অসমৰ মানৱ অধিকাৰ আন্দোলনৰ স্রষ্টা আৰু
সত্যনিষ্ঠ সাংবাদিক- পৰাগ কুমাৰ দাস
তোষেশ্বৰ মিৰি আগৰৱালা
মানৱ অধিকাৰ হৈছে
জন্মস্বত্ব অধিকাৰ। ভয়, উৎপীড়ণ, বৈষম্যৰ পৰা মুক্তভাবে যাপন কৰা জীৱনেই হৈছে
প্রকৃতার্থত স্বাধীন। উল্লেখযোগ্য যে প্রাচীন কালৰে পৰা মানুহে কিছুমান জন্মস্বত্ব
অধিকাৰ ভোগ কৰি আহিছে। তেতিয়া তেনে অধিকাৰবোৰক প্ৰাকৃতিক অধিকাৰ হিচাবে নামাকৰণ
কৰিছিল। কিন্তু কালক্ৰমত সমাজ প্রাকৃতিক স্তৰৰ পৰা সাংস্কৃতিক স্তৰলৈ উন্নীত হ'ল। ৰাষ্ট্ৰ আবিস্কাৰ হ'ল। সংবিধানৰ জন্ম হ'ল। ৰাষ্ট্ৰই মানুহে আদিম অৱস্থাৰ পৰা ভোগ কৰি
অহা কিছুমান অধিকাৰক সংবিধানত অর্ন্তভুক্ত কৰা হ'ল। যেনে জীয়াই থকাৰ অধিকাৰ, সম্পতিৰ অধিকাৰ আৰু স্বাধীনতাৰ অধিকাৰ।
কালক্ৰমত সেয়াই মানৱ অধিকাৰৰূপে পৰিগণিত হ'ল। কিন্তু এসময় মানুহক প্রাকৃতিক অধিকাৰ উপভোগৰ পৰা এচাম মানুহে বঞ্চিত কৰিব
ধৰিলে। ক্ষমতাশালীৰ ওচৰত ক্ষমতাহীন শ্রেণীটোবে সীমাহীন দূর্ভোগ ভোগিব ল'গা হ'ল। আনকি দাস প্রথাৰ দৰে ঘৃণনীয়া ব্যৱস্থা প্ৰবৰ্ত্তন কৰি মানুহক কিনা-বেচাৰ
কৰাৰ বজাৰ কৰিলে। মানৱ অধিকাৰ ভৰিৰে পিষ্ট কৰি পেলাব ধৰিলে। অৱশেষত১৯৪৫ চনত
ৰাষ্ট্ৰসংঘৰ জন্ম হ'ল। ৰাষ্ট্ৰসংঘত
মানৱতা হনন কাৰ্যৰ ওপৰত আলোচনা কৰা হ'ল। লাহে লাহে মানব অধিকাৰ বিষয়টো আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিব ধৰিলে। যাৰ
পৰিপ্ৰেক্ষিতত ১৯৪৮ চনৰ ১০ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে মানৱ
অধিকাৰক বিশ্বৰ মানৱজাতিৰ বাবে এক সার্বজনীন অধিকাৰ হিচাবে প্রতিষ্ঠ কৰিলে।
সেইদিনাৰে পৰা মানৱ অধিকাৰক পৃথিবীবাসীয়ে মৌলিক অধিকাৰৰূপে চিহ্নিত কৰিলে।
তেনেদৰে আমাৰ ভাৰতীয় সংবিধানতো মৌলিক অধিকাৰ প্ৰণয়ন কৰা হ'ল। মানৱ অধিকাৰ মৌলিক অধিকাৰৰূপে বিবেচিত কৰা হ'ল। মানৱ অধিকাৰ সুৰক্ষাৰ বাবে ১৯৯৩ চনৰ
অকত্তোৱৰ মাহত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। এই আইনৰ অধীনত ৰাজ্যবিলাকতো
ৰাজ্যিক মানৱ অধিকাৰ আয়োগ আৰু মানৱ অধিকাৰ আদালত গঠনৰ নিৰ্দ্দেশনা উল্লেখ আছে।
