাননাথ বৰাৰমতে (১৮৯০-১৯৬৮)"পৃথিৱীত আজিলৈকে যিবিলাক ধর্ম-বিপ্লৰ সমাজ-বিপ্লৱ
হৈছে সকলোৰে গুৰিত সাহিত্যই। সাহিত্যয়ো ক'ব পাৰে- জগতৰ মানৱৰ কল্যাণৰ অর্থে মই কেতিয়াবা ধর্মশাস্ত্রৰ ৰূপ ধৰি, কেতিয়াবা সমাজ-নীতিশাস্ত্ৰ ৰূপ ধৰি কেতিয়াবা
ৰাজনীতি শাস্ত্রৰূপ ধৰি সম্ভৱামি যুগে যুগে।
হেম বৰুৱাৰমতে
(১৯১৫-১৯৭৭)“যি সাহিত্যই
মানুহৰ মন চিৰকলীয়াকৈ পোহৰ কৰে, তেনে সাহিত্যহে
বিশ্বজনীন আৰু সর্বব্যাপী হোৱাটো সম্ভৱ।"
মহেন্দ্ৰ বৰাই কৈছে-'সহজকৈ ক'বলৈ হ'লে, সত্য আৰু সুন্দৰৰ
বোলসনা জীৱন-অভিজ্ঞতাৰ প্রকাশেই সাহিত্য।'
হেমকোষ অভিধানৰ মতে- হিত
উপদেশ বা মনৰ সন্তোষ দিয়া গদ্য বা পদ্য পুথি, কাব্যাদি সাহিত্য।
সহজ ভাষাত ক'বলৈ গ'লে- সাহিত্য জীৱনৰ অভিব্যক্তি।সাহিত্য হ'ল জীৱন বীক্ষা(গভীৰ আৰু সুক্ষ্ম দৰ্শন)। যি ৰচনাৱলীত
মানুহৰ আৱেগ-অনুভুতি সাৰ্বজনীন প্ৰকাশ ভংগী থাকে আৰু যিটোক সৰ্বসাধাৰণ মানুহে
গ্ৰহণ কৰে সেয়াই সাহিত্য।নান্দনিক আৱেগ-অনুভূতি, জীৱন অভিজ্ঞতাৰ কলাসুলভ ৰচনাই সাহিত্য।
আৱেগ-অনুভূতি কলাসুলভ প্ৰকাশে নতুন ভাৱৰ জাগৰিত কৰে আৰু যি ভাৱত অভিজ্ঞতা লাভ কৰিব
পাৰি তাকেই সাহিত্য বোলে।
বিভিন্ন চিন্তাবিদে ভিন্ন সময়ত সাহিত্যক সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছে।
কিন্তু সাহিত্যৰ গৰ্ভত লুকাই থকা অজস্ৰ মণি মুকুতাবোৰৰ বহুমাত্ৰিক গুণাৱলীৰ
ব্যাপকতাৰ বাবে সাহিত্যক কেইটামান শব্দৰে সংজ্ঞায়িত কৰিব নোৱাৰে।
'সাহিত্য হৈছে জাতিৰ দাপোন’
সাহিত্যৰ সৃষ্টিৰ
অন্তৰালত সত্য উদ্ঘাটন আৰু জীৱনবোধৰ এক সুতীব্ৰ বাসনা থাকিব লাগে। পাঠকৰ মনত জন্ম
দিব পৰা এক উচ্চস্তৰৰ বৌদ্ধিক পৰিতৃপ্তিৰ বাবেই যুগে যুগে গ্ৰন্থ আৰু সাহিত্যৰ স্থান অনন্য। সঁচা জ্ঞান অম্বেষণৰ নিৰলস প্ৰচেষ্টাতে
মূলতঃ জীপাল হৈ উঠে সমাজৰ সামগ্ৰিক চেতনা। সেই চেতনাই এক উচ্চস্তৰৰ সৰ্বজনমান্য
ৰূপ পালেই জাতিৰ সভ্যতাৰ শিপাডাল গভীৰ হৈ পৰে। সেই সমাজ, সেই জাতিয়ে তেতিয়া লাভ কৰে এক অন্তহীন
চালিকাশক্তি, যাৰ প্ৰভাৱত
চিন্তাৰ দিগন্ত হৈ পৰে ন ন পোহৰৰ আলোকিত । তেনে এক সজীৱ পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম
