Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

ANU GOMUG ই-আলোচনী নিঃকিন নিছলা সমাজৰ অতন্দ্ৰ প্ৰহৰী হওক

 


ANU GOMUG ই-আলোচনী

নিঃকিন নিছলা সমাজৰ অতন্দ্ৰ প্ৰহৰী হওক

 

ডাঃ বিদ্যেশ্বৰ দলে

 

'জাতিৰ সেৱাত উচৰ্গিত' আগালিৰে সজোৱা নাতিদীৰ্ঘ সম্পাদকীয়ৰে শোভিত ANU GOMUG‌‌ ই-আলোচনীৰ উদ্ধোধনী সংখ্যাটো সুন্দৰ হৈছে৷ সুবিন্যস্ত সম্পাদকীয়টোত অনুচ্ছেদ অনুযায়ী বৰ্ণিত কথাবোৰে আলোচনীখনৰ অন্তৰ্ভাগত বিজৰিত বিভিন্ন সাহিত্য সম্ভাৰৰ আভাস প্ৰদান কৰিছে৷ আৰু লগতে উদ্ভাসিত হৈছে আলোচনীখনৰ সামগ্ৰিক চিন্তা-দৰ্শন৷ যিয়ে পিছলৈ আলোচনীখনৰ গতি ধাৰাৰ দিকদৰ্শক হিচাপে কাম কৰিব।

জাতিৰ সেৱাত উচৰ্গিত ANU GOMUG ই-আলোচনীৰ সাৰোগত লক্ষ্য-উদ্দেশ্য সাধনৰ সংগ্ৰামত  লেখক-লেখিকা, পাঠক-পাঠিকা সকলোৱে সহযোদ্ধা হ' বুলি আশা কৰা যায় ৷ নহ'লে অকল সম্পাদকমণ্ডলী আৰু গোষ্ঠীভুক্ত সদস্যসকলৰ দ্বাৰা এনে মহান উদ্দেশ্য সাধন কৰা সম্ভপৰ নহয় ৷ সেইটো সাধিবলৈ হ'লে এই মঞ্চটোক সদ্ব্যৱহাৰ কৰিব লাগিব৷ অপ্ৰিয় হ'লেও এটা কথা নকৈ নোৱাৰি যে এনেবোৰ social media সহজলভ্য দেখি বহুতেই অপব্যৱহাৰ কৰা দেখা যায় এইটো ঠিক যে প্ৰয়োজন সাপেক্ষে বিষয় বিশেষৰ পৰ্যালোচনা/সমালোচনাও কৰিব লাগিব ৷ কিন্তু পৰ্যালোচনা/সমালোচনা কৰাৰ নামত অনৰ্থক বিতৰ্ক কৰি থকা, অশালীন মন্তব্য দিয়া, অপ্ৰাসংগিক বিষয়বস্তু অনাৱশ্যকভাৱে টানি আনি বিতৰ্কত লিপ্ত হৈ সময় নষ্ট কৰা আৰু পৰিৱেশ বিনষ্ট কৰাৰ মানসিকতা/প্ৰৱণতা পৰিহাৰ কৰা নিতান্তই বাঞ্ছনীয় আশাকৰোঁ সম্পাদকমণ্ডলীয়ে এই দিশটোৰ প্ৰতি চোকা দৃষ্টি ৰাখিব। প্ৰান্তীয়  ভূমি জ'নাই-মুৰ্কংচেলেকৰ সেউজী বুকুত জন্ম লভা ANU GOMUG ই-আলোচনী মিচিং আৰু অসমীয়া ভাষা-সাহিত্যৰ কৰ্ষণ-মন্থনৰ উৰ্বৰা মঞ্চ হৈ উঠিব বুলি আমাৰ বিশ্বাস৷

নব্য ধ্যান ধাৰণাৰে উদ্বুদ্ধ এই ANU GOMUG ই-আলোচনীখনে আমাৰ নিঃকিন নিছলা সমাজখনৰ অতন্দ্ৰ প্ৰহৰী হওক৷

এই আশা আৰু শুভেচ্ছাৰে

 

ডাঃ বি দলে

জনাই৷ ০২/১২/২৪

Post a Comment

0 Comments