Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

শুভেচ্ছা বাৰ্তা

 

শুভেচ্ছা বাৰ্তা

 

প্ৰতি,

সম্পাদক,

ANU GOMUG ই-আলোচনী।

মহোদয়,

সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। ANU GOMUG‌ নামৰ ই-আলোচনী এখন‌ ২৯ নৱেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ পাব বুলি জানিব পাৰি অতিকৈ আনন্দিত হৈছো। Anu Gomug ই-আলোচনী জন্মৰ‌ শুভ সংবাদে‌ নতুন আশাৰ সঞ্চাৰ কৰিছে।‌

সম্প্ৰতি তথ্য প্ৰযুক্তি আৰু ডিজিটেলৰ যুগ। এই যুগত যোগাযোগৰ‌ লগতে ভাষা-সাহিত্য চৰ্চাৰ‌ মাধ্যমবোৰ‌ ন ন ৰূপত বিকাশ অব্যাহত আছে।‌ ইণ্টাৰনেটৰ সহায়ত বিভিন্ন কাকত আৰু ই-আলোচনীৰ জন্ম হৈছে। এই ই-আলোচনী ভাষা-সাহিত্য চৰ্চাৰ গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে।

Anu Gomug (নতুন কণ্ঠ) মিচিং-অসমীয়া দ্বি-ভাষিক ই-আলোচনীখনে সাহিত্য চৰ্চাৰ এক সুস্থ পৰিৱেশ গঢ় দিয়াৰ লগতে মিচিং আৰু অসমীয়া ভাষা-সাহিত্য বিকাশ‌ আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ বলিষ্ঠভাৱে তুলি ধৰি বুলি আশা কৰিছো।

শেষত ANU GOMUG ই-আলোচনীলৈ‌ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

 

ৰাজকুমাৰ মৰাং, উপদেষ্টা।

টাকাম মিচিং পৰিন কেবাং।

তাৰিখ : ২৯/১১/২০২৪

Post a Comment

0 Comments