হোৱা সাহিত্যই কালোত্তীৰ্ণ ৰূপলৈ উন্নীত হয়। তেতিয়া তাৰ বিস্তাৰিত প্ৰভাৱে বহু
মানুহক প্ৰজ্ঞাৰ পৃথিৱীখনলৈ হাত বাউলী দি মাতে।
দৰাচলতে সমাজৰ বিকাশত
ইতিহাস সাক্ষী বুলি কোৱা কথাটোৱে প্ৰকাৰন্তৰে সাহিত্যৰ নিছিগা সুঁতিৰ দৰে বৈ থকা
ধাৰাটোকেই বুজায়।
কিন্তু বৰ্তমান সময়ত
অনুভূতিহীন যান্ত্ৰিক পৃথিৱীৰ বৌদ্ধিক দীনতা দিনে দিনে
পৰিলক্ষিত হৈছে। ইয়াক কেনেকৈ প্ৰতিহত কৰি সমাজে বৌদ্ধিক অন্বেষণেৰে মানৱীয়া প্ৰমূল্যবোধ
সম্পন্ন সভ্যতাৰ সোপান বগাই
আগবঢ়িব- ই ডাঙৰ প্ৰশ্ন। ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি বোৱঁতী সুঁতিৰ দৰে। যাক চৰ্চা,
কৰ্ষণে সমৃদ্ধ কৰি ৰাখে।
কিন্তু সম্প্ৰতি যান্ত্ৰিক যুগত মানুহৰ মাজত গ্ৰন্থ অধ্যয়ন
হ্ৰাস পাইছে। বিশেষ কৈ নতুন প্ৰজন্মৰ মাজত ম'বাইলৰ অত্যাধিক ব্যৱহাৰ, ম'বাইল আসক্তি ফলত সাহিত্য চৰ্চা আৰু সৃজনীমূলক কৰ্মস্পৃহা, বৌদ্ধিক কচৰৎ আদি গুৰুত্বহীন বিষয় হৈ পৰিছে। উৎকৃষ্ট সাহিত্য আৰু বৌদ্ধিক কচৰৎ অবিহনে এখন সমাজ, এটা জাতিৰ
সাৰ্বিক বিকাশ কেনেকৈ সম্ভৱ হ'ব?
বৰ্তমান অসমীয়া ভাষা আৰু
জাতিৰ সংকট দিনে দিনে দিনে বৃদ্ধি পাইছে। ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালেই এটা ভাষা
জীয়াই নাথাকে। এই ভাষাটো মানুহে ক'ব লাগিব, এই ভাষাটোত উৎকৃষ্ট-মৌলিক সাহিত্য সৃষ্টি, বৌদ্ধিক কচৰৎ নিৰলসভাৱে চলি থাকিব লাগিব।
পৱিত্ৰ অসম ভূমিত বহু
মহান পুৰুষৰ জন্ম হৈছে। শংকৰদেৱ, মাধৱদেৱে অসমীয়া
জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা--- আদি কৰি বহু মহান পুৰুষে অসমীয়া জাতীয় জীৱন আৰু ভাষা-সাহিত্যক সমৃদ্ধ আৰু
মহীয়ান কৰি গৈছে।
আমি এই মহান পুৰুষসকলে দেখুৱাই থৈ যোৱা বাটেৰে আগবঢ়িব লাগিব। তেওঁলোকে গঢ়ি থৈ যায় সাহিত্য কৃতিৰ ওখ ভেতিত থিয় হৈ নতুন প্ৰজন্মই নতুন দিনত নান্দনিক, সাৰ্বজনীন, প্ৰমূল্যবোধ সম্পন্ন উচ্চমানৰ সাহিত্যৰ কৰ্ষণ-অন্বেষণেৰে সমাজৰ সামগ্ৰিক চেতনা জাগ্ৰত কৰি বৌদ্ধিক আৰু মানৱীয় প্ৰমূল্যবোধ সম্পন্ন সাহিত্যৰ নিছিগা সুঁতিৰ ধাৰাটো বোৱাই ৰাখিব লাগিব।
২০২৫ নৱবৰ্ষৰ অফুৰন্ত শুভেচ্ছা সকলোতকৈ যাচিলো।
0 Comments