'Anu Gomug'
বৌদ্ধিক কৰ্ষণ
আৰু সৃজনীমূলক কৰ্মই
ব্যক্তিসত্তাৰ লগতে জাতীয় জীৱনক সমৃদ্ধ কৰে। ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি হৈছে এটা জাতিৰ চানেকি তথা এটা জাতিৰ প্ৰথম পৰিচয়। ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি বোৱঁতী সুঁতিৰ দৰে। যাক কৰ্ষণে
সমৃদ্ধ কৰি ৰাখে। মিচিং-অসমীয়া ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ উৰ্বৰা পথাৰত সৃষ্টিশীল তথা মানুহৰ অনুসন্ধিৎসু মনে বিচাৰে নতুন দিগন্ত। যাৰ বাবে যুগে যুগে চলি
আহিছে বৌদ্ধিক অন্বেষণ-কচৰৎ।
সম্প্ৰতি তথ্য
প্ৰযুক্তিৰ দিন। ইণ্টাৰনেট, ডিজিটেলৰ যুগত
ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতিৰ
কৰ্ষণ, বৌদ্ধিক উত্তৰণ আৰু মানুহক মানুহৰ লগত সংযোগ কৰি মনৰ ভাৱ-কথা
আদান-প্ৰদানৰ বাবে ন ন সামাজিক মাধ্যমৰ বিকাশ হৈছে।
এনে
পৰিপ্ৰেক্ষিতত আমি এই ইণ্টাৰনেট
তথা ডিজিটেল যুগত এক নতুন তথা নিৰপেক্ষ, বলিষ্ঠ ই-আলোচনীৰ জন্ম দিছো। 'Anu Gomug' (The New Voice,
Mising-Assamese Bi-Lingual Online Daily /Portal/e -magazine) অৰ্থাৎ 'নতুন কণ্ঠ'। ইউনিকোডত
প্ৰকাশিত মিচিং-অসমীয়া দ্বি-ভাষিক অনলাইন দৈনিক-প্ৰতিদিন আপডেট ই-আলোচনী। এই 'আনু গমুগ'ৰ জৰিয়তে মিচিং আৰু অসমীয়া ভাষাত ভাষা-সাহিত্য,
কৃষ্টি-সংস্কৃতিৰ কৰ্ষণ আৰু বৌদ্ধিক বিকাশেই মূল উদ্দেশ্য।
জাতিৰ সেৱাত
উচৰ্গিত 'Anu Gomug' ই-আলোচনী জাতিৰ আপোচহীন বলিষ্ঠ কণ্ঠ। সমাজৰ ৰূপান্তৰৰ
দুৰ্বাৰ হাবিয়াস লৈ 'Anu Gomug'ৰ নতুন ৰ'দালিত জন্ম হৈছে। জ্যোতি প্ৰসাদ
আগৰৱালাই কৈছিল- ৰূপান্তৰেহে জগত ধুনীয়া কৰে। আমিও এনে সমাজ ৰূপান্তৰৰ অযুত সপোন বুকুত
বান্ধি 'Anu Gomug'ৰ নতুন যাত্ৰাৰম্ভ কৰিছো। অসমৰ কেঁচা মাটিৰ সুগন্ধি সুবাসৰ সৈতে
সম্পৃক্ত আমাৰ চিন্তা-চেতনা। এক অনামি আৱেগ আৰু স্বজাতিৰ প্ৰতি দায়বদ্ধ চেতনাই
আমাক স্বজাতিৰ সাৰ্বিক বিকাশৰ সমদললৈ হাত বাউলী দি মাতিছে। আমৃত্যু জাতি আৰু
সমাজৰ হকে যুঁজৰ দৃঢ় সংকল্প।