মানৱ অধিকাৰ আইনৰ যোগেদি ভাৰতৰ দূৰ্বল শ্ৰেণীসমূহৰ ধৰ্মীয়, ভাষিক, সাংস্কৃতিক, সামাজিক, ৰাজনৈতিক, অর্থনৈতিক বিকাশ সাধন আৰু তেওঁলোকৰ অধিকাৰ যাতে
সুৰক্ষিত হয় তাক প্রাধান্য দিয়া হৈছে।কিন্তু পৰিতাপৰ বিষয় যে সমগ্র দেশতে চৰকাৰী
বা ব্যাক্ত সন্ত্রাসত লাহে লাহে মানৱ অধিকাৰ লংঘনৰ বিভিন্ন ঘটনা সংঘটিত হ'ব ধৰিছে। আইনৰ ব্যয় বহুল ব্যৱস্থাত সাধাৰণ
ৰাইজে আইনৰ পৰা পাব ল'গা জৰুৰী ন্যায়ৰ
পৰা বঞ্চিত হ'ব ধৰিছে। ইপিনে
অন্ধবিশ্বাস আৰু ডাইনী হত্যাৰ দৰে সামাজিক ব্যাধিবোৰ আছেই। যাৰ ফলত আমাৰ সমাজত
মানৱতা বাৰম্বাৰ ভূ-লুষ্ঠিত হৈছে। স্মর্তব্য যে অসমৰ বিদেশী বিতাড়ন আন্দোলনৰ সময়ৰে
পৰা অসমত যি হাৰত মানৱ অধিকাৰ লংঘনীয় কাৰ্য সংঘটিত হ'ব ধৰিছে। ইয়াৰ কু-প্ৰভাৱ এতিয়া মাৰ যোৱা নাই।
বিশেষকৈ গুপ্ত হত্যাৰ নামত বহু নীৰিহ লোকৰ পৰিয়াল নিঃশেষ হৈ গ'ল। ইয়াৰে কিছুমান পৰিয়াল আজিকোপতি কোনোধৰণৰ
আইনৰ ন্যায় লাভ কৰা নাই। বিশেষকৈ ৮০ দশকত অসমৰ জাতি-জনগোষ্ঠিৰ স্বশাসনৰ অধিকাৰ আৰু
কেন্দ্ৰ চৰকাৰৰ শোষণ নীতিৰ বিৰোদ্ধে অসমত প্ৰতিবাদ আৰম্ভ হৈছিল। জনগণৰ কণ্ঠৰোধ
কৰিবৰ কাৰণে আৰম্ভ হৈছিল মানৱ অধিকাৰ ভুলুণ্ঠিত কাৰ্য। মানৱ অধিকাৰৰ হকে পৰাগ দাসে
প্রতিবাদ আৰম্ভ কৰিছিল। ৰাষ্ট্ৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে পৰাগ কুমাৰ দাসে কলম তুলি
লৈছিল। তেওঁক ৰাষ্ট্ৰ নিৰাপত্তা আইনৰ অধীনত দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল। "
স্বাধীনতাৰ প্ৰস্তাৱ” নামৰ তেওঁৰ
গ্ৰন্থখনকো চৰকাৰে নিষিদ্ধ কৰিছিল। ৰাষ্ট্ৰদ্ৰোহৰ দিনলিপিয়ে চৰকাৰ বাৰুকৈয়ে বিপদত
পেলাইছিল। তেওঁৰ "আগানা” নামৰ
বাৰ্তালোচনীত আলফা আৰু আনবিদ্রোহি দমনৰ নামত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ
মানৱ অধিকাৰৰ হকে লেখা প্রকাশ কৰিছিল। বিদেশী বিতাড়িত আন্দোলনৰ পাছৰে পৰা অসমত যি
হাৰত মানৱ অধিকাৰ খৰ্ব কৰিব ধৰিলে তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ১৯৯১ চনত কিছুমান
বুদ্ধিজীৱি আৰু সাংবাদিকৰ প্রচেষ্টাত অসমত মানৱ অধিকাৰ সংগ্ৰাম সমিতি নামৰ সংস্থা
