Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

শুভেচ্ছা বাৰ্তা

 


শুভেচ্ছা বাৰ্তা


প্ৰতি,

শ্ৰদ্ধাৰ সম্পাদকমণ্ডলী

Anu Gomug ই-আলোচনী।জনাই।

Anu Gomug দ্বি-ভাষিক ই-আলোচনীৰ শুভাৰম্ভ ২৯ নৱেম্বৰ ২০২৪ ত জনাই প্ৰেছ ক্লাবত হব বুলি জানিব পাৰি নথৈ সুখী অনুভৱ কৰিছো। সাম্প্ৰতিক সময়ৰ লগত সামঞ্জস্য ৰাখি দ্বি-ভাষিক মিচিং আৰু অসমীয়া ই-আলোচনী প্ৰকাশৰ উদ্যোগ লোৱাটো অতিশয় প্ৰশংসনীয় বুলি ভাবো। আশা কৰিছো আনু গমুগে পাঠক সমাজৰ সমাদৰ আদৰণীয় ই-আলোচনী ৰূপে প্ৰতিষ্ঠা লাভ কৰিব। আনু গমুগ'ৰ সম্পাদক মণ্ডলীয়ে এই ই-আলোচনীখন পঢ়াৰ লগে লগে মনৰ খোৰাক পুৰাবলৈ এক গ্ৰন্থ অধ্যয়নৰ বৌদ্ধিক কচৰৎ কৰিবলৈ বহ পাঠকে উৎসাহ উদ্দীপনা যোগাব বুলি ধাৰণা কৰিছো। এয়া হব আনু গমুগ'ৰ গ্ৰন্থ অধ্যয়নৰ বাবে মৌন আন্দোলনৰ অনবদ্য অৱদান।

আশা কৰিছো আনু গমুগ'ৰ সম্পাদক মণ্ডলীয়ে তৎপৰতাৰে ই-আলোচনীখনৰ বৈশিষ্ট্য অম্লান ৰূপত সজীৱ কৰি ৰাখিব। আনু গমুগ'ৰ শুভাৰম্ভৰ পৱিত্ৰ ক্ষণত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

 

সৰ্বেশ্বৰ পেগু

গুৱাহাটী -৭৮১০২২

তাৰিখ-২৮/১১/২০২৪

Post a Comment

0 Comments