Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্য

 

দায়িং ইৰিং মেম'ৰিয়েল

বন্যপ্রাণী অভয়াৰণ্য

ৰয়েল পেগু

হিমালয়ৰ পাদদেশত অৱস্থিত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ চিয়াং নদীৰ পাৰত অৱস্থিত দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন এখন সমৃদ্ধিশালী অৰণ্য। বিভিন্ন দুষ্প্ৰাপ্য বন্যপ্ৰাণী, চৰাই-চিৰিকটিৰ আদর্শ বাসভূমি দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন বিভিন্ন উদ্ভিদ প্ৰজাতিৰে অতিকৈ চহকী। জীৱ-বৈচিত্র্যৰ ভাণ্ডাৰ তথা নৈসর্গিক সৌন্দৰ্যৰে ভৰা দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন পূব চিয়াং জিলাৰ সদৰ পাচিঘাটৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণ-পূব দিশে চিয়াং নদীৰ পাৰত অৱস্থিত। মুঠ ১৯০ বর্গ কিলোমিটাৰ বনভূমি আগুৰি থকা দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন পৰ্যটকৰো অন্যতম আকৰ্ষণস্থলী। তাহানিৰ নেফা তথা বৰ্তমানৰ আধুনিক অৰুণাচল গঢ়াত সক্রিয় ভূমিকা পালন কৰা বিশিষ্ট সমাজ সংগঠক দায়িং ইৰিঙৰ স্মৃতিত নামকৰণ কৰা তথা ১৯৭২ চনত বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যত অঞ্চলঘাট, বৰগুলি আৰু চিপিয়া নামে তিনিটি ৰেঞ্জ অফিছ আছে। চিয়াং নদীৰ পাৰৰ অনন্য সৌন্দৰ্যৰ ৰাণী দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যত যোৱা ২৪ ডিচেম্বৰত প্ৰকৃতিকৰ্মী আৰু সাংবাদিকৰ দল এটাই পৰিদৰ্শন কৰি অভয়াৰণ্যখনৰ লগতে চিয়াং নদীৰ নৈসর্গিক পৰিৱেশ হিয়াভৰি উপভোগ কৰে। এই পৰিদৰ্শন কালত আমাৰ সহযোগী আছিল খগীৰাম পেগু, স্বপ্নৰঞ্জন ময়েঙীয়া, ভাস্কৰজ্যোতি টায়েং, দেৱেন টায়ুং, গৌতম পেগু, প্ৰাণজিৎ দলে, মাকচাম টায়েং, লিম কয়ু, মেৰ গাঁৱৰ গাঁওবুঢ়া গান্ধী পাংগিং, ৰতনাথ কাৰ্দঙৰ লগতে অভয়াৰণ্যখনৰ ৰেঞ্জাৰ ক্ৰমে অয়েম মিজে, চি কে চপৌ, অৰৃণ পেৰমে, ফৰেষ্ট বেটেলিয়ান জেমছ দাৱ, উকেশ্বৰ টায়ে, আনন্দ কাৰ্দং, জিৰনাথ কাৰ্দং আৰু কেইবাগৰাকী বনকৰ্মীয়ে সহযোগ কৰে।

    

    প্রাকৃতিক গঠন অনুসৰি দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন জোপোহা গছৰ অৰণ্য আৰু মিশ্রিত ঘাঁহনি এলেকা। অভয়াৰণ্যখনৰ প্ৰায় ৮০ শতাংশ মিশ্রিত ঘাঁহনি এলেকা যাৰ বাবে বন্যপ্ৰাণীৰ আদর্শ বাসভূমি হিচাপে গুৰুত্ব লাভ কৰিছে। চিয়াং (দিহাং)-ডিবাং জৈৱ মণ্ডলৰ অন্তৰ্গত তথা হেজাৰ বছৰীয়া ইতিহাসপ্রসিদ্ধ দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যখন বিভিন্ন দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, গছ-লতা, অর্কিডেৰে সমৃদ্ধ। বাঘ, হাতী, নাহৰফুটুকী, বনৰীয়া ম', কেঁটেলা পহু, হুগৰি পহুকে ধৰি বিভিন্ন প্ৰজাতিৰ পহু, বনগাহৰি, শিয়াল, লাজুকী বান্দৰকে ধৰি বিভিন্ন প্ৰজাতিৰ বান্দৰ আদিৰে ভৰি থকা বন্যপ্রাণী অভয়াৰণ্যখনত বিভিন্ন প্রজাতিৰ সৰীসৃপ জাতীয় প্ৰাণীৰ আদৰ্শ বাসভূমি। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক প্রতীক ধনেশ চৰাইৰ পাঁচটা প্ৰজাতিৰ লগতে বিলুপ্তপ্রায় শগুন এই দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যত যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা যায। পেলিকান, চাকৈ-চকোৱা, পানী কাউৰী, ঈগল, হুদু, ফেঁচা, বৰটোকোলা, চিলনী আদিৰ আবাসস্থল অভয়াৰণ্যখনৰ কাষৰ চিয়াং নদীৰ বুকুত বিশেষকৈ শীতকালৰ নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ থলুৱা আৰু সুদূৰ চাইবেৰীয়াৰ পৰা অহা শ শ পৰিভ্ৰমী পক্ষীৰে ভৰি থাকে। তদুপৰি চিয়াং নদীৰ বুকুত জলজ প্রাণী ডলফিনৰো আদৰ্শ  বিচৰণস্থলী।