এটা জন্ম লাভ কৰিলে। মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ তেওঁ প্রথম আহ্বায়ক আছিল। মানৱ
অধিকাৰ সংগ্ৰাম সমিতিৰ জড়িয়তে সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল। পৰাগ কুমাৰ
দাসে কেৱল সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মতা নাছিল। তেওঁ বিদ্রোহি সংগঠনসমূহৰ
বিৰুদ্ধেও মাতিছিল। অসমৰ প্ৰকৃতিক সম্পদৰ সতে অসমৰ মানুহৰ অধিকাৰৰ বিষয়ে মাতিছিল।
"চাংলট ফেনলা” নামৰ গ্ৰন্থখনত
স্বাধীন সপোন দেখা যুব চামক বাস্তৱিক ফলাফলৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে।
তথাপি অসমৰ বিদ্ৰোহি সমস্যাৰ শান্তিপূর্ণ সমাধানৰ বাবে চৰকাক হেঁচা প্রয়োগ কৰিছিল।
কিন্তু মানৱ অধিকাৰ খৰ্ব যাতে নহওক তাৰ বিৰুদ্ধে মাত মাতিবলৈয়ে মানৱ অধিকাৰ
সংগ্ৰাম সমিতি জন্ম হৈছিল। সমিতিখনৰ সচিবৰ দায়িত্ব অর্পণ কৰা হৈছিল পৰাগ কুমাৰ
দাসক। সংস্থাটোৰ মূল উদ্দেশ্য হৈছে মানৱ অধিকাৰ সম্পৰ্কে সাধাৰণ জনতাৰ মাজত সজাগতা
সৃষ্টি কৰা। লগতে আৰক্ষী, সামৰিক বাহিনী
আৰু অৰ্ধ সামৰিক বাহিনীৰ দ্বাৰা অসমত সংঘটিত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে মাত
মাতা। সেইসময়ত পৰাগ দাস আছিল অসমীয়া প্রতিদিন কাকতৰ সম্পাদক। এসময় দিল্লীৰ স্কুলচ
অফ ইকনমিক আৰু চেইন্ট ষ্টিফেনচ মহাবিদ্যালয়ৰ ছাত্ৰ আছিল। তেওঁ গুৱাহাটি ষ্টক
এস্কচেঞ্জৰ প্ৰবন্ধক আছিল। তেওঁ ইচ্ছা কৰা হ'লে অজস্র সা- সুবিধাৰ মাজত চাকৰি কৰিব
পাৰিলেহেঁতেন। কিন্তু তেওঁ অসমীয়া জাতিৰ দুদিনৰ কথা উপলব্দি কৰিব হয়তো পাৰিছিল।
সেইবাবেই মানৱ অধিকাৰ আন্দোলনৰ গুৰি ধৰিছিল। কিন্তু দুখৰ বিষয় যে মানৱ অধিকাৰ
সুৰক্ষাৰ বাবে মাত মাতাৰ কাৰণে পৰাগ দাসৰ দৰে অতি মেধাবী আৰু সাহসী যুব চিন্তাশীল
তথা অসমৰ মানৱ অধিকাৰ আন্দোলনৰ স্ৰষ্টাগৰাকীক ১৯৯৬ চনৰ ১৯ মে তাৰিখ দিনৰ ২.৪৫ বজাত
গুৱাহাটিৰ মাজমজিয়াত গুপ্তঘাতকে গুলীয়াই হত্যা কৰে। ইয়াৰ পাছতে মাছৰ বহু কৰ্মী
যেনে ১৯৯৭ চনৰ ৩১ মেত নগাঁও জিলাৰ হাতীচোংৰ মাছৰ অধ্যক্ষ চেনীৰাম গগৈকো সামৰিক
বাহিনীয়ে হত্যা কৰে। তাৰ পাছত ১৯৯৮ চনত নলবাৰীৰ লতিকা কছাৰীক গুপ্তঘাটকে হত্যা
