এটা দিনৰ পবাৰ ডায়েৰী...
ৰাজীৱ পেগু
বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰই তথ্যচিত্ৰৰ দৃশ্য গ্ৰহণৰ বাবে বিগত ২৬ ফেব্ৰুৱাৰীত দূৰদৰ্শনৰ এটা দলৰ সৈতে আমি তিনিমাইল বন খণ্ডত উপস্থিত হৈছিলোঁ। উক্ত দলত আছিল ডিব্ৰুগড় দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী মৃদুল শৰ্মা, কেমেৰামেন প্ৰণৱ চেতিয়া, কাৰিকৰী সহযোগী তপন ভৌমিক, মহেন্দ্ৰ বৰুৱা, প্ৰকৃতিকৰ্মী, নেচাৰ্ছ বেকনৰ সদস্য তোষেশ্বৰ আগৰৱালা, ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু, উপদেষ্টা সঞ্জীৱ দেৱ ৰয়, ৰাজীৱ পেগু, বিজয় বৰি, ছেভ পবা ৰেইন ফৰেষ্টৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি টায়েং, সদস্য স্বপ্নৰঞ্জন ময়েঙীয়া আৰু বুদ্ধিনাথ ৰেগন আদি। আমি ৰাতিপুৱা প্ৰায় ন বজাত পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বন খণ্ড কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ'লো। আমি উপস্থিত হোৱাৰ কিছু সময়ৰ পিছত দেখিলোঁ এটা তিনিচকীয়া অট'ৰিক্সা গাড়ী প্ৰায় দহ জনী মহিলা আৰু তিনিজন পুৰুষে হাতে হাতে দা লৈ নামি আহিছে। নামি অহা দেখা পাই মই অলপ আগবঢ়ি গৈ সুধিলো আপোনালোকে ক'লৈ যাব ? তেতিয়া এগৰাকী মহিলাই উত্তৰ দিলে যে গাঁৱৰ এঘৰত বিশেষ সকাম থকাৰ হেতু পবাৰ জংগলৰ পৰা খৰি ল'বলৈ আহিছো। মই পুনৰ সুধিলো আপোনালোকে ইমানবোৰ মহিলা বনাঞ্চলত সোমাব আৰু খৰি ল'ব তাৰ কাৰণে ফৰেষ্ট বিভাগৰ পৰা অনুমতি লোৱা আছে নেকি?' মহিলাগৰাকী ক'লে- এনেকৈ আমি আগৰ পৰাই কোনো অনুমতি নোলোৱাকৈ খৰি সংগ্ৰহ কৰোঁ, সেইবাবে কোনো অনুমতি লোৱা নাই। মই লগে লগে তিনিমাইল ফৰেষ্ট বিভাগৰ বীট অফিচাৰক মাতিলো আৰু সুধিলো যে এনেকৈ কোনো অনুমতি নোলোৱাকৈ জংগলৰ ভিতৰলৈ যাবলৈ দিয়াৰ নিয়ম আছে নেকি? বীট অফিচাৰজনে উত্তৰ দিলে যে আমি ৰখাব নোৱাৰিছো আৰু দৈনিক এনেকৈ ইয়াৰ স্থানীয় মানুহবোৰে দদগাং, পৰাগ, লৃগাং, মাঘ বিহু আৰু বিভিন্ন সকাম-নিকামৰ নামত ট্ৰেক্টৰ, মেজিক, অটো, মটৰ চাইকেল আৰু বাইচাইকেল লৈ খৰি ল'বলৈ আহে। এনেতে তোষেশ্বৰ মিৰি আগৰৱালা আৰু স্বপ্নৰঞ্জন ময়েঙীয়াই মোৰ ওচৰলৈ আহিল। মই তাৰ পিছত মহিলাৰ দলটিক কলোঁ যে আপোনালোকে সদায় যদি এনেকৈ খৰি ল'বলৈ আহে তেন্তে এই ফৰেষ্টখন বাচিব থাকিব জানো? লগতে মই ক'লো যে একোটা নিগনিয়ে এটা এটা কৈ ধানৰ থোক গোটাই গোটাই এধৰা মাটিৰ ধান শেষ কৰি দিয়ে। ঠিক একেদৰেই আপোনালোকেও আজি অলপ অহা কালিলৈ অলপ কৈ পবা সংৰক্ষিত বনাঞ্চলৰ পৰা খৰিৰ নামত অপৈণত গছ-গছনিবোৰ কাটি নিয়াৰ ফলত পবা বনাঞ্চলখন ক্ৰমে নিশকটীয়া হৈ শেষ হৈ নাজাবনে ? এই জংগল আপোনালোকৰে। দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজৰে। কিন্তু আপোনালোকে দাঁতিকাষৰীয়া জনসাধাৰণে যদি ইয়াক সুৰক্ষা নিদিয়ে তেন্তে অতি কম সময়ৰ ভিতৰত এই জংগল শেষ হৈ যাব।
মোৰ কথাবোৰ মনে মনে মহিলাৰ দলটি শুনি আছিল
আৰু এগৰাকী মহিলাই আকৌ পুনৰ অনুৰোধ কৰিলে যে আজিৰ বাবে আমাক খৰি ল'ব দিয়ক অহা বাৰৰ পৰা আমি ল'বলৈ নাহো। মই তেতিয়া ক'লো, চাওঁক যোৱা কেইবাবছৰ পৰা আপোনালোকক দেখি আহিছোঁ আৰু চিনিও পাওঁ। এটা সময়ত
ফৰেষ্ট বিভাগে লালী নৈত পৰি থকা আৰু নৈ উটি অহা খৰিসমূহ সাধাৰণ মানুহক সংগ্ৰহ কৰিব
দিয়া নাছিল। কিন্তু পবা বনাঞ্চলৰ সুৰক্ষাৰ স্বাৰ্থত ফৰেষ্ট বিভাগৰ লগত আলোচনা কৰি
পবা দাঁতিকাষৰীয়া ৰাইজক লালী নৈৰ পানী উটি অহা কাঠ আৰু খৰি সংগ্ৰহ কৰিবলৈ অনুমতি
দিয়ে। বিভাগে আমাৰ কথাত একমত প্ৰকাশ কৰে আৰু সেইমতে পবা দাঁতিকাষৰীয়া ৰাইজক নৈত
উঠি অহা কাঠ আৰু খৰি সংগ্ৰহ কৰিবলৈ অনুমতি প্ৰদান কৰিছিল।কিন্তু আপোনালোকে বাৰিষা
সময়ত খৰিবোৰ নৈৰ পৰা উঠাই নি সেইবোৰ বজাৰত বিক্ৰী কৰি দিয়ে আৰু খৰালি সময়ত আকৌ
পুনৰ পবা বনাঞ্চলৰ পৰা খৰি ল'বলৈ জাকে জাকে দল
বান্ধি পবালৈ আহিব। মই আকৌ ক'লো যে আপোনালোকে
এই বনাঞ্চলখন এনেদৰে ধ্বংস কৰাটো আমি মুঠেই কামনা নকৰোঁ আৰু মই আপোনালোকৰ ভৰিত
ধৰিছো বুলি কৈ মই হাতযোৰ কৰি মহিলাসকলক সেৱা জনাই অনুৰোধ কৰিলোঁ। মহিলাৰ দলটিক
এনেকৈ কৈ মই তেখেতসকলৰ ওচৰৰ পৰা অলপ আঁতৰলৈ গুছি আহিলো। ইতিমধ্যে ৰয়েল পেগু
