সোৱণশিৰি
বুবুল হাজৰিকা
আইৰ নিচুকনি
তোমাক লৈ
বুকুত
জলকুৱঁৰীৰ ঘৰ।
বাৰিষা
দুকুল ওপচাই বৈ
যায়
তোমাৰ ক্ষোভ
খৰালীত অসুখ৷
ঘাটৈৰ ঘাট সলনি হয়
ঘাটে ঘাটে ফুৰে
নাঁও
সিপাৰৰ অই-নি:তমে
ইপাৰলৈ ৰিঙিয়াই
ইপাৰ নাপায়
কা:বান এটা হৈ থুপ
খায়
ৰয় বুকুত!
লৃগাঙত তৰা চিৰাই
য়ামে মিমবৃৰহঁতে
পোৰাং নিসিজায়
ঝাঁওবন মৰহি যায়
মৌচানাম এগেৰ অথবা
ৰিবি গাচৰত
লিহিৰি দুহাত
বুলাই
অই-নিঃতমৰ নাগায়
কনেঙহঁতে
দুবাহুত নাই পেতু
আপ্পুনৰ গোন্ধ
ঘূণাসুঁতিৰো দুখ
তোমাকে লৈ আলচ
যোগেন টাইদৰ
বলুকাত চাকৈ
চকোৱাৰ প্ৰেমৰ আলাপ
সেয়াও অতীত
আপঙৰ বাতিত নুফুলে
সৰিয়স ফুলা দিনৰ
আঘোণীয়া কবিতা
ইতিহাস ৰজনীকান্তৰ
মিৰি জীয়ৰীৰ অমৰ প্ৰেম
গাথা
সাক্ষী আছিলা তুমি
জেংৰাইমুখত তৰা
ফুটা ডকা ফুটাৰ গোন্ধ নাই
সেই কবিতাৰ কথাও
অতীত
সুৱঁৰিবলৈও নাই
বৰুৱা অজিত
ক'ত কবিৰ কবিতা
আছিলা তুমি ?
কেতিয়াবা যদি
তোমাৰ বুকুত ৰঙিয়াল
নদীয়াল
কেতিয়াবা কঙাল৷
বুকুতে বান্ধ দি
তোমাক হত্যা কৰিছে
জীয়াবলৈ নাই এজনো
পাহোৱাল
মৰুৰ দেশ এতিয়া
তোমাৰ বুকুত
তোমাক লৈ কোনেও
নকয় কথা নিলিখে কবিতা
তোমাক সাৱটিৱেই
টনকিয়াল হৈছিল
সোনোৱাল
পিছে আজি কেৱল এটা
কবিতা
অতি জয়াল
মই তোমাৰ বাবে
কিবা এটা কৰিব খুজিও থমকি ৰওঁ
সন্দেহ
তোমাৰ বুকুত উমলি
জামলি আলাপ কৰা মানুবোৰৰ পৰাই
তোমাক লৈয়ে সৃষ্টি
হ’ল অসংখ্য দালাল৷
তুমি আছিলা
হেপাঁহৰ গান
আইৰ বুকুৰ ধান৷
0 Comments