Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

গল্প: ৰহস্যময় জীৱন

গল্প:

ৰহস্যময় জীৱন

ৰঞ্জিতা হাজৰিকা চেতিয়া

মানুহৰ জীৱনটো নদীৰ সোঁতত উটি গৈ বালিচৰত ৰৈ যোৱা মেটেকাৰ দৰে। বিধিয়ে যাৰ ভাগ্যত যি লিখি পঠিয়াই সেইমতেই জীৱন আগবাঢ়ে। কাৰোবাৰ কপালত সুখৰ ওপৰি সুখ আৰু কাৰোবাৰ কপালত দুখৰ ওপৰি দুখ। নিজে ভবা ধৰণে কোনো কামেই সম্ভৱ হৈ নুঠে।

      সৰুতে পিতৃ-মাতৃক হেৰুৱাই নিঠৰুৱা হৈ পৰা মালতীৰ জীৱনটো দুখৰ ধুমুহাই কোঙা কৰি পেলাইছিল। তথাপিও তাই কোনো দিনে হাৰ মনা নাছিল। তাই নিজৰ লক্ষ্য আৰু উদ্দেশ্য পূৰ কৰি জয়ী হ'বলৈ সন্মুখলৈ অহা ঘাত-প্ৰতিঘাতবোৰ ঠেলি আগুৱাই গৈছিল। কেতিয়াবা ভাগৰি পৰিছিল যদিও একমাত্ৰ সন্তান হীৰকৰ কথা ভাবি তাই ধৈৰ্য-সাহস আৰু মনোবল অটুট ৰাখি পুনৰ দুগুণ উৎসাহেৰে নিজৰ কামবোৰ কৰি গৈছিল। ওচৰ চুবুৰীয়াই তাইক নানা ধৰণৰ লঘূ-লাঞ্চনা কৰিছিল। বহুতে তাইক নষ্ট চৰিত্ৰৰ তিৰোতা বুলি ঘৃণা কৰিছিল। কাৰণ তাইৰ সন্তানটোৰ পিতৃ পৰিচয় গোপনে ৰাখিছিল। সমাজৰ মাজত হীৰকক তাই নিজৰ উপাধিৰে পৰিচিত কৰাইছিল। ওচৰ চুবুৰীয়া লোকসকলে ঠিকাদাৰ বলদেৱ সিঙক তাৰ পিতৃ বুলি ধৰি লৈছিল। কাৰণ বলদেৱ সিঙে হীৰকৰ পঢ়া-শুনাৰ সমস্ত দ্বায়িত্ব বহন কৰাৰ লগতে সিহঁতক থকা মেলাৰ সকলো সুবিধা কৰি দিছিল। বলদেৱ সিঙৰ সহায়তে মালতীয়ে কোনোবা অফিচ এটাত চতুৰ্থবৰ্গৰ কৰ্মচাৰী হিচাপে নিযুক্তি লাভ কৰিছিল। সিহঁত দুটাৰ মাজৰ সম্পৰ্কক লৈ হীৰকৰ লগৰ বন্ধু-বান্ধৱীবোৰে তাক ইতিকিং কৰিছিল যদিও সি কাকো একো নকৈ মনে মনে আছিল। কাৰণ সি মাকৰ জীৱনত সংঘটিত সকলো ঘটনাৰ বিষয়ে জানিছিল। তাৰ মাকৰ দায়িত্ব লোৱা মোমায়েক মামীয়েকে কেইটামান টকাৰ লোভত পৰি  মাথোঁ ষোল্ল বছৰ বয়সতে তাৰ মাক মালতীক এজন বয়সীয়াল জনজাতীয় লোকৰ হাতত দ্বিতীয় পত্নী হিচাপে গটাই দিছিল। মাকক বিয়া কৰোৱাৰ এবছৰৰ পাছতে সেই মানুহজনৰ শৰীৰত এক জটিল ৰোগে ধৰা দিছিল। সেই অঞ্চলৰ জনজাতীয় লোকসকলে ডাক্তৰৰ চিকিৎসাতকৈ বেজক বেছি বিশ্বাস কৰিছিল আৰু তেওঁৰ প্ৰথমা পত্নীয়ে এজন বেজৰ কাষ চাপিছিল। বেজজনে মঙল চাই তাৰ মাকে ডাইনী পোহা বুলি কৈছিল আৰু ডাইনীজনীয়ে মানুহটোৰ পেটৰ ভিতৰত সোমাই তেজ খোৱা বুলি মানুহক পতিয়ন নিয়াইছিল। তাৰ পাছত অন্ধবিশ্বাসে কাবু কৰি পেলোৱা মানুহজনৰ বংশ পৰিয়ালে লগ লাগি পিছদিনা অমাৱস্যাৰ ৰাতিত তাৰ মাকক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। মানুহজনে এইবোৰ কথা জানিব পাৰি সেই ৰাতিয়েই তেওঁৰ একমাত্ৰ বিশ্বাসী বন্ধু বলদেৱক মাতি পঠিয়াইছিল। বলদেৱে কথাবোৰ জানিব পাৰি ৰাতিৰ ভিতৰতে নিজৰ গাড়ীৰে গৈ তাত উপস্থিত হৈছিল আৰু তাৰ মাকক মৃত্যুৰ দুৱাৰ দলিৰ পৰা উদ্ধাৰ কৰি আনিছিল। তেতিয়া সি মাকৰ গৰ্ভত স্থিতি লৈছিল হে। যাৰ বাবে বলদেৱে বন্ধুৱেকৰ অনুৰোধ ৰক্ষা কৰি সিহঁতৰ বিপদৰ সময়ত ত্ৰাণকৰ্তা ৰূপে থিয় দি নিজৰ দায়িত্ব পালন কৰিব লগীয়াত পৰিছিল। এদিন সি মনে মনে মাকৰ ডায়েৰীখন পঢ়িছিল আৰু মাকৰ এই দুখৰ কথাবোৰ জানিব পাৰিছিল। তাৰ প্ৰকৃত পিতৃজন স্বৰ্গগামী হোৱাৰ কথাও ডায়েৰীখনৰ পৰাই সি গম পাইছিল।

