Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

প্ৰসংগ : অৰুণাচলী মিচিংসকলৰ উপাধি সলনি আৰু পৰিচয়ৰ সংকট

প্ৰসংগ : অৰুণাচলী মিচিংসকলৰ

উপাধি সলনি আৰু পৰিচয়ৰ সংকট

ডাঃ বিদ্যেশ্বৰ দলে 

কথাটো বৰকৈ উদ্বেগজনক আৰু পীড়াদায়ক।মিচিংসকলৰ বসতি আৰু প্ৰব্ৰজনৰ ইতিহাসে কয় যে একালত মিচিংসকল বৰ্তমানৰ অৰুণাচলৰ বাসিন্দা আছিল৷বিভিন্ন কাৰণত মিচিংসকল অসমলৈ প্ৰব্ৰজন কৰে আৰু অসমতে বসবাস কৰিবলৈ ললে৷ হ'লেও কিছু সংখ্যক মিচিং মানুহ অৰুণাচল প্ৰদেশৰ সীমাৰ ভিতৰত তথা সীমাৰ কাষৰীয়া ঠাইতেই বসবাস কৰি থাকিল৷ দেশৰ পৰিৱৰ্তিত ৰাজনৈতিক আৰু প্ৰশাসনিক ব্যৱস্থাৰ পৰিপ্ৰেক্ষিতত অসম আৰু অৰুণাচলৰ  সীমান্তৱৰ্তী অঞ্চলবোৰৰ কিছু কিছু ঠাই  ইফালে সিফালে হস্তান্তৰ কৰা হৈছিল আৰু তেনেকৈ থাকি গ'ল৷ কিন্তু অতি উদ্বেগ আৰু পৰিতাপৰ কথা যে অতি সম্প্ৰতি  অৰুণাচলৰ মিচিংসকলৰ  অবস্থা  সংকটত পৰাৰ উপক্ৰম ঘটিছে৷ তেওঁলোক যেন দ্বিতীয় শ্ৰেণীৰ নাগৰিকত পৰিণত হ'বলৈ গৈ আছে৷মিচিংসকল নিশ্চিতভাৱেই জনজাতীয় গুণ-বৈশিষ্টৰে পৰিপূৰ্ণ জনগোষ্ঠী ৷ সেইমতে অসমত মিচিংসকলে অনুসূচীত জনজাতি হিচাপে স্বীকৃতি পাইছে ৷ আৰু  সেই অনুসাৰে সাংবিধানিক সা-সুবিধাবোৰ লাভ কৰিছে ৷ কিন্তু অৰুণাচলৰ মিচিংসকলে সেই সাংবিধানিক সুবিধাবোৰৰ পৰা বঞ্চিত হৈ আছে ৷ তাৰ কাৰণটো হৈছে তাত মিচিং৷ সকলে S.T. status পোৱা নাই ৷ ST  status টো পোৱাতো নায়েই  আনকি তেওঁলোকক বহু সময়ত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে ব্যৱহাৰ কৰা হয়৷এতিয়া আমোদজনক কথা এটা চলি আছে৷সেইটো হৈছে মিচিংসকলে অৰুণাচলৰ পূৰ্ণ পৰ্যায়ৰ নাগৰিক হ'বলৈ হলে  তেওঁলোকে নিজৰ উপাধি ত্যাগ কৰি কোনোবা আদী মানুহৰ উপাধি ল'ব লাগিব ৷ তেহে অৰুণাচলী হ'ব ৷ অৱশ্যে তাতো আপত্তি উঠিছে তথা প্ৰবল প্ৰতিবাদ হৈছে৷ গতিকে সেইটোও মুদা মৰিল ৷অৱশ্যে নিজৰ উপাধি ত্যাগ কৰি লোকৰ উপাধি লৈ কিবা সুবিধা লোৱা কাৰ্য  ভাল কাম বুলি ক'ব নোৱাৰি৷ হয়তো উপায়  নাপাই মানুহবিলাকে সিইটো কৰিছিল৷এনেকে নিজৰ উপাধি ত্যাগ কৰি সুবিধা ল'ব বিচৰাতকৈ সাংবিধানিক ব্যৱস্থা কৰাটোহে  উচিত কথা হ'ব ৷ এটা কথা উল্লেখ কৰিব পাৰি যে  Bihar/U.Pত S C. Status লাভ কৰা  লোকসকলে আমাৰ অসমতো S C.status লাভ কৰি সকলো সাংবিধানিক সা-সুবিধা উপভোগ কৰি আছে৷ তেনেস্থলত আমাৰ মিচিংসকলে  অৰুণাচলত ST.status লাভ কৰাৰ ব্যৱস্থা কৰিব নোবাৰিব কিয় ?

    অৱশ্যে সেইটো কৰিবলৈ হ'লে সংশ্লিষ্ট চৰকাৰটোৰ strong political will লাগিব৷ চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে৷ কাৰণ এইটো ভাৰতৰ সংবিধানত থকা  এটা ব্যৱস্থা৷যিটো ইতিমধ্যে  কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰা হৈ আছে৷ একো নতুন কথা নহয়৷কিন্তু আমাৰ ক্ষেত্ৰত দুখৰ কথাটো হৈছে আমাৰ political backing নাই /political levelত সেই কামটো কৰিবলৈ মানুহৰ  অভাৱ ৷ আশা কৰো পলমকৈ হ'লেও সেই কাম কৰিবলৈ  আমাৰ নেতা ওলাব।

Post a Comment

0 Comments