যশস্বী শিল্পী-লেখক
ইন্দ্ৰেশ্বৰ পেগুৰ জীৱন আৰু কৃতী
✍ ৰয়েল পেগু
মিচিং সমাজ এগৰাকী যশস্বী, বৰেণ্য
শিল্পী-লেখক ইন্দ্ৰেশ্বৰ পেগু। ইন্দ্ৰেশ্বৰ পেগুৰ বহু কেইটা গীতে শ্ৰোতা ৰাইজৰ
হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। যশস্বী শিল্পী-লেখক ইন্দ্ৰেশ্বৰ পেগুৰ Léko
Léko Taniyé---, Ka:pé Mé:la:sin
Ka:begmang--- আদি অমৰ গীতে
সমাজৰ মাজত তেওঁক সদায় জীয়াই ৰাখিব।
লখিমপুৰ জিলাৰ ঢকুৱাখনা মৌজাৰ
আৰ্কেপ গাঁৱত কৃষক পৰিয়ালত ১৯৪৯ চনৰ ২৪ আগষ্ট তাৰিখে জন্মগ্ৰহণ কৰা পেগুৰ পিতৃৰ
নাম স্বৰ্গীয় আলিবৰ পেগু আৰু মাতৃৰ নাম স্বৰ্গীয়া য়াপী পেগু। আর্কেপ বালিগাঁও
প্রাথমিক বিদ্যালয়ত শিক্ষাৰম্ভ কৰাৰ পিছত অল আছাম মিৰি হাইস্কুলৰ পৰা ১৯৬৭ চনত
হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। ১৯৬৮ চনত শিৱসাগৰ কলেজৰ
পৰা বিজ্ঞানত প্রাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীর্ণ হয়। শিৱসাগৰ কলেজৰ পৰা বি
এছ চি প্রথম খণ্ড আৰু উত্তৰ লখিমপুৰ কলেজৰ পৰা দ্বিতীয় খণ্ড অর্থাৎ বি এ চি
ডিগ্রী লাভ কৰে ১৯৭৩ চনত। ১৯৮৪ চনত যোৰহাট
পি জি টি চিৰ পৰা বি এড ডিগ্ৰী লাভ কৰে। উল্লেখযোগ্য যে
সেই বছৰৰ বি এড পৰীক্ষাত পেগুৱে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰে।
ইন্দ্ৰেশ্বৰ পেগুৱে অল আছাম মিৰি হাইস্কুলত
১৯৭৩ চনৰ পৰা ১৯৯৫ চনলৈ সহকাৰী শিক্ষক আৰু ১৯৯৫ ৰ ২০১১ চনত লৈ অল আছাম মিৰি হায়াৰ
ছেকেণ্ডাৰী স্কুলৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।
ইন্দ্ৰেশ্বৰ পেগু শিক্ষকতাৰ লগতে
সংগীত-সাহিত্য চৰ্চা আৰু বিভিন্ন সামাজিক কাম কাজত সক্ৰিয়ভাৱে জড়িত আছিল। ধেমাজি
জিলা হাইস্কুল শিক্ষক সন্থাৰ সক্রিয় সদস্যৰ লগতে সভাপতি গুৰুত্ব দায়িত্বও পালন
কৰিছিগ। সেই সময়ত সন্থাৰ অধীনত মাত্ৰ আঠখন বিদ্যালয় ক্ৰমে- অল আছাম মিৰি হাইস্কুল, ঢকুৱাখনা হাইস্কুল, ঘিলামৰা হাইস্কুল, হাৰ্হি হাইস্কুল, মাছখোৱা হাইস্কুল, চিচিমুখ হাইস্কুল, ধেমাজি হাইস্কুল আৰু চিচি চাৰিআলি (চিচিবৰগাঁও) হাইস্কুল আছিল।
মিচিং আগম কেবাঙৰ সৈতে জড়িত হৈ
ইন্দ্ৰেশ্বৰ পেগুৱে মিচিং ভাষা-সাহিত্য লৈ অনবদ্য অৱদান আগবঢ়ায়। ১৯৭৭-৭৮ চনৰ পৰা
মিচিং আগম কেবাঙৰ লগত জড়িত পেগুৱে ১৯৮২-১৯৮৩ চনলৈ কেবাঙৰ সচিব হিচাপে দায়িত্ব
