এয়েটো জীৱন
✍️ভাস্কৰজ্যোতি
টায়েং
জীৱন মানেনো কি বা জীৱনৰ অৰ্থ কি...? যুগে যুগে বহু
ঋষি মনীষীয়ে জীৱনৰ অৰ্থ সন্ধান কৰি ভিন্ন ভিন্ন ধৰণে সংজ্ঞাবদ্ধ কৰিৰ বিচাৰিছে। কিন্ত কেইটামান শব্দৰে জানো জীৱনক সংজ্ঞাবদ্ধ কৰি পাৰে। কেতিয়াও নোৱাৰি...। ঠিক তেনেকৈ জীৱন সংজ্ঞাৰ
সঠিক উত্তৰ বা স্পষ্ট ধাৰণা হয়তো কাৰোৰেই ওচৰত নাই আৰু কোনেও সঠিকভাৱে দিব নোৱাৰে
জীৱনৰ অৰ্থ। যদিও বহু
ঘটনা-পৰিঘটনা, ঘাত-প্ৰতিঘাত, হাঁহি-কান্দোন, সপোন-দিঠক সুখ-দুখ, প্ৰেম, বিশ্বাস-অবিশ্বাস, স্মৃতি, আশা-নিৰাশা আদি বিভিন্ন সমস্যাৰে সম্পৃক্ত সমাহাৰকেই জীৱন বুলি হয়তো বহুতেই ক'ব খোজে।
কেতিয়াবা কেতিয়াবা নাভাবিৱলগীয়া চিন্তাই মন আৰু জীৱনটোক আগুৰি নধৰেনে বাৰু...! জীৱনটো কি, জীৱনেটা কি হ'ব.. আমি কিহৰ তাড়নাত কিয় জীয়াই আছো ? এইখন ধুনীয়া পৃথিৱীত নিষ্কৰ্মাজনৰ কাম কি...!
জীয়াই থকাৰ অৰ্থই বা কি আছে । এনেবোৰ কিছুমান অমূলক ভাৱনাই কেতিয়াবা আপোনাৰ মনক জুমুৰি নিদিয়েনে বাৰু...! ধনী-দুখীয়া সকলো মানুহেই খাই বৈ জীয়াই থাকে। খাদ্য প্ৰণালী
হয়তো বেলেগ বেলেগ হ'ব পাৰে। মানুহ মাত্ৰেই জীয়াই থাকিবলৈহে খায়,
কিন্তু একাংশই জীৱনত খাবলৈহে জীয়াই আছো বুলিও ক'ব খোজে। কিন্তু খায় বৈ জীয়াই থকাটোৱেই জীৱন হ'ব পাৰি জানো, নিশ্চয় হ'ব নোৱাৰে। মনে মনে অনুভৱ কৰো, আজিৰ দিনত মানুহে জীৱনটো সুন্দৰভাৱে যাপন কৰিব
বিচাৰিলে সকলো গুণৰ অধিকাৰী হ'বলৈ চেষ্টা কৰিব
লাগিব। নজনাটো শিকিবলৈ, নোপোৱাটো পাবৰ
বাবে অসাধ্য হ'লেও সাধন কৰিবলৈ
চেষ্টা কৰে। আকৌ জীৱনত পোৱাটোক লয়ে সন্তোষ্ট হ'ব পাৰিব লাগে। জীয়াই থকা কালত নামে বেনামে সম্পত্তিৰ পাহাৰ গঢ়িবলৈ বহুতে বিচাৰে। কিন্তু ধন-সোণ, সম্পত্তি আহৰণেই মানুহৰ জীৱন কালত সকলো হ'ব নোৱাৰে। জীৱন
কচুপাতৰ পানীৰ দৰে, আজি আছে কালিলৈ নাই। জীৱন থকা কালত সকলোৰে লগত সমাজৰ সৈতে মিলাপ্ৰীতিৰ এনাজৰী ডাল মজবুত নকৰি সদায়
সংঘাতত লিপ্ত হৈ বা এজনে আনজনৰ উত্থান সহিব নোৱাৰি ইজনে সিজনৰ শত্ৰুতা কৰি মানৱীয় গুণসমূহৰ অৱক্ষয় ঘটিলে অকল ধন-সো, বিশাল অট্টালিকা,
পাহাৰ সদৃশ সম্পত্তিৰগৰাকী
হ'লেও মানুহক কেতিয়াও এক
সুন্দৰ তথা সুখী জীৱন যাপন কৰিব
নোৱাৰে।
এনেকৈ খাই বৈ থকাৰ নামেইতো জীৱন নহয় । এনেধৰণৰ বহু চিন্তা ভাৱনাই আন্দোলিত নকৰেনে কেতিয়াবা...? আন্ধাৰৰ শেষত
