লেকদা ৰিগচুয়েকো
(আকৌ এবাৰ ল'গ হ'ম)
(মিচিং সমাজ-জীৱন আধাৰত ধাৰাবাহিক উপন্যাস)
(দ্বিতীয় খণ্ড)
তোষেশ্বৰ মিৰি
আগৰৱালাৰ
অৰণ্যৰ পৰা ভাহি আহিছে চৰাই-চিৰিকটিৰ কিচিৰি-মিচিৰি
মাত। লগতে উত্তাল চিয়াঙৰ কোলাহল। চৌকাপাশে পুৱাৰ ৰূপালী ৰ'দৰ জিলিঙণি। ওৰে
ৰাতি বিহু মৰাৰ পাছত সকলোৱে যেন ক্লান্তহীন। ধলপুৱাতে মুৰ্কং গাঁওখন আকৌ ব্যস্ত হৈ
পৰিছে। তথাপি অন্যদিনৰ দৰে আজি ব্যস্ত হোৱা নাই। কাৰণ আজি গাঁওখনত গেনা। ডেকাজাক
চিকাৰলৈ যাব। লাহে লাহে যাঠি-জোং, ধেনু-কাঁড় আৰু
য়গপা লৈ মুৰং ঘৰত সমবেত হ'ব ধৰিছে। মনতুমে
মুৰঙৰ বাকৰিত কিবা-কিবি বুজাই আছে। গাভৰুজাকো মুৰঙৰ চোতাল চাফ-চিকুণত ব্যস্ত। সিহঁত ডেকাজাকক চিকাৰলৈ ভালকৈ যাবলৈ শুভেচ্ছা
যাচিছে। মতুমক গামে চিকাৰৰ নেতৃত্ব প্রদান কৰিছে। মনতুম এজন নামজ্বলা চিকাৰী।
শাৰীৰিকভাৱেও যথেষ্ট শক্তিশালী। হাত-ভৰিবোৰ চুটি-গাথলু।
তেওঁ যিদৰে বনৰ মাজেদি দৌৰিব জানে সেইদৰে গছ-পাহাৰ বগোৱাতো ভীষণ পাকৈত। খৰস্রোতা চিয়াং নৈখনক হেলাৰঙে সাঁতুৰি পাৰ কৰিব পাৰে। দেখিবলৈও বৰ সুন্দৰ। মুখত এচিটা
লালেং লৈ আছে। লালেঙৰ ৰঙে বগা ওঁঠ পাৰিক ৰঙা কৰি পেলাইছে। ওঁঠৰ
কোণেদি ৰঙা পিক নিগৰি আহিছে। মচিব ধৰোতে গোটেই মুখমণ্ডল ৰঙা হৈ পৰিছে। তাকে দেখি
গাভৰুজাক মিচিক-মাছাককৈ হাঁহিছে। গাভৰুজাক কিয় হাঁহিছে কাৰণটো মনতুমে কিন্তু অলপো
ধৰিব পৰা নাই। সেয়ে দৌৰি গৈ বনৰীয়া হাতীৰ খোঁজত জমা হৈ থকা পানীত নিজৰ মুখখনি
চালে। তাৰ পাছতহে মনতুমে বুজি পালে গাভৰুজাকৰ হাঁহিৰ কাৰণ। হাঁহি হাঁহি মুখত বিয়পি
পৰা ৰঙা ৰংবোৰক ধুই পেলাইছে। কিছু সময় পাছত তেওঁলোক অৰণ্যৰ বুকুলৈ অগ্ৰসৰ হ'ল। অৰণ্যৰ গভীৰ বুকুত তিনি ভাগত ভাগ হ'ল। মনতুমৰ দলটো পাহাৰীয়া জুৰিটিলৈ নামি গ'ল। পাহাৰৰ বহু তলেদি জুৰিটো বৈ গৈছে। তলীটো
কিছু সমতল যদিও ডাঙৰ ডাঙৰ শিল ভৰি আছে। বনৰীয়া জীৱ-জন্তু পানী খাবলৈ ইয়ালৈ
প্রায়ে নামি আহে। গতিকে পাহাৰীয়া জুৰিটিলৈ নামি যোৱা দলটো ডাঙৰ ডাঙৰ শিলৰ আঁৰ লৈ
পানী খাবলৈ নামি অহা বন গাহৰিজাক অপেক্ষা কৰি থাকিব লাগিব। আনটো দল বন গাহৰি থকা