কৰে। কামৰূপ জিলাৰ চন্দ্ৰপুৰৰ অতুল ফাংচু, গোৱালপাৰাৰ বালি হেথীছিলার নিরাসী পুতুল শৰ্মা, শিৱসাগৰৰ দশম সোনোৱাল আৰু তিনিচুকীয়াৰ মহেশ নাথ,
বৰপেটাৰ নৃপেন শৰ্মা,
খাৰঘুলি হেপীভিলাৰ নিবাসী
প্রতুল শৰ্মা, শিৱসাগৰৰ দশম
সোনোৱাল আৰু তিনিচুকীয়াৰ মাছৰ উপদেষ্টা নবীন তামুলীক ১৯৯৯ চনৰ ২৭ এপ্রিল তাৰিখে
গুপ্তঘাটকে হত্যা কৰে। এনেদৰে অসমত মানৱ অধিকাৰ সুৰক্ষাৰ সপক্ষে মাত মাতি অহা মাছৰ
কৰ্মীৰ জীৱনলৈ নামি আহিছিল ভয়, ভাবুকি, হত্যা আৰু অকথ্য নির্যাতন। বহু অসমীয়া
যুৱক-যুৱতীয়ে মৃত্যুক সাৱটি ললে। বহুতৰ জীৱন পংগু হ'ল। তাৰোপৰি সত্যনিষ্ঠ বাতৰি পৰিৱেশন কৰা
সাংবাদিকৰ জীৱনলৈ নামি আহিল অমানিশা। ১৯৯৯ চনৰ শিৱসাগৰৰ গ্রেনেড বিস্ফোৰণত নিহত
হৈছিল চিত্র সাংবাদিক আলফেইড চাজাদ আৰু চিতেন চুতীয়া। বৰপেটাত হত্যা কৰা হয়
ৰত্নেশ্বৰ শৰণীয়া শাস্ত্ৰী নামৰ আন এজন জ্যেষ্ঠ সাংবাদিক। তেনেদৰে ২০০৩ চনত দীনেশ
ব্রহ্মক, গোলাপাৰাৰ আমাৰ
অসম কাকতৰ ইন্দ্ৰমোহন হাকাচামা, ২০০৫ চনত অসমীয়া
খবৰৰ প্ৰহ্লাদ গোৱালা, ২০০৬ চনত গণকৰাজ
মেধি, ২০০৭ চনত বডচা নাৰ্জাৰী আৰু মহম্মদ মুচলিমুদ্দিন, ২০০৮ চনত জগজিৎ শইকীয়া, ২০০৯ চনত অনিল মজুমদাৰক, ২০১০ চনত বিমল তালুকদাৰ, ২০১২ চনত ৰায়হানু নাইমেক আদিক অচিনাক্ত
হত্যকাৰীয়ে হত্যা কৰে। তাৰোপৰি সাংবাদিক নিগ্রহ চলিয়ে আছে। সাংবাদিকৰ পৰিয়ালে কতো
ন্যায় পোৱা নাই। পৰাগ কুমাৰ দাসৰ দৰে বিশিষ্ট সাংবাদিকো আজিকোপতি ন্যায় পোৱা নাই।
কিন্তু মানৱ অধিকাৰ সংগ্ৰাম থমকি নৰ'ল। লাহে লাহে অসমীয়া মানুহে বুজি উঠিল যে মানৱ অধিকাৰ হৈছে মানুহ হিচাবে জীয়াই
থাকিবলৈ জন্মসূত্রে লাভ কৰা অধিকাৰ। এই অধিকাৰ সাব্যস্ত কৰিবলৈ অসমত আজিলৈকে ত্রিশটা
দহক ধৰি মানৱ অধিকাৰ প্ৰেমী মানুহে সংগ্রাম চলাই গৈছে। ইয়াৰ প্ৰাসংগিকতা ক্ৰমাৎ
বৃদ্ধি পাব ধৰিছে। গতিকে আমি এখন ন্যায়সম্পন্ন সমাজ গঢ়িবলৈ হ'লে পৰাগ কুমাৰ দাসৰ জীৱনৰ আদৰ্শক জীয়াই ৰাখিব
লাগিব।আমাৰ সমাজৰ কাৰণে পৰাগ কুমাৰ দাসৰ দৰে সাহসী, বিশ্বাসযোগ্য সাংবাদিকৰ প্ৰয়োজন।
0 Comments