Mising Sports Carnival
✍️ মণ্টুৰাম টাইদ
অলিম্পিকৰ অতীত
অলিম্পিক হৈছে
বিশ্ব ক্ৰীড়াৰ প্ৰাচীন আৰু শ্রেষ্ঠ সমাৰোহ। এই ক্রীড়া সমাৰোহৰ জন্মভূমি আৰু উৎস
হৈছে প্রাচীন গ্ৰীচ ৰাষ্ট্র। যীশু খ্ৰীষ্টৰ
জন্মৰ ৭৭৬ বছৰ আগৰ কথা। সেই সময়ত গ্রীচৰ অধিবাসীসকলে তেওঁলোকৰ দেৱতা জিউচৰ
সন্মানার্থে প্রতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অলিম্পিয়া নামৰ ঠাইত একোটা ক্রীড়া
প্রতিযোগিতাৰ আয়োজন কৰিছিল। এইবিধ প্রতিযোগিতাকে অলিম্পিক বোলা হৈছিল। সেই কালত
অলিম্পিক অকল অলিম্পিয়া বা গ্ৰীচৰে নহয়, সমগ্র পৃথিৱীৰে
আটাইতকৈ ডাঙৰ উৎসৱ বুলি বিবেচনা কৰা হৈছিল। এই উৎসৱ উপলক্ষে কাৰুকার্যখচিত প্রসাদ, মাৰ্বলৰ ষ্টেডিয়াম, সাঁতোৰৰ সৰোবৰ, ক্রীড়াগাৰ, ৰত্নশালা আৰু মঠ-মন্দিৰেৰে ভৰপূৰ অতুলনীয় সৌন্দর্য নগৰী অলিম্পিয়া ভূমধ্য
সাগৰৰ দাঁতিকাষৰীয়া প্রত্যেক দেশৰে পৰা অহা হেজাৰ হেজাৰ খেলুৱৈ, ক্রীড়ামোদী লোকেৰে ভৰি পৰিছিল।
ইতিহাসমতে, সেইসময়ত অলিম্পিক এমাহ ধৰি অনুষ্ঠিত হৈছিল। এই মাহটোক 'হিয়েৰোমেনিয়া' বোলা হৈছিল। পিছলৈ গ্ৰীচৰ সাম্রাজ্য বাঢ়ি
যোৱাৰ লগে লগে খেল-ধেমালিৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিলে। তেতিয়া অলিম্পিকলৈ
মেচিডিনিয়া আৰু ৰোম সাম্ৰাজ্যৰ বিভিন্ন অংশৰ পৰা প্ৰতিযোগীসকলৰ সোঁত ব'বলৈ ধৰে। দ্বিতীয় শতিকাত ৰোমানসকলে গ্ৰীচ জয় কৰাৰ পিছৰ পৰাই খেল-ধেমালিবোৰো
ক্ৰমাৎ কমি আহিবলৈ ধৰে।
প্রথমেই উল্লেখ
কৰি অহা হৈছে এইখেল-ধেমালিসমূহ জিউছ দেৱতাৰ সন্মানার্থে আয়োজন কৰা হৈছিল। দেৱতালৈ
ভক্তিৰে পূজা অর্পণ কৰাৰ পাছত দৌৰ,
বক্সিং, জাঁপ, মালযুঁজ, ডিছকাছ আৰু যাঠী
দলিওৱা আদি প্রতিযোগিতাৰে খেল আৰম্ভ হয়। বিৰতিৰ সময়ত নাচ, গান, কবিতা আৰু সাহিত্যৰ প্ৰতিযোগিতাও অনুষ্ঠিত
হৈছিল।
প্রতিযোগিতাত
অংশগ্রহণ কৰিবলৈ অহা প্রতিযোগীয়েই এঘাৰ মাহ কঠোৰ অনুশীলন কৰাটো বাধ্যতামূলক আছিল।
একেবাৰে শেষৰ মাহটো অলিম্পিয়াৰ বিচাৰকসকলৰ তত্ত্বাৱধানত প্রশিক্ষণ দিয়া হৈছিল।