চোং বিচাৰি উলিয়াব আৰু শেষৰ দলটো বন গাহৰিবোৰক পাহাৰৰ তলীলৈ খেদি পঠিয়াব লাগিব।
কথামতে সকলো ভাগে ভাগে অগ্ৰসৰ হ'ল। মনতুমৰ দলটো
সৰু বাট এটাৰে নামি গ'ল। নিজৰাটো পোৱাৰ
আগতে প্রকাণ্ড শিল দুটা আছে। শিল দুটা অতিক্রম নকৰাকৈ নিজৰাটোলৈ নামিব নোৱাৰে। গতিকে ঠাইডোখৰক মনতুমে চিকাৰ ধৰাৰ কাৰণে বাচি ল'লে। শিল দুটাৰ মাজত গাত এটা আছে। বিপদ হ'লে গাতটোত দুজনমান সোমাই আত্মৰক্ষা কৰিবলৈ
সুবিধাজনক। কিন্তু মনতুমৰ দলটোত ছজন সদস্য আছে। বাহিৰত চাৰিজন থাকি যাব। তেওঁলোকৰ
কাৰণে বৰ বিপদজনক হ'ব। এনেয়ে বনৰীয়া
গাহৰি বৰ হিংস্র। সেয়ে বাকী সদস্যবোৰ যিমান পাৰে শিল
দুটাৰ আঁৰ হৈ নিজক লুকাই ৰাখিবলৈ চেষ্টা কৰিলে। কাৰণ বিপদ হ'লে পলাবলৈ অলপো সুযোগ নাই। চাৰিওফালে থিয়
শিলাময় গৰাহ। বগাই উঠিব পৰাকৈ গছ-লতাও নাই। মুঠতে আত্মৰক্ষাৰ সুযোগ সমূলি নাই। এনেতে
বন গাহৰিক চোঙৰ পৰা উলিয়াই অনা দলটোৰ চিঞৰ গভীৰ অৰণ্যৰ পৰা
ভাহি আহিব ধৰিছে। গতিকে মনতুম সষ্টম হ'ল কাৰণ যিকোনো মুহূৰ্তত বন গাহৰিজাক তেওঁলোকৰফালে দৌৰি আহিব পাৰে।
ইপিনে হাবিৰ পৰা ভাহি অহা চিঞৰটো ক্ৰমাৎ ওচৰ চাপি আহিব ধৰিছে। হঠাতে গুৰ্ গুকৈ
শব্দ কৰি বন গাহৰিবোৰ দৌৰি আহি জুৰিটোৰফালে নামিব খোজিছে। মনতুমে লগে লগে সকলোকে
প্রকাণ্ড শিলটোৰ কাষত ভেজা দি লুকাই থাকিবলৈ ক'লে। কথামতে সকলোৱে নিজ নিজ স্থানত এনেকৈ থিয় হ'ল যাতে বন গাহৰিৰ চকুত নপৰক। তাপাছত প্রত্যেকে
হাতত যাঠি-জোং আৰু ধেনু কাঁড় ল'লে। মনতুমেও
সোঁ-ভৰিটো সম্মুখৰ শিল এটাত ৰাখি ওপৰলৈ উঠি যোৱা ঠেক বাটটোলৈ দৃষ্টি নিবন্ধন কৰিলে। বাটটো সংকীর্ণ আৰু অকোঁৱা-পকোৱা। গছৰ
ডাল-পাতেৰে আবৃত্ত। পোহৰ যথেষ্ট ক্ষীণ, ছায়া-মায়া। দূৰৰ পৰা সহজে মনিব নোৱাৰে। হেটুলুকা চৰাই এটা চিঞৰি চিঞৰি উৰি
গৈছে। মনতুমে লগৰ কেইজনক ফুচফুচাই ক'ব ধৰিলে- বন গাহৰিজাক নিশ্চয় নামি আহিব ধৰিছে। নহ'লে এনেকৈ হেটুলুকা চৰাই নিচিঞৰে। সঁচাকৈ ঠেক
পাহাৰীয়া বাটেদি বন গাহৰি এজাক নামি আহিছে। বতাহত কিবাকিবি শুঙি শুঙি আগবাঢ়িছে।
সম্ভৱতঃ বিপদৰ গোন্ধ পাইছে। এনেতে মনতুমৰ সন্মুখত বন গাহৰি এটা। শৰীৰৰ আধা গছৰ
