পণবন্দী জনতাৰ আৰ্তনাদ
(সকলোলৈ ইংৰাজী নৱবৰ্ষ ২০২৫ ৰ শুভেচ্ছাৰে)
দিগন্ত লৃচাং পেগু
আকৌ এটি বৰ্ষ পাৰহৈ গ’ল
গমকেই নেপালোঁ
আমাক অপহৰণ কৰি পণবন্দী
কৰা৷
জীৱনদায়িনী ঔষধৰ
নামত
দহটকা দাম বৃদ্ধি
কৰি, তিনি টকা কমাই
দিলে৷
আশী টকাৰ পেট্ৰল
এশটকালৈ বৃদ্ধি কৰি
দুটকা কমাই দিলে৷
আমি কোচ, একেবাৰে দিলকো৷
পেট্ৰল কিনিব
নোৱাৰিলেও
কান্ধত বাইকখন
দাঙি লৈ যাম,
আমি সাৰে-হিমজুৱে
সমৰ্থক!
অধিক মূল্যবৃদ্ধি
হ'লেও
মদিৰাকে পান কৰিম
তথাপিও “গাখীৰ নেখাওঁ”
আমিয়েই যে দেশৰ
সচেতন “প্ৰজা”৷
প্ৰকৃত দেশপ্ৰেমীক৷
বজাৰত খাদ্য সামগ্ৰীৰ
আকাশলংঘী মূল্যবৃদ্ধি হ'লেও
অখাদ্যকে খাদ্য
বুলি দুগুণ মূল্যত কিনি খাম৷
আমি প্ৰতিবাদ নকৰো৷
আমাৰ ভালেই চলি
আছে। আৰু এনেকৈ চলি
থাকিব৷
উন্নয়নৰ নামত দুশবছৰীয়া
হাজাৰ জোপা গছ কাটিলেও, আমি প্ৰতিবাদ নকৰো৷
আৰু উন্নয়নৰ নামন
মোৰ ঘৰৰ ওপৰত বুলডজাৰ
চলালেও
আমি প্ৰতিবাদ নকৰো৷
তেখেতৰহে গৈছে ?
মোৰ কি আহে বা যায়৷
আকৌ এটি বৰ্ষ
পাৰহৈ গ’ল
গমকেই নেপালো
ৰ’দ-বৰষুণ কি-
বোকামাটিৰ গোন্ধ- বানপানী কি ?
আমি যে হিতাধিকাৰী
প্ৰতিমাহে
বিনামূলীয়া চাউল পালো
বেংকৰ একাউণ্টত
নিজে নিজে ধন সোমায়৷
বান-বাৰিষাত
সৰ্বস্বান্ত হ’লেও
চৰকাৰে দিয়া “আদৰ্শ বান শিবিৰ”ত থাকিলোঁ৷
আমাৰ এতিয়া একো
অভাৱ-সমস্যা নাই।
ৰজাই আয়োজন কৰা
প্ৰটিতো সভালৈ
আমাক নিমন্ত্ৰণ
কৰি গাড়ীত লৈ যায়, থৈ আহেহি
আমি দিনৰদিনটো
জিন্দাবাদ! জিন্দাবাদ! চিঞৰো৷
সন্ধিয়াটো আৰু
অধিক ৰঙীন কৰিবলৈ
আমাৰ নেতা দাদা
সতে পাঁচশৰ পৰা পোন্ধৰশ টকালৈ
খমখমীয়া নোট হাতত
গুজি দিয়ে, কিহৰ
চিন্তা এতিয়া৷
কোনে পায় আমাক ???
গাঁওখনৰ সিখন চুবাট
সভা এখন পাতিলে
আনখন চুবাট আমাক
বৃহৎ চোৱৰ এটা মাৰি খোৱায়৷
লাগিলে এনেই খাই
থাক৷
প্ৰয়োজনত আৰু দিম,
আৰু ধেৰ কিবাকিবি
কিন্তু---
কিন্তু, সেইখন চুবাটোৰ
সভাটোলৈ নাযাব৷
গ’লে---
মোৰ পাইজামাটোৰ নাড়াডাল
খুলি নাঙঠ কৰিব পাৰে মোক৷
এনেকৈয়ে আকৌ এটি
বৰ্ষ পাৰহৈ গ’ল৷
গমকেই নেপালোঁ
কেতিয়া আমক অপহৰণ
কৰি পণবন্দী কৰিলে৷
চাবা বন্ধু,
আগন্তুক বৰ্ষটো ইহঁতে আমাক
অপহৰণ কৰি
পণবন্দী জনতাৰ
মুকলি দিয়িৰ বাবত
আকৌ ধন দাবী কৰিব৷
কৃপণৰ পিয়লাৰে দি
ধনীক শ্ৰেণীৰ
বণিকৰ হাতত গটাই দিব৷
আকৌ এটি বৰ্ষ পাৰ
হ’ব৷
কোনে শুনিব---
পণবন্দী জনতাৰ
আৰ্তনাদ ???
কোনে শুনিব---
পণবন্দী জনতাৰ
আৰ্তনাদ ???
0 Comments