অণুগল্প
লাজ
ৰঞ্জিতা হাজৰিকা
কাবেৰীয়ে হাঁহ-কুকুৰা, গৰু-ছাগলী পালন কৰি নিজৰ
চাৰিজনীয়া পৰিয়ালটিৰ প্ৰয়োজনীয় আৰ্থিক সমস্যাসমূহ দূৰ কৰিবলৈ চেষ্টা
কৰিছিল।তাইৰ কষ্টৰ কথা উপলব্ধি নকৰি মাথোঁ স্নাতকোত্তৰ ডিগ্ৰীটো লৈ দে আৰু খাওঁ
স্বভাৱৰ স্বামী অৰুণাভৰ এলেহুৱা স্বভাৱটো তাইৰ বাবে এটা গভীৰ সমস্যা হৈ
উঠিছিল। জীৱনৰ প্ৰকৃত সম্পদ ল'ৰা-ছোৱালী দুটাৰ কথা ভাবিবলৈ তাৰ মগজুৰ অভাৱ। সেয়েহে ছাগলীয়ে ফুলখোৱাৰ সামান্য
অজুহাতত সি কাবেৰীক কটুকথা শুনোৱাত তাই ধৈৰ্য হেৰুৱাই অৰুণাভক নিজৰ অকৰ্মন্যতাৰ
কথা সোঁৱৰাই দিবলৈ বাধ্য হৈছিল। কাবেৰীয়ে কোৱা কথাখিনি শুনি অৰুণাভে ভালদৰে
উপলদ্ধি কৰিছিল যে স্নাতকোত্তৰ ডিগ্ৰীৰ গৌৰৱত গৌৰৱান্বিত হৈ সাধাৰণ কাম কৰিবলৈ লাজ
পোৱাৰ বাবেই সি আজি পত্নীৰ পৰা কথা শুনিব লগীয়া হৈছে। সেই মুহূৰ্তৰ পৰাই সি এজন আদৰ্শ কৃষক হোৱাৰ সংকল্প লৈ আগুৱাই গৈছিল উন্নতিৰ দিশেৰে---।
চেতিয়া, ঘিলামৰা (লখিমপুৰ)
0 Comments