পালন কৰে। পেগুৰ কাৰ্যকালতে অৰ্থাৎ ১৯৮৩ চনত বুৰৈত অনুষ্ঠিত হোৱা কেবাঙৰ
অধিৱেশনাতেই মিচিং ভাষাৰ প্ৰথম পাঠ্যপুথি (Posang Ousur) আৰু মিচিং ভাষাৰ ব্যাকৰণ সদৃশ পুঁথি (মিচিং
ভাষাৰ বানান পদ্ধতি) পোন প্ৰথমে প্ৰকাশ কৰি উলিওৱা হৈছিল। তদুপৰি মিচিং আগম কেবাঙৰ
পতাকা উত্তোলনৰ গীত 'Tomgésunam mimang gasorem' গীতটো পোনপ্রথনে সেই অধিৱেশনত পৰিবেশন কৰা হয়।
শিল্পী ইন্দ্ৰেশ্বৰ পেগুৱে ১৯৭৭
চনৰ পৰা মিচিংসকলৰ স্বকীয় মিচিং গীত-মাতৰ এক নতুন জাগৰণৰ বাবে কাম আৰম্ভ কৰিছিল।
সেই সময়ত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত অই-নিঃতম আৰু আৰু নিঃতমবোৰে
মিচিং শ্রোতাৰ মাজত আলোড়ন সৃষ্টি কৰিছিল। এই সুবাদতে মিচিং গীতৰ অনাতাঁৰ
শিল্পীসকলক সংগঠিত কৰি বাছকবনীয়া মিচিং অঞ্চলত গীত গোৱাৰ আৰম্ভণি কৰে। এই
প্রচেষ্টাই ৰাইজৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ইয়াৰ পৰিণতিতে সেই সময়ত পোন প্রথম
মিচিং সংগীত সন্ধিয়াৰ সূত্রপাত হয়। পিছলৈ এই প্ৰচেষ্টাৰ ফলতেই 'মিচিং দৃৰবৃ কেবাঙ'ৰ জন্ম হয়।
১৯৮৪ চনত 'মিগাং অপে' (Migang Ope) নামেৰে মিচিং কৃষ্টি-সংস্কৃতিৰ কেন্দ্ৰ এটা
প্ৰতিষ্ঠা কৰে। অনুষ্ঠানৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে পেগুৱে গুৰু দায়িত্ব পালন
কৰি চিচিমুখৰ পৰা মাজুলীৰ ৰতনপুৰলৈকে মিগাং অপেৰ সাংস্কৃতিক প্রতিযোগিতা, একাংকিকা নাটক প্রতিযোগিতা আদি কার্যসূচীত
অংশগ্ৰহণ কৰে। জোনাইত ২০১২ চনত প্ৰতিষ্ঠা কৰা Institute of Mishing
Language, Art and Culture (IMLAC) নামৰ অনুষ্ঠানটোৰ
সম্পাদকৰ দায়িত্ব পালন কৰে।
যশস্বী শিল্পী ইন্দ্ৰেশ্বৰ পেগু
১৯৭৮ চনৰ পৰা আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ মিচিং গীত পৰিবেশন কৰি শিল্পী হিচাপে
নিজকে প্ৰতিষ্ঠা কৰে। তদুপৰি পেগুৱে ১৯৯৪ চনত দূৰদৰ্শন, ডিব্ৰুগড় কেন্দ্ৰৰ পৰা মিচিং গীতৰ শিল্পী
হিচাপে অনুমোদন লাভ কৰে। ইউমেটিকত নির্মাণ কথা পোনপ্রথম মিচিং বোলছবি 'মিগাং' পেগুৰ একমাত্ৰ উপন্যাস 'মিঠু' (অসমীয়া)ৰ আধাৰত নিৰ্মাণ কৰা হয় ১৯৯২ চনত।
তদুপৰি পেগুৰ লিখা এটা ৰচনাৰ ভিত্তিত 'Sons of Abotani: The Mishings' নামৰ চুটি ছবিখন নিৰ্মাণ কৰা হয়। যশস্বী