তেওঁলোকক অতি কঠোৰ শৃংখলাৰ মাজত ৰখা হৈছিল; দোষ কৰোঁতাসকলক
গুৰুত্বৰ শাস্তি দিয়াতো হৈছিলেই,
কেতিয়াবা আনকি বহিষ্কাৰো
কৰা হৈছিল। অলিম্পিকৰ নীতি-নিয়ম ভংগ নকৰা সর্বশ্রেষ্ট খেলুৱৈসকলকহে প্রতিযোগিতাত
ভাগ ল'বলৈ দিয়া হৈছিল।
বৰ্তমানৰ সময়ত
অলিম্পিকত পুৰুষ-মহিলা উভয়ে অংশগ্রহণ কৰিব পাৰে। কিন্তু তেতিয়াৰ অলিম্পিকত মহিলাক
অংশগ্রহণ কৰিবলৈ দিয়াটো নহৈছিলেই,
আনকি কোনোবাই জুমি
চোৱাটোও গুৰুতৰ অপৰাধ আছিল। এবাৰ ফেৰনিচ নামৰ এগৰাকী মহিলাই পুৰুষৰ বেশ ধৰি
অলিম্পিক খেল উপভোগ কৰিছিল বুলি জনা যায়। সেই ঘটনা উদ্যোক্তাসকলে জনাৰ পিছত
ভৱিষ্যতে যাতে এনে চোৰাং ঘটনা নঘটে তাৰ প্ৰতিকাৰ হিচাপে তেতিয়াৰ পৰাই খেলুৱৈসকলে
শৰীৰত কোনো আৱৰণ নৰখাকৈ খেলত যোগ দিয়াৰ নিময় প্রচলন হ'ল।
অৱশ্যে মহিলাসকলৰ
বাবেও 'হেবিয়া' নামৰ আন এটা
খেল-ধেমালিৰ উৎসৱ আছিল। পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত হোৱা এই ক্রীড়া
প্রতিযোগিতাত যুৱতীসকলৰ এঠেঙীয়া দৌৰ এটাই প্রাধান্য পাইছিল বুলি জনা যায়।
বৰ্তমানৰ
অলিম্পিক প্রতিযোগিতাত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক দিয়া হয়। সেই সময়ত কিন্তু
এই ধৰণৰ পদকৰ প্ৰচলন নাছিল। বিজয়ীসকলৰ একমাত্র বঁটা আছিল জলফাই গছৰ ডালৰ এডাল
মালা। অৱশ্যে এজন প্রতিযোগীয়ে তিনিটা বিষয়ত জয়ী হ'লে তেওঁৰ
প্ৰতিমূর্তিয়ে অলিম্পিয়াত ঠাই পাইছিল। তদুপৰি বিজয়ী প্ৰতিযোগীজন ঘৰলৈ উভতি আহোঁতে
এক বিৰাট জনতাই তেওঁক আগবঢ়াই লৈ আহিছিল আৰু তেওঁ কেতিয়াও নগৰৰ স্বাভাৱিক দুৱাৰেদি
নিজৰ নগৰত প্ৰৱেশ নকৰিছিল। তাৰ পৰিৱৰ্তে নিজ থকা ঠাইৰ ওচৰেদি নগৰৰ চৌহদৰ বেৰ এখন
ভাঙিহে তেওঁক ভিতৰলৈ নিয়া হৈছিল।
অলিম্পিকে গৌৰৱৰ
শীর্ষস্থানত উঠিছিলগৈ খ্ৰীষ্টপূর্ব চাৰিশ বছৰত আৰু তাৰ পিছৰ পৰাইই ক্রমান্বয়ে পৰি
আহিবলৈ ধৰে। এই ক্রীড়া সমাৰোহে একেবাৰে দুৰৱস্থাত পৰিছিলগৈ ৬৬ খ্রীষ্টাব্দত সম্রাট
নিৰোৰ শাসন কালত। ৩৯৩ খ্রীষ্টাব্দত গ'থ জাতিৰ কিছুমান
আক্রমণকাৰীয়ে অলিম্পিয়াৰ মঠ-মন্দিৰসমূহ লুটপাত কৰে আৰু তাৰ এবছৰৰ পিছতেই
