হেমলতা
(অয়ান গাঁও নিবাসী ডাঃ
ধনঞ্জয় পাইতক দেখা কৰাৰ পৰৰ অনুভূতি)
ড০ দীপক কুমাৰ দলে
সুখৰ
বৰষুণত মই তিতিব নিবিচাৰো
দুখৰ
বৰষুণত তিতিব বিচাৰো মই
দুখবোৰেই
দেখোন মোৰ দুখৰ দিনৰ
সুখৰ উৎস
হৈ বোঁৱতী নদীৰ ৰূপ লৈছে।
হেমলতা
দুখৰ
নদীখন মোৰ বহল হৈ গৈ আছে দিনক দিনে
দুয়ো
পাৰে পাৰে গৰা খহাই খহাই বাৰ মাহে
হেৰাই
যোৱা নদীৰ পাৰৰ অতীতবোৰ বিলীন হৈছে
নিৰস
বালিৰে বালিচৰ পাতি পাতি
সেউজীয়া
মনৰ উপত্যকাৰ অন্য নাম মৰুদ্যান
মোৰ
আশাবোৰ তাতেই কিয় সাৰ পায়?
নদীখনৰ
বুকুৰে হাফোলা হাফোলে উটি ভাহি যায়
দুখৰ
ফেনবোৰ আপোন মনেৰে
ঘূৰি
অহাৰ মাতষাৰ দিবলৈ দেখোন আজৰিয়েই নাই
নিৰ্জনতাৰ
বুকুত কিহৰ ৰি ৰিয়নি
মই বাৰু
জীয়াই আছোনে?
ভিয়েটনামৰ
পৰা এইমাত্ৰ অহা নৰ্মদাৰ বাৰ্তা
আমি হেনো
জীয়াই আছো এই পৃথিৱীখনত
যেনেকৈ
আঘোণৰ পথাৰখন আছে
ঠিক
তেনেকৈ!
হেমলতা
অভিমানবোৰ
মোৰ বুকুৰ ডাৱৰ নহয়
অশ্ৰুবোৰ
মোৰ চকুৰ বৰষুণ নহয়
প্ৰেম
মোৰ হেঁপাহৰ সপোন নহয়
মৰম মোৰ
আমঠুৰ ৰং নহয়
আজি মই
অচিনাকি অৰণ্যৰ বুকুৰ
অনামী
ফুল
মোৰ সৌৰভ
বতাহৰ বাবে চুব নোৱাৰা পাতল আৱৰণ
অৰণ্যৰ
বুকুত ফুলি অৰণ্যতে লয় পাম অলপতে
মোৰ দুখত
অৰণ্যৰ বুকুত সৃষ্টি নহয় নিনাদ
সেউজীয়া
পাততো ৰং হৈ ৰৈ থাকে মোলৈ
দুখবোৰ
এতিয়াও
মই আছো অচিন কোণত নীৰৱে
দুখৰ সতে
কথা পাতি পাতি
পান
কৰিছো নহয় বাটিয়ে বাটিয়ে দুখৰ আপং
মোৰ নিচা
হৈছে অ হৃদয়হীনা হেমলতা
মোৰ নিচা
হৈছে
বাদ
দিয়াহে জিন্দগী!!
0 Comments