পৰিচালক গৌতম বৰাৰ দ্বাৰা নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজক আছিল দিলীপ দলে। উল্লেখযোগ্য
যে এই ডকু-ফিছাৰ ফিল্মখনে ১৯৯২ চনত ৩৯ সংখ্যক ভাৰতীয় ফিল্ম ফেষ্টিভেলত শ্ৰেষ্ঠ
ছবি হিচাপে 'গ'ল্ডেন ল'টাছ' পুৰস্কাৰ লাভ কৰে। Sons of Abotani: The Mishings' ছবিখনৰ মুখ্য ভূমিকাত ইন্দ্ৰেশ্বৰ পেগুৱে
অভিনয় কৰিছিল। ছবিখনৰ 'Soliloquy' (স্বগতোক্তি)ৰ ৰচনা আৰু কণ্ঠস্বৰ আছিল ইন্দ্ৰেশ্বৰ পেগুৰ। ১৯৯৫ চনত ছহিদ 'কমলা মিৰি' নামৰ বোলছবিখনতো পেগুৱে এটা পার্শ্ব চৰিত্ৰত
অভিনয় কৰিছিল। "Puryuk' নামৰ প্ৰথম আৰু
এতিয়ালৈকে একমাত্ৰ মিচিং ভাষাৰ অনাতাঁৰ নাটকখন ইন্দ্ৰেশ্বৰ পেগুৱে প্রয়োজনা আৰু
পৰিচালনা কৰিছিল। নাটকখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ২০০৪ চনত প্ৰচাৰিত
হৈছিল। ১৯৯৪ চনত পেগুৰ কাহিনীৰ আধাৰত ডিব্ৰুগড়, দূৰদৰ্শন কেন্দ্ৰই 'আলি-আয়ে লৃগাং নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি
সম্প্ৰচাৰ কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ দ্বাৰা প্ৰযোজিত আৰু স্বৰ্গীয় মহীধৰ
পেগুৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত সংগীতালেখ্য 'আনু-নি:তমৰ সুৰে সুৰে' ৰচনা কৰিছিল ইন্দ্ৰেশ্বৰ পেগুৱে। ডাঃ নোমল
পেগুৰ জীৱন আৰু কৰ্মৰ আধাৰত পেগুৱে ৰচনা কৰে 'জীৱনৰ আন এটি নাম সংগ্রাম' নামৰ সংগীতালেখাটি আকাশবাণী ডিব্ৰুগড় কেন্দ্রই
প্রযোজনা কৰি সম্প্ৰচাৰ কৰে।
যশস্বী শিল্পী ইন্দ্ৰেশ্বৰ পেগুৱে
কেইবাটাও চি ডি, শ্ৰব্য কেছেট
ৰাইজলৈ আগবঢ়াইছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য-
'হিছ অৱ
ইন্দ্ৰেশ্বৰ পেণ্ড' লুবিচুযে ঙ আদিৰ
চি ডি, 'মিক্ছি-জিলিঃ'
(মিচিঙৰ প্ৰথম লং-প্লেইং
ৰেকৰ্ড, ১৯৮৬), গামিগ (মিচিং শ্রাব্য কেছেট, ১৯৮৭) মিগাং (মিচিং শ্রাব্য কেছেট), মায়িং (মিচিং কবিতা আবৃত্তিৰ যাবা কেছে) আদি
উল্লেখযোগ্য।
লেখক ইন্দ্ৰেশ্বৰ পেগু মিচিং আৰু অসমীয়া ভাষাসাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াইছে। পেগুৰ প্ৰকাশিত গ্ৰন্থৰ তালিকা আছে- মিৰু (অসমীয়া উপন্যাস, ১৯৯২ চন), খেৰকটা পাৰৰ গান (স্বৰচিত কবিতাৰ সংকলন, ১৯৯৫ চন), শব্দবোৰ (স্বৰচিত কবিতাৰ সংকলন, ২০০২ চন), মাতমৰাৰ কা:বান (স্বৰচিত