ডাল-পাতে ঢাকি ৰাখিছে। সেয়ে ভালকৈ মনিব পৰা নাই। তথাপি নোমবোৰ চকুত পৰিছে।
তামবৰণীয়া। মনতুমে থিৰাং কৰিলে যে সেইটো এটা প্রকাণ্ড মতা বন গাহৰি। নাকেৰে
ফুচফুচকৈ শব্দ কৰি কিবা এটা শুঙিবলৈ যত্ন কৰিছে। সম্ভৱতঃ বিপদৰ গোন্ধ পাইছে। এই
চেগতে লগৰ কিজন তীক্ষ্ণ কাঁড় উলিৱাই মাৰিবলৈ উদ্যত হ'ল। কিন্তু মনতুমে ৰবলৈ ইংগিত দিলে। অৱশেষত
প্রকাণ্ড শিলটোৰ কাষত আহি গাহৰিটো ৰৈ পিছলৈ এবাৰ চাইছে। এইবাৰ মনতুমেও ধেনুৰ
গুণডাল টানিব ধৰিছে। মনতুমৰ দুবাহুৰ মাংস পেহীবোৰ ফুলি উঠিছে। যাতে লক্ষ্যভ্রষ্ট
নহয়। তাৰ কাৰণে যিমান পাৰি সিমান জুৰত টানিলে। কাঁড়ডাল বন গাহৰিটোৰ বুকুলৈ নিক্ষেপ
কৰিব লওঁতে মনতুমৰ চকুত পৰিল সৰু পোৱালী এটা। মনতুম ৰৈ গল। কাঁড়ডাল লাহেকৈ আকৌ চপাই
আনিলে। লগৰবোৰৰ চকু-মুখত অসন্তষ্টিৰ ভাৱ। এনেতে পোৱালীটো মাকৰ গাখীৰ খাবলৈ যত্ন
কৰিছে। মাকক আগলৈ যাব দিয়া নাই। বুকুৰ ফালৰ পৰা আগচি ধৰি থেলি ৰখাবলৈ যত্ন কৰিছে।
কিন্তু মাকে বিপদৰ গোন্ধ পাই অস্থিৰ হৈ পৰিছে। নাকেৰে ফুচ্ ফুচ্কৈ শব্দ কৰি
আগবাঢ়িব খোজিছে। কিন্তু পোৱালীটো আঁকোৰগোজ। মাকক আগবাঢ়িব দিয়া নাই। মাক আৰু
পোৱালীটোৰ মৰমলগা দৃশ্যটোক দেখি মনতুমৰ চকুহাল চলচলীয়া হ'ব ধৰিল। হাত দুখন নিজে নিজে নিষ্ক্রীয় হৈ আহিল।
ধেনুকাঁড়টো আপোনা-আপুনি সৰি পৰিল। কিন্তু লগৰবোৰে এনে সোনালী সুযোগ এটা অনাহকত
হেৰুওৱাব খোজা নাই। গতিকে মনতুমক ফুচফুচাই ক'ব ধৰিছে- কি চাই আছ। পলাই যাব। মাৰ-মাৰ। কিন্তু
মনতুম নির্বিকাৰ। তাৰ এনে অৱস্থা দেখি মেনতিনে হাতত থকা যাঠি পাত নিক্ষেপ কৰিবলৈ
উদ্দ্যত হ'ল। মনতুমে হাতত
ধৰি বাধা দি ক'লে- মেনতিন তেনে কাম নকৰিবি। লগত পোৱালী আছে। তাক চিকাৰ কৰাটো মহা পাপ। মনতুমৰ কথা
শুনি মেনতিন নির্বাক হৈ চাই থাকিল। এটা সময় নদী সিপাৰৰ অৰণ্যত মাক আৰু পোৱালীটো
নেদেখা হ'ল। মনতুমে অৱশেষত
স্বতিৰ নিঃশ্বাস এৰিলে। তাৰ পাছত অন্য এটা চিকাৰৰ বাবে অপেক্ষা কৰিব
ধৰিলে। বহুসময় পাছতো পহু অহাৰ উম-ঘাম নাই। লাহে লাহে বেলিও লহিয়াব ধৰিছে। শুদাহাতে
কেনেকৈ উভতি যাব! সুযোগ এটা পাইছিল কিন্তু তাকো এৰি দিলে। চিকাৰ নাপালে সকলো দোষ এতিয়া