কেমেৰাৰ আগত থিয় হৈ পবাৰ তথ্যচিত্ৰৰ ওপৰত এংকৰ আৰম্ভ কৰিছিল। মই তেওঁৰ ওচৰলৈ বুলি
খোজ ল'লো। ৰয়েল পেগু ইতিমধ্যে
পবা তথ্যচিত্ৰ এংকৰ আৰম্ভ কৰা ঠাইৰ পৰা মই মহিলাৰ দলটোৰ ফালে দৃষ্টি নিক্ষেপ কৰি
দেখিলোঁ যে মহিলাৰ দলটি আমন-জিমনকৈ পুনৰ অটোত গোটেই কেইজনী উঠি উভতি গুছি গ'লগৈ। মনতে সুখী হ'লো। মহিলাসকল যে প্ৰকৃতি সুৰক্ষাৰ কথাটো
উপলব্ধি কৰি উভতি গ'ল। পিছত ফৰেষ্ট
বিভাগৰ বীট অফিচাৰক মাতি আনি অনুৰোধ কৰিলোঁ যে কোনো বৈধ নথি-পত্ৰ নোহোৱাকৈ কাকো
পবা বনাঞ্চলৰ অভ্যন্তৰত প্ৰৱেশ কৰিব নিদিব। ৰয়েল পেগুৰ আৰম্ভণিৰ এংকৰ শেষ কৰি
ফৰেষ্ট বিভাগৰ চাৰিজন কৰ্মচাৰী আৰু ফৰেষ্ট গাৰ্ডক লগত লৈ আমি তথ্যচিত্ৰৰ বাবে অধিক
দৃশ্য গ্ৰহণৰ বাবে পবাৰ অভ্যন্তৰত প্ৰৱেশ কৰিলোঁ। প্ৰায় ৩০০ মিটাৰ যোৱাৰ পিছত আমি
দূৰৰ পৰা দেখিলোঁ এক নীলা ৰঙৰ এ চি গাড়ী এখন ৰখি আছে আৰু গাড়ীখন দেখা পাই আমাৰ লগত
যোৱা ফৰেষ্ট গাৰ্ড দুজন মান আগুৱাই গ'ল আৰু আমি দূৰৰ পৰা দেখিলোঁ যে বিভাগৰ মানুহ অহা দেখা পাই কেইবাজনো মহিলা আৰু
পুৰুষ গাড়ীখনৰ লগত খোজ কাঢ়ি জংগলৰ পৰা ওলাই গৈছে। আমি লাহে লাহে গৈ যি স্থানত
গাড়ীখন ৰখাই থোৱা আছিল তাত উপস্থিত হ'লো। তাতে ৰাস্তাৰ ওচৰত দেখা পালোঁ শুকান কাঠৰ লগতে বহু অপৈণত কেঁচা গছ কাটি
গোটাই ৰাখিছে আৰু লগতে মানুহবোৰে পিন্ধি অহা চেন্ডেল, দা আৰু মোনাবোৰ এৰি গৈছে। মই ফৰেষ্ট গাৰ্ড
কেইজনক সুধিলোঁ যে এই মানুহবোৰ গাড়ী লৈ ভিতৰত প্ৰৱেশ কৰি গছ কাটি আছে তাৰ কাৰণে
কিবা অনুমতি লৈছেনে নাই? তেতিয়া এজন
বনকৰ্মীয়ে উত্তৰ দিলে যে মানুহবোৰ আমাৰ কেম্পৰ ওচৰৰ পৰা প্ৰৱেশ নকৰে। কবু ঘাট যোৱা
ৰাস্তাৰ পৰা আগুৱাই গৈ লুকাই চোৰকৈ এনেকৈ মানুহবোৰ সোমাই আহে। আৰু লগতে ক'লে যে মানুহবোৰ কবু ঘাটলৈ যোৱা বুলি আমি ভাবি
থাকো। আমি বনকৰ্মী কেইজনক উদ্দেশ্য কৰি ক'লো যে দা আৰু চেণ্ডলবোৰ জব্দ কৰক। আমাৰ কথা শুনি এজন বনকৰ্মী দা আৰু
চেণ্ডেলবোৰ তুলি আনি জংগলৰ ফালে দলিয়াই দিয়ে। আৰু এনেকৈ গছ কটা কি ধৰণে প্ৰতিৰোধ
