Opín,
Ope:, Érang ৰ
ব্যৱহাৰিক বিভ্ৰান্তি
ডাঃ বিদ্যেশ্বৰ দলে
মিচিং সমাজত পৰম্পৰাগতভাৱে চলি
অহা মিচিং ভাষাৰ তিনিটা বিশেষ শব্দ— Opín (অপৃন), Ope: (অপেঃ) আৰু Érang (অৗৰাং)৷ এই তিনিটা শব্দৰ ব্যৱহাৰ/প্ৰয়োগক লৈ
মতৰ ভিন্নতা দেখা যায়৷ এনে ভিন্নতা দেখা দিয়াটো নিতান্তই স্বাভাৱিক৷কাৰণ এইবোৰ ঠাই বিশেষে/খেল বিশেষে কিছু বেলেগ বেলেগ অৰ্থত
ব্যৱহৃত হৈ আহিছে ৷উদাহৰণ স্বৰূপে উল্লেখ
কৰিব পাৰি যে খেৰকটা অঞ্চল(উজনি খণ্ড)ৰ লোকসকলে Érangক ঘৰমুৰি পৰিয়ালৰ অৰ্থত
ব্যৱহাৰ কৰে৷যেন—i) Sé oko érangén ? এইটো
কি পৰিয়াল/অৰ্থাৎ কি উপাধিৰ পৰিয়ালৰ ঘৰ? ii) Sé Dole: érangé, এইটো
দলে পৰিয়ালৰ ঘৰ,
iii) Sé éra:sé tani:yé kamang, এই
ঘৰটোত মানুহ নাই ৷
ইপিেন Ope:ক বংশ-গোটৰ অৰ্থত ব্যৱহাৰ
কৰা হয়৷ যেনে—i)
Sé ope:sok tani:yé aidag, এই
বংশৰ মানুহবিলাক ভাল, ii) Sé ope:sokké ainé ammé abako lending, এই
পৰিয়ালটোৰপৰা বহুত ভাল মানুহ ওলাইছে৷ ii) Buluk Ope:dém appíngé aipé mé:dag, তেওঁলোকৰ পৰিয়ালটোক
সকলোৱে ভাল পায় ইত্যাদি৷
আনহাতে খেৰকটা অঞ্চল(উজনি খণ্ড)ৰ মিচিং মানুহবিলাকে Opín শব্দটো পূৰ্বতে বৰকৈ ব্যৱহাৰ
নকৰিছিল ৷আনকি ইয়াক কি অৰ্থত
ব্যৱহাৰ হয় তাকো ভালকৈ নাজানিছিল৷ সেয়ে কেতিয়াবা ইয়াৰ মানুহে অন্য কিছু ঠাইলৈ যাওঁতে
কোনো কোনোৱে—
Nok opíné okkon? বুলি সোধিলে তপৰাই উত্তৰ
দিবলৈ অপ্ৰস্তুত হৈছিল৷কাৰণ opín মানে কিহক বুজায় তাক তেওঁলোকে ভালকৈ নাজানিছিল৷
অৱশ্যে কথাটো ভালকৈ বুজাই দিয়াৰ
পিছতহে আচল কথাটো বুজি লৈ সঠিক উত্তৰটো দিছিল৷ যেনে 'Ngo Dole: auwo', মই
দলে
(উপাধিৰ)
ল'ৰা ৷ তেনেকে কথাবোৰ চলি আছিল৷
পিছলৈ যেনিবা কথাটো লাহে লাহে জানিব পাৰিলেগৈ৷
মন কৰিবলগা যে সম্প্ৰতি বিশেষ পৰিৱেশ
পৰিস্থিতিৰ প্ৰেক্ষাপটত উক্ত তিনিটা শব্দৰ ব্যৱহাৰ বৰকৈ হ'ব ধৰিছে৷ বিভিন্ন সভা-সমিতি/সংগঠন
ওলোৱাত সিবিলাকক একো একোটা নাম দিবল'গা হৈছে৷কিন্ত কি নাম দিলে
যথোপযুক্ত হ'ব তাক ভালকৈ ক'ব নোৱাৰি জোনে যেনেকৈ