     চিয়াং নদীয়ে ব্ৰহ্মপুত্ৰৰ ৩৫ ভাগ পানী যোগান ধৰে। মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদীখন অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ সদৰ তথা শতবর্ষ গৰকা পচিঘাট টাউনৰ পৰা প্রায় বিশ কিলোমিটাৰ নামনিত মাকতুমঘাট নামে ঠাইত দুভাগ হৈছে। চিয়াঙৰ এটা সুঁতি দক্ষিণ-পূবমুৱাকৈ আৰু আনটো সুঁতি পশ্চিমমুৱাকৈ বৈ গৈ জোনাই মহকুমাৰ কবু চাপৰিৰ কিছু নামনিত দুয়োটা সুঁতি পুনৰ একেলগ হৈ ব্ৰহ্মপুত্ৰ নামে বংগোপসাগৰলৈ বৈ গৈছে। দুবাহু মেলি বৈ থকা চিয়াং নদীৰ বুকুতে আছে ১৯০ বর্গ কিলোমিটাৰ বনভূমি আগুৰি থকা দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্য। অভয়াৰণ্যখনৰ উত্তৰ দিশে চিগাৰ, মাকতুমঘাট, দক্ষিণে অসমৰ শিৱগুৰি, কবু চাপৰি, পূবে মেৰ-গাদুম আৰু পশ্চিমে আঞ্চলঘাট আৰু অসমৰ ইতিহাসপ্রসিদ্ধ ঐৰামঘাট। অভয়াৰণ্যখনলৈ মূলতঃ তিনিটা পথেৰে যাব পাৰে। অৰুণাচল প্রদেশৰ ৰুকচিন চেকগে'ট বা পাচিঘাটৰ পৰা ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অয়ান তিনিআলিলৈ আহি তাৰ পৰা দক্ষিণমুৱাকে প্রায় ৮ কিলোমিটাৰ পথ গ'লেই পোৱা যায় ইতিহাসগ্রসিদ্ধ ঐৰামঘাট আৰু অঞ্চলঘাট। তাৰ পৰা ফেৰীৰে চিয়াং নদীৰ সূতি এটা পাৰ কৰি অভয়াৰণ্যখনলৈ যোৱাৰ সু-ব্যৱস্থা আছে। ইপিনে পাচিঘাট হৈ বৰগুলি আৰু চিপিয়া হৈ চিয়াং নদীক পাৰ কৰি অভয়াৰণ্যখনলৈ যাব পাৰে। দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যৰ সুৰক্ষাৰ বাবে এগৰাকী ডি এফ অ'ৰ লগতে অঞ্চলঘাট, চিপিয়া আৰু বৰগুলি নামে তিনিটা ৰেঞ্জ অফিচ আৰু জীপঘাট, চিগাৰ, পিনমুখ নামে তিনিটা বীট অফিচ আছে। উক্ত তিনিটা ৰেঞ্জত তিনিগৰাকী ৰেঞ্জাৰ, তিনিটা বীটত তিনিগৰাকী বীট অফিচাৰ আৰু কেইবাগৰাকী বনকৰ্মীৰ উপৰি সশস্ত্র বন সুৰক্ষাকর্মী অভয়াৰণ্যখনৰ সুৰক্ষাত নিয়োজিত হৈ আছে। ইপিনে চিয়াং নদীৰ বান-খহনীয়া, চোৰাং চিকাৰীৰ উপদ্ৰপ আৰু বেদখলে অভয়াৰণ্যখনলৈ সময়ে সময়ে ভাবুকিৰ সৃষ্টি কৰি আহিছে। বিশেষকৈ বিশ্বজুৰি বনভূমি আৰু বন্যপ্ৰাণী সংৰক্ষণে আন্দোলনৰ ৰূপ লাভ কৰাৰ সময়তো অভয়াৰণ্যখনত চোৰাং চিকাৰী আৰু বেদখল আগ্ৰাসনে প্ৰকৃতিপ্ৰেমী ৰাইজক চিন্তিত কৰি তুলিছে।