অসমত বহু মনীষী,
বৰেণ্য ব্যক্তিৰ জন্ম
হৈছে। তেওঁলোকে বৌদ্ধিক
কষৰ্ণেৰে ভাষা-সাহিত্য,
কৃষ্টি-সংস্কৃতি আৰু
জাতীয় জীৱনক সমৃদ্ধ কৰি গৈছে। এই চেগতে এই মহান ব্যক্তিসকললৈ আন্তৰিক শ্ৰদ্ধা
নিবেদন কৰিছোঁ।
'Anu Gomug'ৰ পাঠত ভাষা-সাহিত্য চৰ্চাৰ সুস্থ পৰিৱেশ গঢ়
দিয়াৰ লগতে প্ৰতিষ্ঠিত বৰেণ্য লেখকসকলক উচিত সন্মান প্ৰদান কৰা আৰু নতুন লেখক সৃষ্টিৰ প্ৰতি 'Anu
Gomug' দায়বদ্ধ। তদুপৰি জাতীয়
জীৱনৰ সংকটৰ সময়ত 'Anu Gomug'ৰ কণ্ঠ সদায়
নিৰ্ভীকতাৰে ৰাইজৰ পক্ষত থাকি জাতিৰ সেৱা কৰিব।
'Anu Gomug'ৰ এই নতুন
অনিৰুদ্ধ যাত্ৰাত সদাশয় লেখক-লেখিকা আৰু সদৌটি পাঠক ৰাইজৰ আন্তৰিক তথা গঠনমূলক
দিহা-পৰামৰ্শ আমাৰ পৰম কাম্য। আপোনালোকৰ সমৰ্থন আৰু গঠনমূলক দিহা-পৰামৰ্শই আমাৰ
মূলধন আৰু সাহস।
নতুন
চিন্তা-চেতনাৰ উন্মেষেৰে 'Anu Gomug'ৰ ন-কণ্ঠৰ পৃষ্ঠাই আপোনাক অকণমান চিন্তাৰ খোৰাক জন্মাব পাৰিলে আৰু জাতীয় জীৱনক
শিৰ উচ্চ কৰিব পাৰিলেই আমাৰ শ্ৰম আৰু লক্ষ্য-উদ্দেশ্য সাৰ্থক হ'ব।
ANU GOMUG ই-আলোচনীৰ সৈতে
আপোনালোকক সংযোগ কৰিবলৈ ইতিমধ্যে WhatsApp গ্ৰুপ মুকলি কৰা হৈছে। Anu Gomug ই-আলোচনীত Mising Kosag (মিচিং শিতান)ত Gomsar
(প্ৰবন্ধ/নিবন্ধ),
Attég Adnam (বিশেষ লেখা),
Do:déng/Do:míg (গল্প/অণুগল্প),
Mising Mé:tom (মিচিং কবিতা),
Do:yar (উপন্যাস), Leke
Do:ying (লোকসাধু), Mising
Agom Kin-go (মিচিং ভাষা শিক্ষা) আৰু
অসমীয়া শিতানত প্ৰবন্ধ/নিবন্ধ, বিশেষ লেখা,
গল্প, অণুগল্প, অসমীয়া কবিতা, গ্রন্থ আলোচনা, উপন্যাস, পৰিৱেশ প্রকৃতি, সংস্কৃতি পৃষ্ঠা, জীৱনী আৰু নতুন খবৰ শিতান
অন্তৰ্ভুক্ত কৰা হৈছে।
শেষত ANU
GOMUG ই-আলোচনীৰ পৰিয়ালৰ তৰফৰপৰা সকলোকৈকে আন্তৰিক
শুভেচ্ছা জনাইছো। সদাশয় লেখক-লেখিকাই ANU GOMUG ত প্ৰকাশৰ বাবে royalpegu@gmail.com বা ৯৯৫৪৬৩৮৯৬৭ WhatsApp নম্বৰত নিয়মীয়াকৈ লেখা প্ৰেৰণ কৰিবলৈ বিনম্ৰ
অনুৰোধ জনোৱা হ'ল।
আমি আপোনালোক
ৰাইজৰ আশিস প্ৰাৰ্থী। আৰ পি।
0 Comments