Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

মিচিং স্প'ৰ্টছ কাৰ্নিভেল, গোগামুখ-২০২৪ লাভলীনাৰ সপোন আৰু ভাষণ...

 


মিচিং স্প'ৰ্টছ কাৰ্নিভেল, গোগামুখ-২০২৪

লাভলীনাৰ সপোন আৰু ভাষণ...

 

দুষ্যন্ত নৰহ

 

গোগামুখৰ জপনা খুলি

এজাক সপোন পাহি

দূৰৈৰ পৰা জাকপাতি

আহিছে উৰা মাৰি...

একে একে দুই

দুই-একে তিনি

এদিন-দুদিনকৈ খেলি

গাঁৱৰ জপনা খুলি

সিহঁত এদিন বিশ্ব জিনিব

আইৰ মুখত এধানি হাঁহি বিৰিঙাব...

 

গোগামুখত মিচিং অলিম্পিকৰ দ্বিতীয় সংস্কৰণে মিচিং স্প'ৰ্টছ কাৰ্নিভেল হিচাপে আত্মপ্ৰকাশ ঘটিছে। মিচিং স্প'ৰ্টছ কাৰ্নিভেল পূৰ্বৰ মিচিং অলিম্পিক নামটোতকৈ অধিক গ্ৰহণ যোগ্যতা আছে। বিশ্বৰ দেশসমূহৰ মাজত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অলিম্পিক খেল অনুষ্ঠিত হৈ আহিছে। তেনেস্হলত এই অলিম্পিকৰ নামত খেল অনুষ্ঠিত কৰাত কিছু হয়তো বাধা থাকিব পাৰে। এনে প্ৰতিবন্ধকতা দূৰ কৰাৰ উদ্দেশ্যে মিচিং অলিম্পিক মিচিং স্প'ৰ্টছ কাৰ্নিভেল হ'ল। কাৰ্নিভেলৰ অভিধানিক অৰ্থ হ'ল আনন্দ-উৎসৱ।‌ সেয়ে বহুতেই হয়তো ক'ব খোজে ক্ৰীড়াক আনন্দ-উৎসৱৰ সৈতে সাঙুৰ খোৱাটো উচিত হোৱা নাই। ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহত অপেনিং আৰু ক্লজিং চেৰিমনিত নানান নৃত্য-গীতৰ পয়োভৰ হোৱা দেখা যায়। অৱশ্যে ক্ৰীড়াৰ প্ৰাংগনত অনুষ্ঠিত হোৱা সেই নৃত্য-গীতসমূহে দৰ্শকসকলৰ লগতে খেলুৱৈসকলৰ মনোবল অধিক বৃদ্ধি কৰি আহিছে। উৎসৱে মানুহক মনত আনন্দ দিয়ে, শান্তি-সম্প্ৰীতিৰ বতৰা কঢ়িয়াই আনে। এই আনন্দই মানুহৰ মনত শক্তি আৰু প্ৰেৰণা দিয়ে। এইটো ফালৰ পৰা ক'ব পাৰি যে ক্ৰীড়াৰ সৈতে উৎসৱক সামৰি লোৱাটো সময়ৰ দাবী।‌ এই দাবীক আমি অস্বীকাৰ কৰিব খুজিলেও সাম্প্ৰতিক সময়ে অস্বীকাৰ কৰিব নোখোজে।‌ সেয়ে সময়ৰ সৈতে সুৰ মিলাই আমি ক'ব পাৰোঁ সম্প্ৰতি ক্ৰীড়াও এক উৎসৱ। 

মদ-ভাং, ড্ৰাগছৰ প্ৰতি অধিক আসক্তি হৈ উঠাত একাংশ যুৱক লক্ষ্যৰ পৰা বিচলিত হৈ পৰিছে। আই-পিতাইৰ দুচকুত চকুলোঁ বোৱাই এনে এচাম যুৱকৰ জীৱনৰ বেলি আধাতে মাৰ গৈছে আৰু তেনে এচাম যুৱক সমাজৰো ক্ৰমাৎ বোজা হৈ পৰিছে। এনে সন্ধিক্ষণত ক্ৰীড়াৰ উৎসৱে চকুৰ সমুখত ভাঁহি থকা এনে ক্লেদাক্ত পৰিৱেশবোৰ আঁতৰাই মনৰ পদূলি শুৱনি কৰা মিষ্ট সুবাসেৰে আবৃত্ত নিৰ্মেঘ আকাশৰ এচপৰা শুভ্ৰ ডাঁৱৰৰ বতৰা সমাজৰ বুকুলৈ নিশ্চিতভাৱে কঢ়িয়াই আনিব।