পোহৰে সদায় অপেক্ষাৰত হৈ থাকে বুলি কয়। ঠিক তেনেধৰে দিন শেষ হ'লে ৰাতি হয়,
আকৌ আন্ধাৰ আঁতৰি যিদৰে
পুৱা সূৰ্য্যৰ কিৰণে পৃথিৱীক গতানুগতিকভাৱে পোহৰ বিলায়। তেনেকৈ মানুহৰ
জীৱনলৈও আন্ধাৰ নামি আকৌ পোহৰ আহে। মানৱ জীৱনত এলেহুৱা মানুহৰ জীৱন অবাবতে পাৰ হয়,
কৰ্মী মানুহৰ জীৱনৰ চানেকি সময়ৰ বালিত থাকি যায়। কৰ্মী মানুহে নিজৰ কৰ্মৰে সপোনক বাস্তৱায়িত কৰে। কৰ্মৰে ৰূপান্তৰ কৰে বিফলতাক
সফলতালৈ। তথাপি কেতিয়াবা আমাৰ জীৱনৰ
সপোনবোৰ সলনি তথা বাস্তৱায়িত নহয় ? কিয় সলনি নহয় আমাৰ জীৱনৰ সময়ৰ ঘড়ী...? জীৱনক লৈ এনেবোৰ
বহু প্ৰশ্নৰ অৱতাৰণা আপোনাৰ মনত নাহে নে বাৰু... ! আচলতে আমি সকলোৱে জীৱনৰ উত্তৰ
বিচাৰি ব্যাকুল হৈ থাকো, কিন্তু কাৰোৰেই ওচৰত নাই জীৱনৰ সঠিক উত্তৰ। জন্ম লৈছো যেতিয়া মৃত্যুও অৱধাৰিত বাবে
আহিব বুলি জানিও জীয়াই থকা জীৱন কালত সকলোৱে প্ৰতিযোগিতাৰ মনোভাৱেৰে মৰিচিকাৰ
পিছে পিছে দৌৰিছো । এই প্ৰতিযোগিতাৰ দৌৰত একাংশই আগবাঢ়িছে আৰু আন একাংশই পিছ পৰি
ৰৈ গৈছে। আগবাঢ়ি যোৱাজনে কয় জীয়াই থকা জীৱনত ভগৱানে যি দিছে তাকে কৰি গৈছো,
ঠিক তেনেধৰনে পিছ পৰি থকাজনেও
বিভিন্ন ঘাত-প্ৰতিঘাত, সুখ-দুখ, অভাৱ-অভিযোগৰ মাজেৰে থাকিও ঠিক
সেই একেই কথাকেই উনুকিয়াই ক'ব খোজে, জীৱনত ভগৱানে আমাক দুখ-কষ্টেৰে জীয়াই থাকিবলৈহে এই পৃথিৱীত জন্ম
দিছে। তেওঁলোকে ভাবে এয়াই জীৱন।
জীৱন এক নুবুজা সাঁথৰ বুলি জানিও আমি দৌৰিছো,
জীৱনত কিবা এটা পোৱাৰ
আশাত দৌৰিছো। অৱশ্যে জীৱনটোৱেই এটা যাত্ৰা বুলিব পাৰি। আমি অভিৰাম গতিত মাথো যাত্ৰা
কৰি আছো। কেতিয়াবা ভাৱ হয়, গভীৰতা থকা নদীৰে আমি সকলোৱে টুলুঙা নাৱেৰে
যাত্ৰা কৰিছো দূৰ দিগন্তলৈ।
জীৱনৰ যাত্ৰা কালৰ এই দৌৰ প্ৰতিযোগিতাত আমি বহুজনক
লগ পাইছো আৰু বহুজনক হেৰুৱাইছো। কিছুমানে পোৱাৰ উল্লাসত ফুৰ্তি তামাচাত বিলীন হৈছে
আৰু আন বহুতেই নোপোৱাৰ বেদনাত ককবকাই ফুৰিছে। তদুপৰি জীৱনৰ সফলতা-বিফলতা, হাজাৰ দুখ-কষ্ট, অভাৱ, লাঞ্ছনা, ভৰ্ৎসনা, প্ৰৱঞ্চনাৰ বলি হৈয়ো বহুলোকে জীৱনৰ সৈতে যুঁজি যুঁজিও জীয়াই থাকিবলৈ সক্ষম
হৈছে আৰু জীয়াই থকাৰ মাদকতা বিচাৰি পাইছে। সঁচাই জীৱনটো নিজৰ। অলপ আশা-অলপ সপোন লৈ, জীৱনত সুখী হ'ব পৰাটো আচল কথা। সঁচাই জীৱনটো নিজৰমতে যাপন কৰি সুখী আৰু সফল হ'ব পৰাটো আচল কথা। তাতে আছে জীৱনৰ মাদকতা, হয়তো 'এয়েটো জীৱন'।
0 Comments