খ্রীষ্টধর্মী সম্রাট থিয়দছিয়াছে এইবোৰ খেল-ধেমালি খ্রীষ্টধৰ্মৰ বিৰোধী বুলি বন্ধ
কৰি দিয়ে। এনেদৰেই অলিম্পিকৰ মৃত্যু হ'ল।
আধুনিক অলিম্পিক
প্রথমবাৰ
অলিম্পিকৰ মৃত্যু হ'ল যদিও অলিম্পিক শেষ নহ'ল। ১৮৮৬ চনত 'বেৰণ পিয়েৰ দা কুবাৰ্তিন' নামৰ এজন ফৰাচী উদ্যোগী ডেকাই 'লা ইউনিয়ন দা স্পটছ এথলেটিকছ' নামেৰে এটা সংস্থা গঠন কৰি তাৰ জৰিয়তে ফ্ৰান্সৰ শিক্ষানুষ্ঠানসমূহত শাৰীৰিক
শিক্ষাৰ প্ৰচলনৰ চেষ্টা কৰিছিল। তেওঁ ভাবিছিল, প্রাচীন
গ্রীকসকলৰ অলিম্পিকৰ আদৰ্শতে পৃথিৱীত এখন খেল-ধেমালিৰ প্ৰতিযোগিতা বাৰু অনুষ্ঠিত
কৰিব নোৱাৰিনে?
ইয়াৰ ফলস্বৰূপেই
১৮৯৩ চনত তেওঁ দুর্বনত 'লা ইউনিয়ন দা স্পর্টছ এথলেটিকছ'ৰ এখন সভা অনুষ্ঠিত কৰি তালৈ পৃথিৱীৰ সকলো খেলুৱৈকে আমন্ত্রণ কৰিলে। প্ৰথমবাৰত বিশেষ একো সঁহাৰি পোৱা নগ'ল; কিন্তু ১৮৯৪ চনৰ ১৬ জুনত কুবাৰ্তিনৰ সপোন বাস্তৱত পৰিণত হ'ল। সেইদিনা আমেৰিকা, ইংলেণ্ড, ছুইডেন, স্পেইন, ইটালী, বেলজিয়াম, ৰাছিয়া, গ্ৰীচ আৰু ফ্ৰান্সৰ প্ৰতিনিধিসকল সমবেত হৈ
বিশ্ব ক্রীড়াৰ বিষয়ে আলোচনা কৰিলে। এই সভাত সকলোৱে অলিম্পিক পুনৰ প্ৰতিষ্ঠাৰ বাবে
একমত প্ৰকাশ কৰিলে। ১৮৯৬ চনত এই খেল অনুষ্ঠিত কৰিবলৈ স্থিৰ কৰি এথেন্সতে তাৰ বাবে
স্থান নিৰ্বাচন কৰা হ'ল। সেইবছৰৰ ৬ এপ্ৰিলতে আৰম্ভ হ'ল আধুনিক অলিম্পিক। ইয়াৰ পাছত নানান
পৰিৱৰ্তন-পৰিবৰ্ধনৰ মাজেৰে আহি আধুনিক অলিম্পিকে ১০০ বছৰ অতিক্ৰম কৰিছে অনুষ্ঠিত
হৈছে ২৮ খন অলিম্পিক।
মিচিং অলিম্পিক
অৰ্থাৎ Mising Sports Carnival :
মিচিং অলিম্পিক
হ'ল মিচিঙৰ প্ৰথম ক্ৰীড়া অলিম্পিক। আমাৰ কাৰণে
গৌৰৱৰ বিষয়। ইতিহাসৰ পাতত সদায় জিলিকি থাকিব। আৰম্ভণিত মিচিং অলিম্পিক নামেৰে
নামকৰণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ভাৰতীয় অলিম্পিক সংস্থাৰ পৰামৰ্শ ক্ৰমে মিচিং
অলিম্পিকৰ পৰা Mising Sports
Carnival নামেৰে পুনৰ নামকৰণ কৰা হয়।
প্ৰথমবাৰৰ বাবে
২৫, ২৬ আৰু ২৭ অক্টোবৰ, ২০২৩ চনত জোনাইৰ পবা খেলপথাৰত অনুষ্ঠিত কৰা হয় মিচিং অলিম্পিক। এয়া টাকাম মিচিং পৰিণ কৗবাঙৰ