ভাবিছে/ভাল পাইছে তেনেকে দি লৈছে আৰু ব্যৱহাৰ কৰি গৈছে৷ ফলত কোনোবাই কিবা এটা
সংগঠনৰ বাবে দিয়া নামটো সিজনৰ বাবে মনঃপুত হোৱ নাই৷ তাক লৈ মতান্তৰ ঘটিছে তথা
যুক্তিবাদো হৈছে৷ হ'বৰেই কথা ৷কাৰণ সেইবোৰৰ
বাবে আমাৰ তেনে কোনো appropriate শব্দ
থিতাতে পাবলৈ নাই৷সেয়ে বহুতেই নিজৰ নিজৰ ভাবেৰে অমুকটো ল'লে ভাল হ'ব বা ঠিক হ'ব বুলি মতামত দিছে তথা ল'ব লাগে বুলিও পৰামৰ্শ
আগবঢ়াইছে ৷মনকৰিবলগীয়া যে যোৱা কিছু বছৰত আমাৰ বহুতো বংশ-পৰিয়ালে বংশভিত্তিক সংগঠন খুলি সিবিলাকক Opín kébang বুলি নামকৰণ কৰি
লৈছিল৷যেনে Pe:gu Opín Kébang, Mili Opín kébang, Kaman Opín kébang ইত্যাদি৷এইদৰে চলি আছিল৷
কিন্তু এনেতে এটা কথা আহি পৰিল যে আমাৰ জাতীয়
সংগঠনবোৰক কি বুলি কোৱা হ'ব৷ অৰ্থাৎ 'জাতি/জাতীয়' শব্দৰ মিচিং পৰিভাষা কি হ'ব? তেতিয়া কনো কোনোৱে
জাতি/জাতীয় শব্দটোৰ মিচিং পৰিভাষা হিচাপে Opín শব্দটোক ব্যৱহাৰ কৰিব
ধৰিলে৷ যেনে মিচিং বাঃনৗ কৗবাং/মিচিং আগম কৗবাং/মিচিং দৃৰবৃ কৗবাং/TMPK/TMMK/MMK আদিক 'মিচিং জাতীয় সংগঠন' বুলি
লিখিবলৈ যাওঁতে 'Mising Opín Kébang' লিখিবলৈ ল'লে৷ দুই এজনে ইয়াৰ
গ্ৰহণযোগ্যতা সম্পৰ্কে প্ৰশ্ন তুলিছিল যদিও সেইটো নৰজিল৷কাৰণ
তাৰ বাবে অন্য এটা appropriate Mising পৰিভাষা ওলিয়াব পৰা নাছিল৷
কোনোৱে 'Réngam/Ope: আদিৰ কথাও কৈ চাইছিল৷কিন্ত
সেইবোৰো গৃহীত নহ'ল৷সেয়ে সম্প্ৰতি 'জাতি/জাতীয়'ৰ পৰিভাষা হিচাপে Opín টোৱেই ব্যৱহৃত হৈ আছে৷হয়তো আন
এটা appropriate শব্দ নোলোৱালৈকে ই ব্যৱহৃত
হৈ থাকিব ৷এতিয়া প্ৰশ্নটো হৈছে যদি Opínক 'জাতি/জাতীয়'ৰ পৰিভাষা ৰূপে গ্ৰহণ কৰা হয় তেতিয়া বংশ-পৰিয়ালৰ মিচিং পৰিভাষা হিচাপে কি
লোৱা হ'ব তাক ঠিক কৰিব লাগিব ৷কাৰণ এটা
পৰিভাষাকে জাতি/জাতীয় আৰু
বংশ-পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিবলে বিভ্ৰান্তিৰ সৃষ্টি হ'ব৷ খেলিমেলি হ'ব৷ আনহাতে Ope: আৰু Érangৰ ব্যৱহাৰক লৈও মতপাৰ্থক্য
