Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

প্ৰসংগ : আলি-আঃয়ে লৃগাং আকৌ ৰাজ্যিক বন্ধ নাপালে দ্বিতীয় বৃহৎ মিচিং ৰাইজে

 


প্ৰসংগ : আলি-আঃয়ে লৃগাং

আকৌ ৰাজ্যিক বন্ধ নাপালে 

দ্বিতীয় বৃহৎ মিচিং ৰাইজে

ৰয়েল পেগু

২০২৫ বৰ্ষৰ ৰাজ্যিক বন্ধৰ তালিকা আনুষ্ঠানিকভাৱে ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ'ল। কিন্তু এইবাৰো অসমৰ‌ দ্বিতীয় সৰ্ববৃহৎ মিচিং ৰাইজে লৃগাঙৰ দিনা নাপালে ৰাজ্যিক বন্ধ। অসমৰ দ্বিতীয় বৃহৎ জনজাতীয় জনগোষ্ঠী মিচিংসকলৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিবলৈ দীৰ্ঘ বছৰ ধৰি মিচিং ৰাইজে চৰকাৰৰ ওপৰত দাবী জনাই আহিছে। অসমৰ‌ অন্যতম ভূমিপুত্ৰ খিলঞ্জীয়া মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণাৰ দাবীৰ ঐতিহাসিক গুৰুত্ব আছে। ভূমিপুত্ৰ মিচিংসকলৰ স্বকীয় জনজাতি বৈশিষ্ট্য সম্পন্ন নৃগোষ্ঠী। এই জনগোষ্ঠীটো স্বকীয়, ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি, লোকাচাৰ, পৰম্পৰা, ঐতিহ্যৰে সমৃদ্ধ যদিও সম্প্ৰতি বিশ্বায়নৰ কৱলত অস্তিত্ব বিপন্ন হৈ পৰিছে। ভূমিপুত্ৰ কৃষিজীৱী মিচিংসকলৰ আলি-আঃয়ে লৃগাং কৃষি ভিত্তিক জাতীয় উৎসৱ। লৃগাং মিচিং জাতি পৰিচয় আৰু অস্তিত্বৰ বাৰ্তা বাহক। আলি-আঃয়ে লৃগাঙত প্ৰতিভাত হৈ মিচিংসকলৰ স্বকীয় তথা বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতি, লোকাচাৰ, পৰম্পৰা, ঐতিহ্য। উল্লেখযোগ্য যে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰি এসপ্তাহলৈ মাংগলিক আৰু সাংস্কৃতিক কাৰ্যসূচী অব্যাহত থাকে। সেয়ে ফাগুন মাহৰ প্রথম বুধবাৰে অৰ্থাৎ লৃগাঙৰ দিনা ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধ দিয়াৰ দাবী জনাই আহিছে।

     ৰাজ্য চৰকাৰে আলি-আঃয়ে লৃগাঙৰ দিনাটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা নকৰি মিচিং জাতিক চৰম প্ৰতাৰণা কৰিছে। এইখন গেৰুৱা চৰকাৰে মিচিং ৰাইজক প্ৰতাৰণা কৰাৰ বিপৰীতে ষঠ পূজা, ভাতৃ দ্বিতীয়া, কৰম পূজা, টুচু পূজা আদিক চৰকাৰী ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি দি আহিছে। ষঠ পূজা, ভাতৃ দ্বিতীয়া, কৰম পূজা, টুচু পূজা আদিক চৰকাৰী ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব পাৰে তেন্তে আলি-আঃয়ে লৃগাঙত কেৱল এঘাৰখন জিলাতে কিয় সীমিত বন্ধ দিব লাগে? ই মিচিং ৰাইজক ললিপ দিয়াৰ বাহিৰে একো নহয়। ভূমিপুত্ৰ মিচিঙক বাৰম্বাৰ বঞ্চিত তথা প্ৰতাৰণা কৰা কিমান দিনলৈ চলিব? চৰকাৰে মিচিঙক মাহী আইৰ দৃষ্টি চাই কেৱল এঘাৰখন জিলাতে লৃগাঙৰ বন্ধ দিয়াক মিচিং ৰাইজে মানি‌ ল'ব পৰা নাই।