তাৰ ওপৰত জাপি দিব পাৰে। কথাবোৰ ভবাৰ লগে লগে মনতুমৰ মনটো হাহাকাৰ কৰি উঠিল। এনেতে
পাহাৰ ওপৰৰ পৰা চিঞৰ এটা ভাহি অহা শুনিলে। মনতুমৰ মনটো আনন্দেৰে ভৰি
পৰিল। কাৰণ শেষবাৰৰ কাৰণে সুযোগ এটা আহিব পাৰে। মনতুমে সকলোকে সষ্টম হৈ থাকিবলৈ
ইংগিত দিলে। প্রকাণ্ড শিল এটাৰ কাষত ধেনু-কাঁড়টোক এনেদৰে সাজু কৰি থলে যাতে যিকোনো
চিকাৰ তেওঁৰ লক্ষ্যৰ পৰা সাৰি যাব নোৱাৰে। অধীৰ অপেক্ষাৰ অন্তত ঠেক বাটেদি
নিজৰাটোলৈ বন গাহৰি এটা নামি অহা মনতুমৰ চকুত পৰিল। মাজে মাজে ৰৈ ইফালে-সিফালে চাইছে। নামিব খোজিও থমকি ৰৈছে। হয়তো বিপদৰ গোন্ধ পাইছে। পাহাৰৰ
ওপৰৰ পৰা ভাহি অহা হুলস্থুল ক্রমান্বয়ে ওচৰ চাপি আহিছে। বন গাহৰিটো নাকেদি ফুচ ফুচ শব্দ কৰি ফেৰ পাতিছে। এনেতে গাহৰিটো হঠাতে সন্মুখত
উলাই আহিল। মুখত তীক্ষ্ণ দুডাল দাঁত। পাহাৰৰ ওপৰৰ পৰা লুংলুঙীয়া বাটেদি বিজুলী
বেগেৰে নামি আহিছে। মনতুমৰ দৃষ্টি বন গাহৰিটোৰ ওপৰত। সুযোগ পালেই তীব্র গতিত উৰি
যাব ধাৰাল ধনু কাঁড়। কিন্তু গাহৰিটো দীঘলীয়াকৈ গোৰগোৰাব ধৰিলে। শত্রুক আক্ৰমণ
কৰিবৰ সময়ত এনেকৈ শব্দ কৰে। সেই কথা মনতুমে ভালকৈ জানে। গতিকে শব্দটো শুনা মাত্রে মনতুম
সর্তক হ'ল। বিপদ হ'লে হঠাতে উঠিব পৰাকৈ আশে-পাশে গছ আছে নেকি চাব
ধৰিলে। নাই এজোপাও নাই। কেৱল ওখ ওখ শিল। আত্মৰক্ষাৰ কোনো সুযোগ নাই। খেদি আহিলেই
তীক্ষ্ণ কাঁড়েৰে বুকু ভেদ কৰিব লাগিব। অন্যথা বিপদত পৰিব পাৰে। আশংকা কৰাৰ দৰে
মনতুমে লক্ষ্য কৰিলে বন গাহৰিটো গুলীৰ দৰে উৰি আহিছে। মনতুমে বন গাহৰিটোৰ বুকুলৈ লক্ষ্য কৰি শৰীৰৰ সমস্ত শক্তিৰে ধেনুৰ গুণ টানিলে। তাৰ
পাছত চকুমুদি কাঁড়ডাল এৰি দিলে। লক্ষ্য ভ্রষ্ট নহ'ল। ভীষণ আর্তনাদ কৰি বন গাহৰিটো জুৰিটোৰফালে
দৌৰি গ'ল। পাছে পাছে
মেনতিন, চয়ংহঁত খেদি গ'ল। কিন্তু আহত বন গাহৰিটো এনেকৈ উভতি খেদি
আহিল। কোনোমতে প্রকাণ্ড শিল এটাত উঠিহে প্রাণ ৰক্ষা
কৰিলে। আহত বন গাহৰিটো পলাই যাব নোৱাৰিলে। ঠাইডোখৰৰ আকৃতি এটা বাতিৰ ভিতৰ ভাগটোৰ
দৰে। যথেষ্ট পিচল। ওপৰৰ পৰা নিজৰি নিজৰি বৈ অহা নিজৰাটো গোটেই ঠাইডোখৰ সেমেকা আৰু