যুগান্তকাৰী পদক্ষেপ আছিল। ইয়াৰ জৰিয়তে উঠি অহা মিচিং যুৱক-যুৱতীসলৰ
শাৰীৰিক, মানসিক, শৈক্ষিক আৰু বৌদ্ধিক
বিকাশ ঘটিব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস আছিল। যোৱা ২৫ অক্টোবৰ, ২০২৩ তাৰিখে অসমৰ স্বৰ্ণ কন্যা ধিং একপ্ৰেছ হিমা দাসে মিচিং অলিম্পিক শুভ
উদ্ধোধন কৰে। আৰম্ভণিতে মিচিং জাতীয় সংগঠনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ সকলো
জাতীয় ছাত্ৰ সংগঠনক টাকাম মিচিং পৰিণ কৗবাঙৰ দৰে আদৰণীয় কাম কৰি অসমৰ বিভিন্ন
অঞ্চলৰ সম্ভাৱনাময় প্ৰতিশ্ৰুতি সম্পন্ন খেলুৱৈসকলক উলিয়াই আনিবলৈ আহ্বান জনায়।
উদ্ধোধনী অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বিমল বৰাই উপস্থিত থাকি TMPKক প্ৰশংসা কৰে আৰু খেলুৱৈ শসকলক ভালকৈ খেলি ইয়াৰ জৰিয়তে দেশৰ হৈ খেলি নিজক
প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়।
মিচিং অলিম্পিক
অৰ্থাত Mising Sports Carnivalত ১৬ শতকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল।
মুঠ বাৰটা খেলৰ ইভেণ্ট অনুষ্ঠিত কৰা হৈছিল। খেলসমূহ আন্তঃৰাষ্ট্ৰীয় খেলৰ পদ্ধতিৰ
জৰিয়তে অনুষ্ঠিত কৰা হোৱাৰ লগতে নিখুঁতভাৱে খেলসমূহ খেলুৱাবৰ বাবে প্ৰতিটো খেলৰ
ইভেণ্টত জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ অভিজ্ঞ খেল পৰিচালকক নিয়োগ কৰা হয়।
১৬ বছৰ আৰু ১৯
বছৰ শাখাত (ল'ৰা-ছোৱালী দুয়োটা) খেলা প্ৰতিযোগিতাত ক্ৰমে -
1/ Sprints
(Race ) 2/ Discuse Throw 3/Javelin Throw 4/ Shot Put Throw 4/ Long Jump
5/ High Jump 6/ Swimming 7/ Archary 6/ Dogdíg Gíka:mínsunam 7/ Discus
Thro 8/ Half Marathon Marathon ইত্যাদি খেলসমুহ
খেলুৱা হয়। পৰৱৰ্তী সময়ত ইয়াতকৈ অধিক ইভেণ্টত খেলুৱা হ'ব আৰু প্ৰতি বছৰে মিচিং অলিম্পিক খেলিবলৈ সিদ্ধান্ত লোৱা হৈছিল। সেই
সিদ্ধান্তমৰ্মে এইবাৰ গোগামুখত দ্বিতীয়বাৰৰ কাৰণে Mising Sports Carnival টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত ২৮ নৱেম্বৰৰ