      মিচিং জনগোষ্ঠীয়ে দীর্ঘদিন ধৰি জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ দিনা ৰাজ্যিক বন্ধ দিয়াৰ বাবে দাবী উত্থাপন কৰি আহিছে। কিন্তু দুর্ভাগ্যৰ বিষয় আজি পর্যন্ত কোনো এখন চৰকাৰে ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙৰ দিনটো ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। ভূমিপুত্র মিচিং জনগোষ্ঠী হৈছে অসমৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনগোষ্ঠী। ২০১১ চনৰ লোকপিয়ল অনুসৰি মিচিং জনগোষ্ঠীৰ জনসংখ্যা ৬,৮৭,৮৩৬ জন। বর্তমান সময়ত এই জনসংখ্যা বৃদ্ধি হৈ প্রায় ৯-১০ লাখ হ'ব। এই বৃহত্তৰ জনসংখ্যাৰ জনজাতি হিচাপে মিচিং ৰাইজে স্বকীয় ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, পৰম্পৰা, কৃষ্টি-সংস্কৃতি, দৈনন্দিন জীৱন শৈলী এই আটাইখিনি প্ৰচাৰ-প্ৰসাৰত সহযোগ হোৱাকৈ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাঙত সমগ্র অসমত চৰকাৰী বন্ধ দিয়াৰ বাবে দাবী উত্থাপন কৰি আহিছো যদিও বর্তমান সময়লৈকে চৰকাৰে জাতীয় উৎসৱৰ দিনা ৰাজ্যিক ভিত্তিত বন্ধ দিয়া নাই। বিপৰীতে কেৱল মিচিং অধ্যুষিত অঞ্চল হিচাপে ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া আদি এঘাৰখন জিলাতে সীমিত বন্ধ ঘোষণা কৰিছে। চৰকাৰে এঘাৰখন জিলাত বন্ধ দি মিচিং জাতিক চৰম উপহাস কৰিছে। চৰকাৰে এনে মিচিং জনজাতি বিৰোধী সিদ্ধান্ত মিচিং ৰাইজে কোনো কাৰণতে মানি ল'ব নোৱাৰে। যি সময়ত চৰকাৰে মিচিং জনগোষ্ঠীতকৈও কম জনসংখ্যাৰ লোকসকলৰ বাবে ৰাজ্যিক ভিত্তিত চৰকাৰী বন্ধ ঘোষণা কৰিছে। তেনে ক্ষেত্রত ভূমিপুত্র মিচিং জনগোষ্ঠীৰ লোকক চৰম অন্যায় কৰা হৈছে।

    অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীয়ে মিচিং জনজাতিৰ পৰম্পৰাগত জাতীয় উৎসৱত অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰাৰ লগতে মিচিংসকলৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতি, পৰম্পৰা আদি প্ৰচাৰ-প্ৰসাৰত সহায়ক হয় তাৰ বাবে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং উপলক্ষে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনটো ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰা, মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ আলি-আঃয়ে লৃগাং উৎসৱ সম্পর্কে প্রাথমিক বিদ্যালয়ৰ পাঠ্যপুথি সন্নিৱিষ্ট কৰাটো সমযৰ‌ আহ্বান। কিন্তু আজি মিচিং জাতিৰ পৰিচয়, অস্তিত্ব তথা কৃষ্টি-সংস্কৃতিৰ সংকটৰ সময়ত চৰকাৰৰ অৱহেলাৰ‌ দৃষ্টিভংগী কাৰো কাম্য নহয়। স্ব-জাতিৰ কৃষ্টি-সংস্কৃতি, আৱেগ-অনুভূতি, লক্ষ্য-উদ্দেশ্য পাহৰি কৰি কেৱল গাদী দখলৰ ৰাজনীতি পৰিণাম সময়ত ভয়াবহ হ' পাৰে।

'বাইল : ৯৯৫৪৬৩৮৯৬৭

Post a Comment

0 Comments