পিছল কৰি পেলাইছে। বন গাহৰিটো শিল এটাৰ বেৰত আউজি কঁপি কঁপি থিয় হৈ আছে। মাজে মাজে
খঙত নাকেৰে শব্দ কৰি আছে। সেইটোক দেখি লগৰবোৰ পাহাৰৰ এঢলীয়া বাটেদি নামি আহিব
খোজিও থমকি ৰ'ল। চয়ঙে চিঞৰি
চিঞৰি এজনকো পাহাৰৰ তললৈ নামি আহিবলৈ মানা কৰিলে। মনতুমে ভাল কাঁড় এডাল চুঙাৰ পৰা
উলিয়াই বান জুৰিবলৈ চেষ্টা কৰিছে যদিও পৰা নাই। কাৰণ শিলটোত ছজন মানুহ কোনোমতে
খামোচি আছে। এজনো নামিব নোৱাৰে। গতিকে মনতুম কোনোমতে শিলটোৰ ওপৰলৈ বগাই উঠিল।
চিচাঙেও ওপৰৰ পৰা চিঞৰি চিঞৰি কৈছে-সাৱধান হবি। বন গাহৰিটো ভয়ংকৰ হিংস্র। তাৰ পশু
শিঙীয়া দাঁত দুডাল তীক্ষ্ম। কোনেও নানামিবি। মাৰি পেলাব। ভয়তে য'ত যেনেকৈ পাৰে সকলো আত্মৰক্ষা কৰিছে। কিন্তু
মনতুম কাৰো কথালৈ লেশমানো ভ্রক্ষেপ কৰা নাই। মাথোঁ ধেনু-কাঁড় জুৰি হাতত সাৰে ভৰিত সাৰে আগবাঢ়িছে। তাৰ সপ্রতীভ দুচকুত অজানিতে ভাহি
উঠিছে দেউতাৰ ৰত্তাক্ত দেহৰ ছবি। কাণ দুখনত বাজি উঠিছে মাকৰ হিয়া ধাকুৰি কান্দোন।
প্রতিশোধৰ তীব্র বাসনা। তাৰ মন ক্রমাৎ অশান্ত হৈ উঠিছে। হাত-ভৰি কঁপিব ধৰিছে।
প্রায় দহ বছৰ আগৰ ঘটনা। মনতুম দহ কি বাৰ বছৰ বয়স হৈছিল। তাৰ দেউতাৰ নাম আছিল
তাকীৰ। এজন দক্ষ চিকাৰী। সমাজৰ আগৰণুৱা ব্যক্তি। মাকৰ নাম ৰকমী। বৰ কৰ্মপটু। তাতঁ
বোৱাত পাকৈইত। সেই কাৰণে মাইকী মানুহৰ মাজত ৰকমী জনপ্রিয়। কিন্তু ৰকমীৰ জীৱনলৈ হঠাতে নামি
আহিছিল অমানিশা। কাৰণ এদিন তাৰ স্বামী তাকীৰ চিকাৰলৈ গৈ ক্ষত-বিক্ষত হৈ আহিছিল।
তাকীৰৰ মৃতপ্রায় শৰীৰটোক লগৰবোৰ ডাংকোলা কৰি আনি চোতালত শুৱাই থৈছিল। ৰকৰ্মীয়ে
মনতুমক বুকুত সাৱটি লৈ ইনাই-বিনাই কান্দিছিল। তাইৰ
হিয়াভগা কান্দোনে গাঁওবাসীক কন্দোৱাইছিল। মনতুমে দেউতাকৰ অৱশ শৰীৰটোক ভেবা লাগি
মাথোঁ চাইছিল। হয়তো তেওঁ জনা নাছিল-তাৰ চেনেহৰ দেউতাক যে আৰু এই পৃথিৱীত নাই বুলি। বহু বছৰৰ পাছত মনতুমে জানিছিল যে প্রকাণ্ড বন গাহৰি এটাৰ সতে
যুঁজি দেউতাকৰ অকাল মৃত্যু হৈছিল বুলি। তাৰ দেউতাকৰ মৃত্যু সাধাৰণ নাছিল বুলি
গাঁৱৰ মানুহে ভাবিছিল। বন দেৱতাৰ কুপ দৃষ্টি পৰাৰ কাৰণে মৃত্যু হৈছিল বুলি গাঁওবাসীয়ে বিশ্বাস কৰিছিল।