কৰা যায় দুই এটা পৰামৰ্শ বনকৰ্মীক দি পুনৰ আমাৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। সিদিনা
পবাৰ অভ্যন্তৰত বিভিন্ন লোকেচনত পবা তথ্যচিত্ৰৰ দৃশ্য গ্ৰহণ কৰা হয়। ছুটিঙৰ লগতে
ৰয়েল পেগু, তোষেশ্বৰ মিৰি
আগৰৱলা আৰু বিজয় বৰিযে পবাত উপলব্ধ জীৱ-জন্তু, পবাৰ প্ৰাকৃতিক গঠন, সৌন্দৰ্য্য, জৈৱ-বৈচিত্ৰ্য আৰু পবাই সন্মুখীন হোৱা
প্ৰত্যাহ্বানৰ ওপৰত কেমেৰাৰ আগত উপস্থাপন কৰে। এনেকৈ কিছু সময় ছুটিং কৰাৰ পিছত
পুনৰ পবাৰ মূল কৰ এলেকালৈ বুলি খোজ ললোঁ। প্ৰায় চাৰি কিলোমিটাৰ সোমাই অহাৰ পিছত
ভঙা কালভাৰ্ট এটা দেখা পালোঁ তাতে অলপ ৰৈ তথ্যচিত্ৰৰ বিভিন্ন দৃশ্য গ্ৰহণ কৰাৰ
লগতে ৰয়েল পেগু, তোষেশ্বৰ মিৰি
আগৰৱালা আৰু সঞ্জীৱ দেৱ ৰয় আদিয়ে পবাৰ পৰিস্থিতিতন্ত্ৰ আৰু বনৰীয়া জীৱ-জন্তুৰ
ওপৰত আৰু মই পবাক কেন্দ্ৰ কৰি গঢ়ি উঠা পৰিৱেশ পৰ্যটনৰ সম্ভাৱনাৰ ওপৰত চমুকৈ
কেমেৰাৰ আগত থিয় হৈ বক্তব্য ৰাখিলোঁ। এনেকৈ ছুটিং চলি থকাৰ মাজতে বনকৰ্মী এজনে ক'লে যে আমি থিয় হৈ থকা পবাৰ অভ্যন্তৰৰ জলাশয়ত
কেন্সাৰ প্ৰতিৰোধী বন ঔষধ গুৱাহাটীৰ পৰা অহা এক বিশেষ দলে বিগত বছৰত বৈজ্ঞানিক
পৰীক্ষাৰ বাবে লৈ গৈছে। আৰু এতিয়ালৈ এই বন ঔষধৰ পৰীক্ষাৰ ফল বিতং বাবে গম পোৱা
নাই যদিও ঔষধবিধৰ সফল প্ৰয়োগৰ কথা জানিব দিয়ে। উক্ত বিশেষ দলটি পুনৰ পবালৈ অহাৰ
কথা আছে বুলিও মোক ক'লে। মই এই কথা
বনকৰ্মীৰ পৰা শুনাৰ পিছত ৰয়েল, তোষেশ্বৰ মিৰি
আগৰৱালা আৰু আমাৰ দলত যোৱা সকলোৰে লগত সেই বন ঔষধৰ বিষয়ে অৱগত কৰিলোঁ। এনেতে
বনকৰ্মীজনক সকলোৱে অনুৰোধ কৰিলে যে বন ঔষধবিধ দেখুৱাই দিবলৈ। বনকৰ্মীজনে বন ঔষধ
বিধ জলাশয় থাকে বুলি কৈ আমাক পিছে পিছে আহিব দি সেই বিশেষ বন ঔষধটো বিচৰাত লাগিল।
কিছুসময় বিচৰাৰ পিচত বনকৰ্মীজনে সেই বিশেষ বন ঔষধ বিধ জলাশয়ৰ মাজত দেখুৱাই দিলে
আৰু মই অলপ ৰাস্তাৰ পৰা নামি গৈ বন ঔষধৰ এজোপা তুলি আনিলো আৰু লগত অহা সকলোকে
দেখুওৱালো। বনজোপা দেখাৰ পিছত আমাৰ লগত অহা স্বপ্নৰঞ্জন ময়েঙীয়াই ক'লে যে এনে বন আমাৰ পথাৰবোৰটো উপলব্ধ আৰু তেওঁ