     সেউজবুলীয়া পাহাৰেৰে পৰিবেষ্টিত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ চিয়াং নদীৰ পাৰত অৱস্থিত দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যখন নৈসর্গিক সৌন্দর্য তথা জীৱ-বৈচিত্র্যৰে সমৃদ্ধিশালী। দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যখন চৰকাৰ তথা প্রকৃতিপ্রেমী ব্যক্তি-সংগঠনৰ পৰা উপযুক্ত গুৰুত্ব তথা প্ৰচাৰ লাভৰ পৰা আজিও বঞ্চিত হৈ থকাৰ সুযোগতে এচাম বন্দুকধাৰী লোকৰ চোৰাং চিকাৰত অভয়াৰণ্যখনৰ জীৱ-জন্তুবোৰ চৰম নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে। চোৰাং চিকাৰী আৰু চিয়াং নদীৰ খহনীয়াৰ ফলত দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যৰ অৰণ্যভূমি সংকুচিত হৈ অহাৰ উপৰি বিভিন্ন দুষ্প্রাপ্য জীৱ-জন্তু, পশু-পক্ষীলৈ ভাবুকিৰ সৃষ্টি হৈছে।

    দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্য পৰ্যটকৰ অন্যতম আকৰ্ষণৰ থলী। বিশেষকৈ অভয়াৰণ্যখনৰ চিয়াং নদীৰ পাৰত বিভিন্ন প্ৰজাতিৰ পানী হাঁহ আৰু অভয়াৰণ্যৰ অভ্যন্তৰত জাক জাক বন্যহস্তী, বনৰীয়া ম', বিভিন্ন পশু-পক্ষীৰ বিচৰণ চাবলৈ বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে। চিয়াং নদীৰ পাৰত নয়নভিৰাম নৈসর্গিক সৌন্দৰ্যৰে ভৰা দায়িং ইৰিং মেম'ৰিয়েল বন্যপ্রাণী অভয়াৰণ্যখন পর্যটকক আকৰ্ষণ কৰিব পৰা সকলো সমল আৰু প্রতিশ্রুতিৰে ভৰা। অভয়াৰণ্যখনক কেন্দ্র কৰি পৰ্যটন উদ্যোগ গঢ় লৈ উঠিলে অসম-অৰুণাচল দুয়োখন ৰাজ্যৰ স্থানীয় মানুহ লাভৱান হ'ব। সমৃদ্ধিশালী দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যখন সময় থাকোতে উপযুক্ত সুৰক্ষা আৰু সংৰক্ষণৰ ব্যৱস্থা গঢ়ি তোলাটো সকলো প্রকৃতিপ্রেমী ৰাইজে কামনা কৰিছে।

     চিয়াং নদীত চৰকাৰে নিৰ্মাণ কৰিব বিচৰা বৃহৎ জলবিদ্যুৎ প্রকল্পই সমৃদ্ধিশালী দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যলৈও নমাই আনিছে নিশ্চিত ভাবুকি। উল্লেখযোগ্য যে প্ৰস্তাৱিত চিয়াং নদীৰ জলবিদ্যুাৎ প্রকল্পথলীলৈ অভয়াৰণ্যখনৰ পৰা দূৰত্ব প্ৰায় ৫০-৬০ কিলোমিটাৰ। ফলত নিশ্চিতভাৱেই চিয়াং বান্ধে উদ্যানখনলৈ ভাবুকি নমাই আনিছে। ভাৰত-চীন সীমান্তৰ টুটিঙৰ পৰা শতবর্ষ গৰকা তথা ঐতিহাসিক টাউন পাচিঘাটলৈকে বিশাল এলেকাজুৰি চিয়াং নদীক কেন্দ্ৰ কৰি গঢ়ি উঠিছে চিয়াংপৰীয়া সমাজ, সংস্কৃতি আৰু সভ্যতা। তদুপৰি দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যৰ দাঁতিকাষৰীয়া এলেকাত গঢ়ি উঠিছে বহু গাঁও অঞ্চল। কাজেই চিয়াং নদীৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰা আৰু দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যৰ সুৰক্ষা এতিয়া চিয়াংপৰীয়া সমাজ-সভ্যতাৰ ভৱিষ্যৎ অস্তিত্ব ৰক্ষাৰো মূল প্রশ্ন হিচাপে দেখা দিছে। কিন্তু চৰকাৰে প্ৰস্তাৱিত চিয়াং জলবিদ্যুত প্ৰকল্প বন্ধ কৰি দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্য সুৰক্ষা দিবনে, এইটোহে আজিৰ তাৰিখত ৰাইজৰ বাবে লাখটকীয়া প্রশ্ন।


