Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

 


আঘোনৰ পথাৰত

সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক

 

দিগন্ত লৃ:চাং পেগু

 

শৰতেও বিদায় মাগিলে এতিয়া হেমন্ত, শীতৰ আগমনৰ বতৰা দি ---

পৰিৱৰ্তন প্ৰকৃতিৰ নিয়ম৷ সেই পৰিৱৰ্তন সকলো দিশতে বিৰাজমান৷ পৃথিৱীৰ সকলো উদ্ভিদ-প্ৰাণী; জীৱ-জড়; আপুনি-মই, আমি সকলোৰে জীৱন৷ এয়াই শাশ্বত সত্য৷

     কবিৰ ভাষাত- শেৱালিয়ে শৰৎ-শৰতেই শেৱালি শেৱালিয়ে নিশা ফুলি আমোলমোল সুগন্ধি বিলাই পুৱাই সৰি সেউজীয়া ঘাহঁনিত পৰি বগা দলিচা পাৰি বিদায় লোৱাৰ দৰে এতিয়া শৰতেও বিদায় মাগিলে গ্ৰীষ্ম-বৰ্ষা; উৎসৱ-পাৰ্বনৰ সুখ-দুখৰ সমাহাৰেৰে হেমন্ত-শীতৰ আগমনৰ বতৰা দি৷

‌‌আহাৰ-শাওণ মহীয়া প্ৰখৰ ৰদ-বৰষুণ নেওচি বোকামাটিত কপালৰ কেঁচা ঘাম পেলাই কৰা খেতিয়কৰ কষ্টৰ ফচল সেউজীয়া ধাননি পথাৰবোৰ এতিয়া সোণোৱালী হল৷ চহা খেতিয়ক মন তুষ্ট হল৷ লখিমীক আদৰাৰ আনন্দ এতিয়া চৌপাশে৷

      এতিয়া অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৰ ধেমাজি‌ জিলাৰ জোনাইৰ চিয়াং-লালী; বুঢ়ীসূঁতি আদি নদীপৰীয়া ৰাইজ ধাননি পথাৰত সোণগুটি চপোৱাত ব্যস্ত৷এতিয়া দাৱনীৰ কোমল হাতৰ কাচিৰ পৰশত প্ৰাণপায় উঠিছে সোণগুটিৰ লগতে অই-নিঃতমৰ কলি৷ আবেলিৰ বেলিটি চিয়াঙৰ বুকুত পশ্চিমলৈ লহিয়াইছেনদীখনৰ সীপাৰৰ পৰা ৰিণিকি ৰিণিকি বাজি আহিছে ঘৰমুৱা গোৱালৰ সুললিত বাঁহীৰ সুৰ৷

     আকৌ আন কোনোবা গাঁৱে অতীতৰ পৰম্পৰা ৰক্ষা কৰি চলাই গৈছে সমূহীয়া ধান কটাৰ ৰৃকব (Rikbo) প্ৰথা অৰ্থাৎ হাৰিয়া৷ ঠিক তেনেকৈয়ে মিচিং জনগোষ্ঠীৰ কোনোবা গাঁৱে সমূহীয়াভাৱে ধান ধাই পুঁজি গোটাইছে গাঁওখনৰ বিভিন্ন উন্নয়ন শিতানতৰ বাবে আকৌ আন কোনোবা গাঁৱে আগন্তুক বৰ্ষত পঃৰাগ উৎসৱ উদযাপন কৰিবলৈ৷ এনেদৰেই এতিয়া‌ গাঁৱে গাঁৱে ব্যস্ত চহা কৃষক ৰাইজৰ‌ জীৱন চৰ্যা

 

Post a Comment

0 Comments