      মাকৰ জীৱনৰ সকলোবোৰ কথা জনাৰ পাছত হীৰকে বলদেৱক পিতৃ তুল্য জ্ঞান কৰি তেওঁৰ উপদেশ মতেই নিজক আগুৱাই লৈ গৈছিল। মাকৰ মুখত হাঁহি বিৰিঙাবলৈ হীৰকে বলদেৱৰ ওচৰত সংকল্প লৈছিল যে এদিন সি এজন আদৰ্শৱান প্ৰশাসনিক বিষয়া হ'ব আৰু সমাজত চলি থকা অন্ধবিশ্বাস, কুসংস্কাৰ, হত্যা-হিংসা, ৰাগীয়াল দ্ৰব্যৰ ব্যৱহাৰ আৰু ধৰ্ষণৰ দৰে জঘন্য ঘটনাবোৰ নিৰ্মূল কৰি সমাজৰ বাতাবৰণ সুস্থিৰ কৰি তুলিবলৈ চেষ্টা কৰিব। অসহায় নাৰীক সহায়ৰ হাত আগবঢ়ায় নিৰাপত্তা দিব।

     হীৰকে বলদেৱৰ ওচৰত যিদৰে পন লৈছিল সেইদৰে সি সফলতাও লাভ কৰিছিল। এদিন সি লোকসেৱা আয়োগৰ বাচনি পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ সফলতাৰ খবৰটো বিয়পি পৰাৰ লগে লগে  যিসকল ব্যক্তিয়ে এটা সময়ত সিহঁতৰ দুখ দেখি সুখৰ হাঁহি মাৰিছিল, মালতীক চৰিত্ৰহীনা বেপেৰুৱা তিৰোতা বুলি তাচিল্য কৰিছিল সেইসকল ব্যক্তিয়ে সিহঁতৰ ঘৰত সুখৰ ভাগ ল'বলৈ দৌৰি আহিছিল। লগতে পিতৃ পৰিচয়হীন বুলি হীৰকক সংগ দিবলৈ দ্বিধাবোধ কৰা তাৰ লগৰীয়া সকলৰো সমাগম ঘটিছিল। মানুহবোৰক সাধ্যানুসৰি আপ্যায়ন কৰাৰ পাছত হীৰকে মাকক কৈছিল- মা তুমি কোৱা কথাষাৰ একেবাৰে সঁচা দেই- " মানুহে মানুহৰ দুখৰ দিনত কোনোবা এজন বা দুজনৰ হে সংগ লাভ কৰে। সুখৰ দিনত সংগ দিয়া লোকৰ কোনো সীমা সংখ্যা নাই"। মানুহবোৰ সচাঁকৈয়ে বৰ স্বাৰ্থপৰ নহয় নে মা ! হীৰকৰ কথা শুনি মালতীয়ে মাথোঁ কৈছিল- " আনে ৰোপণ কৰা গছ পুলি এটা আন এজনে গুৰিত সাৰ-পানী দি প্ৰতিপালন কৰা মানুহ লাখৰ ভিতৰত এজনক হে কাষত পাবি সোণ। আৰু সেইজনক হে আমি সদায়ে ভগৱান বুলি ভাবিব লাগিব। এতিয়া ম‌ই তোক মোৰ জীৱনৰ সঁচা কাহিনীবোৰ কোৱাৰ সময় আহি পৰিছে। কাহিনীবোৰ জানিলে হে ত‌ই  তোৰ ভগৱানজনক চিনিব পাৰিবি সোণ।

      সেই মুহূৰ্তত সি আবেগিক হৈ পৰিছিল আৰু মাকৰ বুকুত সোমাই কান্দি কান্দি কৈছিল- "তুমি মোক একো ক'ব নালাগে মা। ম‌ই তোমাৰ ডায়েৰীখন পঢ়িলো ---।

 

ঠিকনা : ঘিলামৰা, লখিমপুৰ।


Post a Comment

0 Comments