সেয়ে তেনে মৃত্যু গাঁৱৰ বাবে অমংগলজনক। বন দেৱতাৰ খঙৰ পৰা ৰক্ষা পাবলৈ পৌগাং মৌনাম (প্রেতাত্মা খেদা) খেদি গাঁৱৰ বাহিৰ কৰি দিব লাগিব। গামে পৌগাং মৌনাম কৰিবলৈ নিৰ্দ্দেশ দিলে। সেইমতে তাকীৰৰ
মৃত্যু হোৱা পাঁচদিনৰ পাছত এদিন গধূলি প্রেতাত্মা খেদাৰ আয়োজন হ'ল। সেইদিনা মুর্কং গাঁৱলৈ নামি আহিছিল অভাৱণীয় নীৰৱতা।
ঘৰৰ দুৱাৰ-খিড়িকী বন্ধ কৰিছিল। বাচন-বর্তন সকলো ঢাকি পেলাইছিল। চিদ্র এটাও থাকিব
দিয়া নাছিল। আনকি চুঙা পর্যন্ত সোপা দি বন্ধ কৰিছিল। গাঁৱৰ মানুহৰ ভয় আছিল যে বেয়া আত্মা কেনেবাকৈ গাঁৱত থাকি যাব পাৰে। গাঁৱৰ মানুহে তাকীৰৰ দৰে নেতা এজনক এনেকৈ শেষ বিদায় দিব এক্কেবাৰে বিচৰা নাছিল।
কিন্তু উপায় নাছিল। কাৰণ প্রেতাত্মা গাঁওখনৰ কাৰণে অমংগলজনক।
কিন্তু সেই কথাই মনতুমৰ মনত বৰ দুখ দিছিল। ডাঙৰ হ'লে এদিন বন গাহৰিটোক প্রতিশোধ লোৱাৰ মনোবাঞ্চা
পুহি ৰাখিছিল। সেই বন গাহৰিটো এতিয়া মনতুমৰ নিচেই
সন্মুখত। চিনাক্ত কৰাত অলপো অসুবিধা হোৱা নাই। কাৰণ বাওঁফালৰ কাণখন নাছিল। দেউতাকে
খুঁজোতে দাৰে কাটি পেলাইছিল। বন গাহৰিটোক দেখা মাত্রে মনতুমৰ মন ঘৃণাৰে ভৰি পৰিল।
চৰম প্রতিশোধ ল'বলৈ সাজু হ'ল। কিন্তু বন গাহৰিটোৰ কেৱল
মুখখনহে উলাই আছে। গোটেই শৰীৰটো গাতত সোমাই আছে। কিবা প্রকাৰে উলিয়াই আনিব লাগিব।
মনতুম কিছু সময় চিন্তা কৰিলে। তাৰ পাছত শিলটোৰ পৰা বগাই নামি আহিল। লগে লগে তাগেনে
বন গাহৰিটোৰ গাটো লক্ষ্য কৰি ফর্মুতি মাৰি পঠিয়ালে। নাকেৰে ফুচ্ ফুচকৈ শব্দ
কৰি বিজুলী বেগেৰে মনতুমক লক্ষ্য কৰি খেদি আহিল। তেনেকুৱা সুযোগ এটাৰ কাৰণে মনতুম
ইমান পৰ অপেক্ষা কৰি আছিল। শৰীৰৰ সমস্ত শক্তিৰে ধেনু-কাঁড়টো গাহৰিটোৰ বুকুৰ পিনে পোনালে। ওপৰৰ পৰা সকলোৱে চিঞৰিছে- মাৰ মাৰ চাই
নাথাকিবি। তোকো মাৰি পেলাব। তোৰ দেউতাক এই গাহবিটোৱে মাৰিলে। মনতুম হাত-ভৰি কঁপিব ধৰিলে। চকু মুদি কাঁড়ডাল মাৰি পঠিয়ালে। বন
গাহৰিটোৰ বক্ষ ভেদ কৰিলে। ঠাইতে প্রকাণ্ড গাহৰিটো বাগৰি পৰিল। আনন্দত সকলোৱে অৃৰই অৃৰই বুলি জয়ধ্বনি দিব ধৰিলে। সিহঁতৰ জয়ধ্বনিত নিজান
নিস্তব্দ পাহাৰটো কঁপি উঠিল। মনতুমৰ দুচকুৱেদি দুধাৰি আনন্দৰ লোতক বৈ আহিল। কাৰণ