এই বন চিনি পোৱাৰ কথা ক'লে। কিন্তু মই ক'লো যে আমাৰ পথাৰত পোৱা সেই বন জোপা হয় নে নহয়
পাছত আমি তুলনা কৰি চাব লাগিব। মোৰ কথাবোৰ শুনাৰ পিছত তোষেশ্বৰ মিৰি আগৰৱালা আৰু
ৰয়েল পেগুয়ে ক'লে যে এই কথাটোৰ
বিষয়ে সবিশেষ নজনাকৈ বেছি প্ৰচাৰ কৰিব নালাগে আৰু মানুহক সেই বন জোপাৰ বিষয়ে সদ্যহতে
একো ক'ব নালাগে। দুয়োৰ কথাত
আমি সকলোৱে সহমত প্ৰকাশ কৰিলোঁ। এনেতে মই সময় কিমান হ'ল বুলি ম'বাইল খুলি চালোঁ তেতিয়া আবেলি ১.৪০ বাজিছে।
আমাৰ ছুটিঙৰ কামো প্ৰায় শেষ হৈছিল। মই সকলোকে ক'লো যে আমি উভতি যাব লাগে যিহেতু বহুত ভোক
লাগিছে। মই ভাস্কৰক ক'লো- আমাৰ খোৱা
সামগ্ৰীবোৰ তিনিমাইল আহি পালে নে নাই খবৰ ল'বলৈ। যিহেতু আমি আগদিনাই জোনাইত নতুন কৈ স্থাপন
কৰা 'পবা হোটেল'ৰ স্বত্বাধিকাৰী শিৱ সোণোৱালক ১.৩০ বজাত
তিনিমাইলৈ খোৱা সমগ্ৰীবোৰ বনাই আনি দিবলৈ বন্দোবস্ত কৰা আছিল। ভাস্কৰে লগে লগে ফোন
কৰি খবৰ লৈ আমাক জনালে যে তিনিমাইলত আমাৰ খাদ্য সাজু কৰি ৰাখিছে। আমি তেওঁৰ কথা
শুনাৰ পিছত আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। ঘূৰি অহাৰ সময়ত সকলোৰে বৰকৈ ভোক লাগি
আহিছিল সেইবাবে যিমান পাৰে সিমান সোনকালে বুলি পুনৰ অহাৰ বাটেদি আমাৰ ওভতনি যাত্ৰা
অব্যাহত ৰাখিলোঁ। এনেকৈ আহি আহি আমি যিটো জেগাত মানুহবোৰে আমি অহাৰ সময়ত অপৈণত
সেউজীয়া গছ কাটিছিল সেইটো ঠাইত আহি উপস্থিত হলোহি। তাতে উপস্থিত হৈ দেখিলোঁ যে দম
দম ডাঙৰ গছ আৰু গছৰ ডাল কাটি ৰাখিছে। মই বনকৰ্মীসকলক উদ্দেশ্য কৰি ক'লো যে আমি অহাৰ সময়ত গছ কটা বন্ধ কৰিব দিয়াৰ
বাবে জিদ ধৰি মানুহবোৰ পুনৰ গছ কাটিব অহা নাইটো! বনকৰ্মীজনে উত্তৰ দিলে যে অন্য
এটা বেলেগ দলে গছবোৰ কাটিছে। ভাস্কৰে লগে লগে ৰাস্তাৰ পৰা নামি ফটো তোলাত লাগিল
আৰু সকলোৱে নামি আহি গছবোৰ এনেকৈ কটা দেখা পাই দুখ প্ৰকাশ কৰিলে। এনেতে মই নামি
আহি যিটো জেগাত গছবোৰ কাটি ৰাখিছে তাৰ ওচৰত ডাঙৰ হলক গছ এজোপা আছে। সেই গছজোপাৰ
তলত দেখা পালোঁ বহু কেইটা প্লাষ্টিকৰ মোনা। মোনাবোৰত কিনো আছে বুলি এটা মোনা উঠাই