পৰা ১ ডিচেম্বৰ ২০২৪ লৈকে অনুষ্ঠিত হয়। এইবাৰ তিনি হাজাৰতকৈ অধিক খেলুৱৈ অংশগ্ৰহণ
কৰাৰ লগতে Events হিচাপে ১৮
টা Events ত আৰু Games হিচাপে ১৩ বিভাগ অন্তৰ্ভুক্ত হৈছে।যোৱাৰ
বছৰতকৈও এইবছৰ বহুত উন্নত বুলিব পাৰি
খেলখনত SODIYA , TINSUKIA , JONAI , SILAPATHAR ,
DHEMAJI , SIVASAGAR , JORHAT , GOLAGHAT , MAJULI , DHAKUAKHANA , LAKHIMPUR ,
BIHPURIA , SONITPUR , DIBRUGARH , GUWAHATI আৰু CHARAIDEO আদিৰ পৰা U- 14 পৰা U- 19 লৈকে প্ৰতিযোগিতাত প্ৰতিযোগিসকলে অংশগ্ৰহণ কৰে।
এইবাৰৰ Opening Ceremony ত মুখ্য অতিথি হিচাপে ভাৰতীয় বক্সাৰ তথা অসমৰ
প্ৰথম অলিম্পিকৰ Bronze Medalist তথা অৰ্জুন বঁটা প্ৰাপ্ত- LOVLINA BORGOHAIN ক নিমন্ত্ৰণ জনায়। এক ডিচেম্বৰ দিনা অৰ্থাৎ Closing Ceremony ত মুখ্য অতিথি হিচাপে
ভাৰতীয় ভাৰোত্তোলক ২০২০ চনৰ টকিঅ’
অলিম্পিকত মহিলাৰ ৪৯ কেজি
প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰা তথা বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ গেমছত
স্বৰ্ণ পদক লাভ কৰোতা আৰু ভাৰত চৰকাৰৰ পদ্মশ্ৰী আৰু মেজৰ ধ্যানচান্দ খেলৰত্ন
সন্মানেৰে সন্মানিত হোৱা CAIKHOM
MIRABHAI CHANU ক নিমন্ত্ৰণ
জনাইছে।
Mising
Sports Carnival ত তেওঁলোকৰ
অংশগ্ৰহণে সৌষ্ঠৱবৃদ্ধি কৰাৰ লগতে এইয়া খেলুৱৈ সকলৰ বাবে সদায় অমৃত অম্লান হৈ
প্ৰেৰণাৰ উৎস হৈ ৰ'ব।
সেইবোৰৰ যোগাৰ
আৰু ব্যৱস্থা কৰোঁতে যিটো পৰিমানৰ টকা-পইচা আৰু চাউল-পাতিৰ খৰছ হয়, সেয়া অন্য এখন সমাজে সপোনতো ভাবিব নোৱৰা এটা
ডাঙৰ বাজেট৷
ওপৰোক্ত প্ৰেক্ষাপটত সেয়া সহজেই অনুমেয়,
মিচিং সমাজখনে
আৰ্থ-সামাজিকভাৱে কস্মিনকালেও ওপৰলৈ যেন উধাব নোৱাৰে৷ তেওঁলোকৰ অৰ্থনীতি বছৰি
বছৰি যিটোধৰণে অধঃপাতে গৈছে, সেইমতে নিজৰ নিয়ম,
পৰম্পৰা আৰু সংস্কৃতিৰ
পৰিৱৰ্তন আৰু সংস্কাৰ কৰিব লাগিব৷
অন্যথা বৰ্তমানৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাটোও বৰ এটা সহজ কথা নহ'ব৷
0 Comments