অৱশেষত পিতৃহন্তাৰ পোতক ল'বলৈ সক্ষম হ'ল। মৰা বন গাহৰিটোক ডেকা দ'লে কান্ধত ভাৰ কৰি গাঁৱলৈ যাত্রা কৰিলে। আগত যোবা ডেকাজাকে মনতুমক কান্দত লৈ আগবাঢ়িল। সু-বার্তাটো গামক জনাবলৈ মেনতিন গাঁৱলৈ
লৰ মাৰিলে। লাহে লাহে পশ্চিমৰ আকাশ কমলা বৰণীয়া হ'ব ধৰিছে। ঝিলীৰ মাতবোৰ তীক্ষ্ণ হ'ব ধৰিছে। চেঁচা
বতাহ এজাক গা-মন চুই গৈছে। সোনকালে আন্ধাৰ নামি আহিব পাৰে। প্ৰকাণ্ড বন গাহৰিটো
যথেষ্ট গধুৰ। বহুতে ফোঁপাব ধৰিছে। গতিকে সাল-সলনিকৈ ভাৰ লৈছে। তথাপি ডেকাজাকৰ চকু-মুখত
অলপো ক্লান্তিৰ ভাব নাই। সকলোৰে মনত অপাৰ আনন্দ। গোটেই বাটছোৱা কেৱল হাঁহি-ফুর্তি
কৰি আহিছে। কাৰণ ইমান ডাঙৰ বন গাহৰি এটা পোৱাটো মুৰ্কং গাঁৱৰ কাৰণে সৌভাগ্যৰ কথা।
মনতুমক বীৰৰ সন্মান দি ডেকাজাকে লৈ আনিছে। ছয়া-ময়া পোহৰত লুংলুঙীয়া বাটটো হেৰাই
যাব ধৰিছে। চিচাঙ চিন্তিত হৈ পৰিছে। বেলি ডুবাৰ আগতে বনৰীয়া কলৰ হাবিডৰা পাৰ কৰিব
লাগিব। সেই ঠাইডোখৰ বনৰীয়া হাতীৰ বিচৰণ ভূমি।
এনেতে তাকাৰে চিঞৰিব ধৰিলে- সৌবা চোৱা ধোঁৱা
দেখিছো। আমি নিশ্চয় গাঁৱৰ ওচৰ পাইছোঁ। বেছি সময় নালাগিব। মুর্কং গাঁৱৰ মানুহে জানে কেতিয়া গাঁও পাবহি লাগে। কাৰণ
তেওঁলোকৰ জীৱন প্রকৃতিৰ বুকুতে লালিত-পালিত। আন্ধাৰ নামি আহিলেই হিংস্র
বন্যপ্রাণীবোৰ উলাই আহে। গতিকে বেলি মাৰ যোৱাৰ লগে লগে দুবৰিয়ে গাঁৱলৈ প্ৰৱেশ
কৰিবলৈ ব্যৱহাৰ কৰা দুৰ্গৰ বিশাল আকৃতিৰ দুৱাৰখন বন্ধ কৰে। দুৱাৰখন এলা-পেচা দুবাৰ
নহয়। বাঁহ আৰু কাঠেৰে বিশেষভাৱে সু-সজ্জিত। বন্ধ আৰু খুলিবলৈ প্রায় ১০০ জন
সন্তৰি আছে। গতিকে চিচাঙে সকলোকে দূৰ্গৰ দুৱাৰ বন্ধ কৰাৰ আগতে যিকোনো উপায়েৰে গৈ
পাব লাগিব বুলি সর্তক কৰি দিলে। তীব্র গতিত লুংলুঙীয়া বাটেদি আগবাঢ়িল।
বন্যপ্রাণী মুখামুখি হোৱাৰ ভয়ত সকলোৱে যিমান পাৰে ডাঙৰ ডাঙৰকৈ কথা পাতি আগবাঢ়িল।
দুৰ্গৰ মুখ্য প্রবেশদ্বাৰত গাঁৱৰ সকলো মানুহ অপেক্ষাৰত। সন্ধিয়া পৰলৈকে আহি নোপোৱাত উৎকণ্ঠা বাঢ়িব ধৰিছে।
গামৰ মুখমণ্ডলত দুঃচিন্তাৰ ভাব পৰিস্ফুট। আন্ধাৰত বিলীন হ'ব ধৰা দীঘলীয়া বাটটোলৈ চাই আছে। এনেতে নীৰিক্ষণ