TMPK ৰ উদ্যোগত ধেমাজি জিলাৰ গোগামুখত মিচিং স্প'ৰ্টছ কাৰ্নিভেল ২৮, ২৯, ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰ তাৰিখে চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আছে। এই ক্ৰীড়া কাৰ্নিভেলত ১৬ খন জিলাৰ ৩,০০০ খেলুৱৈ ১৮ টা ইভেণ্টত অংশগ্ৰহণ কৰিছে। সীমিত সা-সুবিধাৰ মাজতো TMPK ৰ নেতৃবৃন্দই দিন-ৰাতি একাকাৰ কৰি বিভিন্ন ইভেণ্টসমূহ অনুষ্ঠিত কৰিব পৰাকৈ গোগামুখৰ কেইবাখনো খেলপথাৰ অস্থায়ীভাৱে প্ৰস্তুত কৰি তুলিছে। বিশেষকৈ মূল প্ৰৱেশদ্বাৰৰ সহিতে গোগামুখ উচ্চতৰ মাধ্যমিক খেলপথাৰত ভলীবল, কাবাডী; গোগামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আৰ্চাৰী, বেডমিণ্টন; মহৰীকেম্প ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ফুটবল, নাহৰবাৰী ৰেগৃ-ৰেগামত চুইমিং, গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত এথলেটিক্সৰ বিভিন্ন ইভেণ্টসমূহ অনুষ্ঠিত কৰিব পৰাকৈ খেলপথাৰসমূহ উদ্যোক্তামণ্ডলীয়ে আটকধুনীয়াকৈ সজাই তুলিছে। তদুপৰি তিনি হাজাৰ খেলুৱৈ একেলগে থাকিব পৰাকৈ মইনাপাৰাৰ দ:ঞি-প:ল হাইস্কুলৰ প্ৰাংগনত গেম ভিলেজ নিৰ্মাণ কৰে। জিলা ভিত্তিত খেলুৱৈসকল সুকীয়াকৈ থকিব পৰাকৈ আবাস কোঠালীৰ লগতে মহিলা খেলুৱৈসকলৰ বাবে এক সুকীয়া আবাস আটোমটোকাৰীকৈ সজাই-পৰাই দিয়ে। একপ্ৰকাৰ গোগামুখ এতিয়া উখল-মাখল, চৌপাশে বিজুলী চাকিৰ আলোড়ন।‌এজাক সপোন ঢল হৈ নামি গোগামুখৰ কেনভাছত আঁকি উজ্বলাই তুলিলে খেল মহাৰণ।

লাভলীনাৰ সপোন আৰু ভাষণ

শুভাৰম্ভণি অনুষ্ঠানত অলাম্পিক পদক বিজয়ী অসম কন্যা লাভলীনা বৰগোহাঁইৰ অংশগ্ৰহণে মিচিং স্প'ৰ্টছ কাৰ্নিভেলক এক শক্তিশালী মাত্ৰা প্ৰদান কৰিলে। বিশেষকৈ লাভলীনাৰ সহজ-সৰল মিঠা হাঁহি মুখীয়া সাৰুৱা ভাষণে খেলুৱৈসকলক নি:সন্দেহে দুগুণ উৎসাহিত কৰিলে। খেলুৱৈসকলক এনেকৈ একত্ৰিত কৰা, খেলৰ ৰাস্তা দেখুৱাটো TMPK ৰ এক মহান পদক্ষেপ বুলি লাভলীনাই অভিহিত কৰে।  এদিন তাই বাৰমুখীয়া গাঁৱৰ পৰা খেলিবলৈ ওলাই আহোতে সমুখত একোৱেই নাছিল। গুৱাহাটীৰ ওখ ওখ অট্টালিকাবোৰ দেখি তাইৰ বুকু ধপধপকৈ কঁপিছিল। কি হ'ব কি নহ'ব! Practice ত পাম বা নাপাম!তথাপিও তাইৰ লক্ষ্য আছিল তাই অলিম্পিক খেলিবই।‌ তাই তাৰ বাবে কৰিছিল কঠোৰ সাধনা।‌ গুৱাহাটীৰ ওখ ওখ অট্টালিকাবোৰ দেখি এদিন বুকু ধপ ধপাই কঁপি উঠা সেই ছোৱালীজনী আজি সঁচাই হ'ল অলিম্পিকৰ বঁটা বিজয়ী।‌ হ', অসমৰ হিয়াৰ মণি।চিকমিক বিজুলী চাকিৰ পোহৰত নিয়ৰসিক্ত সেউজীয়া দুবৰী বনৰ দলিচাত কুঁৱলীৰ চাদৰখন পাৰি দুচকুত অলেখ সপোন লৈ ধ্যানমগ্ন হৈ থকা সেই সপোন পাহি সকলৰ বাবে তাই সঁচাই এক প্ৰেৰণাৰ সমল।‌

খেলত হৰা-জিকা থাকিবই। খেলত হাৰিলেও নিজে কেতিয়াও হাৰিব নালাগে। হৰাৰ পাছতো এজন খেলুৱৈ কেতিয়াও ভাঙি পৰিব নালাগে। হাৰিলে জিকিবলৈ শিকে।হাৰিলে নিজৰ ভুলখিনি দেখে। ‌তাই যিমানেই হাৰিছে ইমানেই এটা strong aim লৈ আগবাঢ়িছে। লাভলীনাৰ সেই মন্তব্যই নিশ্চয় খেলুৱৈসকলৰ মহৌষধৰ দৰে কাম কৰিলে।(আগলৈ...)

 

Post a Comment

0 Comments