     ইপিনে দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্যৰ লগত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত কবু চাপৰি প্রস্তাবিত সংৰক্ষিত বনাঞ্চল, ধেমাজি জিলাৰ একমাত্র বর্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আৰু ডিব্রু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আদি সংলগ্ন হৈ আছে। ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত নদীদ্বীপ কবু চাপৰি প্রস্তাবিত সংৰক্ষিত বনাঞ্চলখনক কৰিডৰ হিচাপে লৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দায়িং ইবিং বন্যপ্রাণী অভয়াৰণ্য আৰু বৰ্ষাৰণ্য পবা বনাঞ্চলৰ মাজত বন্যহস্তীকে ধৰি বিভিন্ন পশু-পক্ষী পৰিভ্ৰমণ কৰি বিচৰণ কৰে। তদুপৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, কবু চাপৰি, দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্য আৰু পবা বনাঞ্চলৰ পৰা অৰুণাচলৰ পাহাৰ অঞ্চলৰ য়াগৰুং-কেবাং আদি এলেকালৈকে আছে এক ঐতিহাসিক তথা দীঘলীয়া বন্যহস্তীৰ কৰিডৰ। কিন্তু বন্যহস্তীৰ কৰিডৰত মানুহৰ বসতি স্থাপনৰ ফলত হাতী আৰু মানুহৰ সংঘাত বৃদ্ধি পাইছে। ফলত বন্যহস্তীৰ বিচৰণথলী আৰু কৰিডৰসমূহৰ সুৰক্ষাৰ প্ৰয়োজন আহি পৰিছে। ইপিনে ডিব্ৰু-ছৈখোৱা, দায়িং ইৰিং, পবা আৰু কবু চাপৰিত বেদখলকাৰী, চোৰাং চিকাৰী আৰু কাঠ ব্যৱসায়ৰ কবলত পৰি অৰণ্য ভূমি সংকুচিত হৈ অহাৰ উপৰি গছ-গছনি, পশু-পক্ষী কমি আহিছে। অৰুণাচল প্ৰদেশৰ বিভিন্ন পাহাৰৰ লগতে বিভিন্ন অৰণ্যত দিনে ৰাতিয়ে মূল্যৱান গছ-গছনি কাটি বনভূমি অবাধে ধ্বংসযজ্ঞ চলাই থকাৰ ফলত অসমৰ আয়ুৰেখাস্বৰূপ মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ অস্বাভাবিকভাৱে বাম হৈ উঠিছে। যাৰ ফলত বিশেষকৈ উজনি অসমত মহাবাহুৰ বান-খহনীয়াই বছৰি অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সমৃদ্ধিশালী অৰণ্যকেইখনৰ পৰা বিভিন্ন প্ৰজাতিৰ অৰ্কিড আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানি কৰি ৰমৰমীয়া চোৰাং বেহা চলি আছে। ইপিনে তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দায়িং ইৰিং বন্যপ্রাণী অভয়াৰণ্য আৰু বৰ্ষাৰণ্য পবা বনাঞ্চল আৰু কবু চাপৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলক লৈ গঠিত হৈছে এক সম্ভাৱণাপূর্ণ জৈৱ মণ্ডল। এই জৈৱ মণ্ডলক উপযুক্ত ৰক্ষণাবেক্ষণ তথা উন্নয়নৰ ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰিলে অঞ্চলটোত জীৱ-বৈচিত্র্য সংৰক্ষণ আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হোৱাৰ উপৰি পৰিৱেশ, নদী, ঐতিহ্য, গ্ৰাম্য-সংস্কৃতি আদি পৰ্যটন উদ্যোগে বিকাশ লাভ কৰিব। পর্যটন উদ্যোগ বিকাশ লাভ কৰিলে অঞ্চলটোৱে আৰ্থ-সামাজিকভাৱেও বিকাশ লাভ কৰাটো নিশ্চিত। ফলত বিষয়টোৰ ওপৰত অসম-অৰুণাচল চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন প্রকৃতি সংগঠনসমূহে প্রয়োজনীয় কাৰ্য ব্যৱস্থা গ্রহণ কৰাটো সকলোৰে কাম্য।

'বাইল : ৯৯৫৪৬৩৮৯৬৭

Post a Comment

0 Comments