চকীত উঠি থকা চন্তৰী এজনে চিঞৰিব ধৰিলে-আহিছে, আহিছে। চিঞৰি চিঞৰি কথা কোৱা শুনিবলৈ পাইছোঁ। সকলোৱে লুঙলুঙীয়া বাটৰ পৰা ভাহি অহা মাতটোক শুনিবলৈ যত্ন কৰিছে। মাতবোৰ ক্ৰমাৎ ওচৰ
চাপি অহাৰ লগে লগে আনন্দত গাঁওবাসীয়ে উকিয়াব ধৰিলে। আদৰি আনিবলৈ সকলো দৌৰি দৌৰি
আগুৱাই গ'ল। গামে দৌৰি
যোৱা মানুহবোৰক মাথোঁ তধা লাগি চাই থাকিল। লাহে লাহে দুৰ্গৰ দুৱাৰলৈ সকলোকে আদৰি অনা হ'ল। গামে মনতুম আৰু ডেকা দলপতি চিচাঙক গাচেং
পিন্ধাই আদৰিলে। গাঁওবাসীয়ে জয়ধ্বনি দিছে। নিমিষতে মুর্কং গাঁও মুখৰ হৈ উঠিছে। তাৰ পাছত শোভাযাত্ৰা কৰি ডেকাজাকক
লৈ মুৰং অভিমুখে অগ্ৰসৰ হ'ল। দুৱৰিবোৰ লগে লগে বিশাল দুৱাৰখন বন্ধ কৰিলে।
গাঁওবাসীৰ হাতে হাতে জ্বলি উঠিল জুইৰ শিখা। আন্ধাৰত ডুবিব ধৰা গাঁওখন চকুৰ পলকতে
পোহৰে আৱৰি পেলালে। মুৰং পোৱা মাত্রে বন গাহৰিকটো গামৰ হাতত অর্পণ
কৰিলে। মনতুম আৰু ডেকা দলপতি চিচাংক মুৰঙৰ সোঁ-মাজত বহিব দিয়া হ'ল। গণ্য-মান্য
ব্যক্তিসকল মুৰঙৰ পূবফালে বহিল। মাইকী মানুহবোৰক পশ্চিমফালে বহিব দি মিবুৱে মনতুমৰ সৰ্বশৰীৰত
বিনপুঙ (এবিধ চাউল) আৰু খুন্দি অনা আদা চটিয়াই চটিয়াই মন্ত্র মাতিলে। তাৰ পাছত দনে
পিন্ধালে। কাণ দুখনত কঁপাহ গুঁজি দিলে। শেষত ৰঙা বৰণৰ ৰিবি গাচেঙেৰে গাটো ঢাকি
দি পূজা আৰম্ভ কৰিলে। মুৰঙৰ মাজত থকা চৌকাত দপ্ দকৈ
জুই জ্বলি আছে। জুইৰ পোহৰত মুৰং ঘৰ উজ্বলি উঠিছে। লাহে লাহে ঠাণ্ডাৰ প্রকোপ
বৃদ্ধি পাব ধৰিছে। কিছুমানে হাত-ভৰি সেকিছে। এটা
সময় মিবুৱে পূজা-পার্বন শেষ কৰিলে। এজাক ডেকাই মনতুমক ঘৰলৈ থৈ আহিব ওলাল। কিছুমানে
মনতুমৰ ঘৰত ওৰে ৰাতি পহৰা দিবলৈ ৰৈ আছে। মনতুম চাং ঘৰত উঠাৰ লগে লগে মাকে
পৰম্পৰাগত ৰীতি-নীতিৰে শান্তি পানী চতিয়ালে। মাকৰ দুচকুৱেদি নিগৰি অহা দুধাৰি লোতক
মচি দি মনতুমে মাকক শান্ত্বনাৰ সুৰত ক'ব ধৰিলে- মাঁ আজিহে মোৰ মনত অপাৰ শান্তি। পিতাইৰ হত্যাকাৰীক হত্যা কৰিলো। অ'ত বছৰ বুকুত কঢ়িয়াই লৈ ফুৰা
প্ৰতিশোধৰ দাবানল নির্বাপিত হ'ল। মনতুমে মাকৰ
কোলাত সৰু কেঁচুৱাৰ দৰে শুই পৰিল। মাকে মূৰে-কঁপালে
আলফুলে হাত বোলাব ধৰিলে।
ক্রমশঃ
মবাইলঃ ৯৯৫৪২৮৩৩৪৭
0 Comments