আনি দেখিলোঁ তাতে জংগলৰ পৰা বুটলি অনা কচু শাক, গুৰ্বান, ঢেকীয়া শাক আৰু অন্যান্য জংগলী শাক লগতে এটা
মিড দা। মোনাবোৰ আৰু দাবোৰ দেখা পাই মনত ভাবিলো মানুহবোৰ নিশ্চয় ওচৰতে আছে আৰু
আমাক অহা গম পাই জংগলত লুকাই আছে। মই লগা লগ আমাৰ লগত অহা বনকৰ্মী কেইজনক অনুৰোধ
কৰিলোঁ যে সেই মোনাবোৰ লগতে দাবোৰ জব্দ কৰক। আমাৰ কথা মতে বনকৰ্মী কেইজন মোনাবোৰৰ
লগতে দাবোৰ নিজৰ জিম্মাত ল'লে আৰু যিবোৰ গছ
কাটি ৰাখিছে সেইবোৰ বীট অফিচ কেম্প লৈ আনি বিধিগত ব্যবস্থা ল'বলৈ অনুৰোধ কৰিলোঁ। মানুহবোৰৰ এনে কাৰুকাৰ্য
কৰাৰ বাবে আমাৰ লগত যোৱা বনকৰ্মীসকল আমাৰ আগত দুখ প্ৰকাশ কৰে। এনেকৈ কিছু দূৰ অহাৰ
পিছত আমি তিনিমাইল আহি পালোঁ আৰু বনকৰ্মী লৈ অনা মোনা আৰু মিড দাসমূহ তিনিমাইল থকা
বীট অফিচাৰজনক মাতি আনি হস্তান্তৰ কৰিলোঁ আৰু কাটি ৰখা গছসমূহ বিভাগৰ পৰা বিধিগত
ব্যৱস্থা ল'বলৈ দাবী
জনালোঁ।তাৰ পিছত আমাৰ বাবে ইতিমধ্যে খাদ্য সাজু কৰি ৰাখিছিল পবা হোটেলৰ মালিকে।
আমি লালী নৈৰ পাৰলৈ গৈ খাদ্য গ্ৰহণ কৰিলোঁ আৰু খাদ্য গ্ৰহণ কৰাৰ পিছত ডকুমেণ্টৰীৰ
অন্তিম ছুটিং কাৰণে ভাস্কৰ সাজু হ'ল। ভাস্কৰ কৈ থকা
শুনিলো পৰ্যটকে পবা লৈ কেনেকৈ আহিব পাৰি আৰু কোন কেইটা মাহত আহিলে ভাল হয়
ইত্যাদি। অন্তিম ছুটিঙৰ কাম সমাপন কৰি আমি পুনৰ জোনাইলৈ ঘূৰি আহিব লৈছোঁ তেতিয়া
এজাক মহিলা আমাৰ ফালে আহি থকা দেখিলোঁ আৰু আহি পাই আগৰৱালাক অনুৰোধ কৰা শুনিলোঁ যে এখেতসকলৰ জব্দ
কৰা দাবোৰ ঘূৰাই দিবলৈ। মই তেতিয়াহে বুজিলো সেই মহিলা কেইজনী গছবোৰ কাটিছিল।
তোষেশ্বৰ মিৰি আগৰৱালাই ক'লে যে দাবোৰ
ফৰেষ্ট বিভাগে জব্দ কৰিছে। গতিকে এখেতসকলৰ লগত যোগাযোগ কৰিব কৈ আমি জোনাই লৈ বুলি
ঘূৰি আহিলো। ঘূৰি আহি থাকোঁতে বাৰে বাৰে মনত এটাই কথাই মনত ভাঁহি থাকিল এনেকৈ আৰু
কিমান দিন বৰ্ষাৰণ্য পবা বাচিব পাৰিব। আমাৰ মিচিং মানুহবোৰ গছ, জংগল ভাল পাই বুলি নাম আছে। কিন্ত আমাৰ
মানুহবোৰেই চোন দিনে দিনে বৰ্ষাৰণ্য পবাৰ গছবোৰ কাটি শেষ কৰিব ধৰিছে। দাঁতিকাষী
ৰাইজ সচেতন হ'লেহে বৰ্ষাৰণ্য
পবাক সঁচা অৰ্থত সুৰক্ষা দিব পাৰিব।
0 Comments