কবিতা : উচ্ছেদ
ৰয়েল পেগু
বুকুত
গজা
এটা
সপোনৰ ছিন্ন-ভিন্ন
পঁজা ভঙা
হৃদয় ভঙা
শোকৰ নদী
উচ্ছেদ---
বুলডজাৰৰ
হাঁতোৰাত
সপোনৰ
পঁজা
হৃদয়ৰ
পঁজা
বালিঘৰৰ
দৰে
চূৰ্ণ বিচূৰ্ণ
হয়
দৈত্য-দানৱৰ
উৰুলিত
বুলডজাৰৰ
ঘেৰ্ঘেৰণিত
মানৱতাৰ
গাথা
উফৰি
জুই, ছাই আৰু ধোঁৱাৰ মাজত
এতিয়া
ডাঙৰকৈ নাকান্দিবা
দেখাকৈ
চকুলো নমচিবা
শুনাকৈ
শ্ল'গান
নিদিবা
এতিয়া
স্বৈৰাচাৰী ৰজাৰ শাসন চলিছে
প্ৰজাৰ
কথা শুনাৰ সময় নাই
অহংকাৰত
মত্ত ৰজা
নিৰীহৰ
সপোন ভাঙি
নিৰীহৰ
পঁজা ভাঙি
বীৰত্ব
দেখুৱায়
অট্টালিকাবোৰ
সাৰি যায়
আকৌ
নিৰ্বাচন আহিব
ভোট আমাৰ
অমোঘ অস্ত্ৰ
আমি আপোচ
নকৰোঁ
বিবেক
বিক্ৰী নকৰোঁ
হাৰকিউলিছ
আহিব
আহিব মিৰ' মিগাং
এদিন পূব
আকাশত
নতুন
বেলিৰ প্ৰভাত হ'ব
ৰৌদ্ৰোজ্জ্বল
পুৱা
আমি নতুন
সংকল্প লম
আমি
অংগীকাৰবদ্ধ হ'ম
তেতিয়া
স্বৈৰাতান্ত্ৰিক ৰজাজন নাথাকিব
থাকিব
কেৱল এটি কৰুণ সুৰ
আৰু ---
নতুন
দিনৰ ৰৌদ্ৰোজ্জ্বল প্ৰভাত
Mobile: 9954638967
তাৰিখ : 03/03/2023
0 Comments