কবিতাৰ সংকলন, ২০০৯ চন), মিচিং সমাজ আৰু সংস্কৃতি (মিচিং সমাজ আৰু সংস্কৃতিৰ ওপৰত গৱেষণামূলক গ্রন্থ, ২০০৩ চন), পৰিৱৰ্তনৰ আলি-দোমোজাত মিচিং সমাজ (বাছকবনীয়া প্ৰৱন্ধৰ সংকলন, ২০০৬ চন), লক্ষ্যত উপনীত নোহোৱালৈকে (প্ৰবন্ধৰ সংকলন, ২০০৯ চন), জীৱনৰ কথা সকলোকে ক'ব পাৰি (প্ৰৱন্ধৰ সংকলন, ২০১৫ চন), Lubisuye Ngo (মিচিং গীতৰ সংকলন, ২০০৪ চন), Gitanjoli (কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ 'গীতাঞ্জলি' কাব্যগ্ৰন্থৰ মিচিং অনুবাদ, ২০১৪ জন), The Mishings of North East India (মিচিং জনজাতিৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গৱেষণামূলক গ্রন্থ, ২০১৯ চন), মন আৰু চিন্তা (প্ৰৱন্ধৰ সংকলন, ২০২১ চন), Méaruk (মিচিং কবিতাৰ সংকলন)। তদুপৰি পেগুৱে কেইবাখনো আলোচনী আৰু স্মৃতিগ্রন্থ সম্পাদনা কৰিছে। বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত যশস্বী শিল্পী-লেখক ইন্দ্ৰেশ্বৰ পেগুক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বটাঁ আৰু সম্বৰ্ধনা আদি লাভ কৰিছে। মহীশূৰস্থিত ভাৰতীয় ভাষা সংস্থানে (Central Institute of Indian Languages. W Mysore) আয়োজন কৰা পাণ্ডুলিপি প্ৰতিযোগিতাত অসমীয়া ভাষাত লিখা 'মিবু' নামৰ উপন্যাসখনে ১৯৯২ চনত পুৰস্কাৰ লাভ কৰে। ২০১০ চনত অসম চৰকাৰৰ 'কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা', ২০২১ চনত অসম চৰকাৰৰ দ্বাৰা 'শিল্পী বঁটা' আদি উল্লেখযোগ্য। তদুপৰি ২০০০ চনত কৃতী শিক্ষকৰূপে লখিমপুৰ জিলাৰ উপায়ুক্তৰ দ্বাৰা সম্বৰ্ধনা, ২০০১ চনত টি এম পি কেৰ মাতমৰা বাংকেৰ দ্বাৰা সম্বৰ্ধনা, ২০১০ চনত অসম সাহিত্য সভা আৰু অসম নাট্য সন্মিলনৰ যুটীয়া উদ্যোগত সম্বৰ্ধনা, ২০১৪ চনত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্বৰ্ধনা, ২০১৬ চনত ধেমাজি জিলা সাংবাদিক সন্থাৰ দ্বাৰা সম্বৰ্ধনা, ২০১৫ চনত মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা সম্বৰ্ধনা আদি উল্লেখনীয়। তদুপৰি ইন্দ্ৰেশ্বৰ পেগুৱে জোনাইত 'মিচিং ভাষা আৰু কলা-সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰ' এখন সংস্থাপন কৰি, সাহিত্য, কলা-সংস্কৃতিৰ নীৰৱ সাধনা অব্যাহত ৰাখিছ।
ম'বাইল : 9954638967
0 Comments