দেখা গৈছে৷ এনেকে মত প্ৰাৰ্থক্য
ঘটাও অস্বাভাৱিক নহয়৷যিহেতু এইবোৰ বেলেগ বেলেগ ঠাই বেলেগ বেলেগ সমাজত অলপকৈ হ'লেও বেলেগ বেলেগ ভাৱ/অৰ্থত
ব্যৱহৃত হৈ আহিছে৷কিছু খোকোজা লাগিবই৷ সেই কাৰণে Érang আৰু Ope: কিহত প্ৰযোজ্য হ'ব তাক ভালকৈ বিচাৰ-বিবেচনা
কৰিলৈহে প্ৰয়োগ কৰা উচি হ'ব৷
এটা কথা উল্লেখ্য যে
এনেবোৰ কথা social mediaত ব্যক্তিগত ভাব/চিন্তা
প্ৰকাশ কৰি আলোচনা কৰি থকা হৈছে৷ এইবোৰত হয়তো ভাল কথাও আলোচিত হৈছে ৷ কিন্ত এনেকৈ
আলোচনা কৰাৰ পাছত কিবা এটা সিন্ধান্তত উপনীত
হোৱাও দেখা নাযায়৷ফলত এনেবোৰ আলোচনা-বিলোচনা অথলে গুচি যায়৷ কাৰণ এইবোৰ informal আলোচনাহে; কোনো বিশেষ সংগঠনৰ bannerত দায়িত্বশীল লোকৰ
তত্ত্বাৱধানত হোৱা আলোচনা নহয়, কাৰণে ইয়াত কোনো authoritative সিদ্ধান্তও ল'ব পৰা নাযায়৷ আমি দেখি
আহিছোঁ যে আজিকালি বিশেষ বিশেষ উপলক্ষৰ বাবে অতি সঘনাই ব্যৱহৃত অসমীয়া বা ইংৰাজী
শব্দৰ মিচিং পৰিভাষা নাই৷ ফলত এটা শব্দকে ওৰাই ঘূৰাই কেইবাটাও ভাব-উদ্দেশ্যত
ব্যৱহাৰ কৰি থকা হয় ৷যিটো বৰকৈ বিৰক্তিকৰ ৷এইটোৱেই ভাষাটোৰ বিকাশ
সাধনৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা প্ৰদান কৰা নিষ্ঠা আৰু গুৰুত্ব কিমান তাকেই
প্ৰতিফলিত কৰে ৷
এনে অৱস্থাৰ
পৰিপ্ৰেক্ষিতত এটা কাম কৰিলে ভাল হ'ব বুলি ভাব হয় ৷যিহেতু মিচিং আগম কৗবাঙে সময়ে
সময়ে workshop পাতি gomnu তৈয়াৰ কৰি আহিছে৷ সেয়ে গোটেইবোৰ নোৱাৰিলেও যিবোৰ
শব্দ সঘনাই ব্যৱহাৰ কৰিবলগা হয় সেইবোৰৰ সকলো প্ৰাসংগিক
দিশ সুক্ষ্মভাৱে বিচাৰ-বিশ্লেষণ কৰি সেইবোৰৰ মিচিং পৰিভাষা অগ্ৰাধিকাৰভিত্তিত
প্ৰস্তুত কৰি লোৱা বাঞ্ছনীয়। এনে কৰাটো মিচিং ভাষাৰ
বিকাশ সাধনৰ ক্ষেত্ৰত সহায়ক হ'ব৷ যিবোৰ পৰিভাষা নতুনকৈ তৈয়াৰ কৰা হয় সেইবোৰক যথা সময়ত ৰাইজক অৱগত
কৰা উচিত৷ আৰু সেইবোৰৰ গ্ৰহণযোগ্যতাক সহজ আৰু নিশ্চিত কৰিবলৈ প্ৰয়োজন হ'লে বাঃনৗ কৗবাঙৰ সতে
আলোচনা কৰি কাৰ্যকৰী ব্যৱস্থা ল'লে ফলপ্ৰসূ হ'ব বুলি আশা কৰিব পাৰি।
0 Comments