মিচিং জনজাতি
জুৱেল পেগু
ভাৰত চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ২০৯ টাৰো অধিক আদিম জাতি-জনগোষ্ঠীক অনুসূচিত জনজাতি হিচাপে সাংবিধানিক স্বীকৃতি প্ৰদান কৰিছে৷ এই আদিম জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত ‘মিচিং’সকল অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি৷ ভাষা বিজ্ঞানীসকলৰ মতে মিচিংসকল মূলতঃ মংগোলীয় গোষ্ঠীৰ, তিববত বৰ্মী ভাষা পৰিয়ালৰ, উত্তৰ অসম শাখাৰ লোক৷ সম্প্ৰতি নতুনকৈ ভাষা বিজ্ঞানীসকলে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠীসমূহক ভাষাগতভাৱে দুটা ভাগত বিভক্ত কৰিছে৷ উক্ত ভাগ দুটাক ‘কক্বৰক’ আৰু ‘আবতানি’ ভাষাগোষ্ঠী বুলি উল্লেখ কৰিছে৷ সেইমতে মিচিংসকল ‘আবতানি’ ভাষাগোষ্ঠীৰ অন্তৰ্গত৷ কিংবদন্তি, গৱেষণা আৰু অধ্যয়নৰদ্বাৰা প্ৰাপ্ত তথ্যমতে মিচিংসকলৰ উৎপত্তি স্থান চীন-মংগোল-তিববত দেশ সংলগ্ন ত্ৰিকোণীয়া ভূমিভাগ বুলি ধাৰণা কৰা হৈছে৷
চীন দেশৰ প্ৰধান নদী ইয়াংচিকিয়াং আৰু হোৱাংহো উৎপত্তি উপত্যকা মিচিং তথা অন্যান্য তানিগোষ্ঠীৰ লোকসকলৰ আদিম বাসস্থান বুলি ঠাৱৰ কৰা হৈছে৷ এই আদিম বাসস্থানৰপৰা উক্ত জনগোষ্ঠীৰ লোকসকল খাদ্য আৰু বাসস্থানৰ নিৰাপদ স্থান বিচাৰি ক্ৰমে দক্ষিণ-পশ্চিম চীনলৈ প্ৰব্ৰজন কৰি পৰৱৰ্তী কালত তিববতৰ উত্তৰ অংশলৈ গতি কৰি বসতি স্থাপন কৰিছিল বুলি জনা যায়৷ এই অঞ্চলত বহু বছৰ থকাৰ পিছত নতুন বাসোপযোগী ভূমিৰ সন্ধান কৰি মধ্য তিববতলৈ বসতি স্থানান্তৰ কৰে৷ এই মধ্য তিববতত থাকোতেই মিচিং তথা তানিগোষ্ঠীৰ লোকসকলৰ সামাজিক-সাংস্কৃতিক জীৱন পদ্ধতিয়ে পূৰ্ণাংগ ৰূপ ধাৰণ কৰিবলৈ ধৰে বুলি কিংবদন্তি তথা ইতিহাস চৰ্চাৰ জৰিয়তে জনা যায়৷ মধ্য তিববতত বহু বছৰ থকাৰ পিছত উক্ত অঞ্চলৰপৰাও বিভিন্ন কাৰণত তানিগোষ্ঠীৰ লোকসকলে দক্ষিণ তিববতলৈ প্ৰব্ৰজন কৰে৷ দক্ষিণ তিববততো বহু বছৰ থকাৰ পিছত লুছা গিৰিপথেদি লাহে লাহে আহি ভাৰতৰ ভূ-খণ্ড, বৰ্তমানৰ অৰুণাচলত প্ৰৱেশ কৰে৷ দক্ষিণ তিববতৰপৰা ক্ৰমান্বয়ে জনগোষ্ঠী হিচাপে ভাগে ভাগে প্ৰব্ৰজন কৰাসকলৰ ভিতৰত মিচিংসকলেই প্ৰথমে অৰুণাচলত প্ৰৱেশ কৰিছিল বুলি কিংবদন্তিয়ে কয়৷ মিচিংসকল অৰুণাচল পাহাৰৰ গেলিং, তুঃতিং, য়িকিয়ং, কাৰ্ক, চিমং, গেকু, আলং, ৰিউ, ৰিগা, মাৰ্য়াং, দাম্ৰঃ, মৗঃব আদি ঐতিহাসিক ঠাইবোৰত বসবাস কৰিছিল৷ অৰুণাচল প্ৰদেশৰ উক্ত পাহাৰীয়া অৰণ্য আৰু সমতল ভূমিবোৰত পহু চিকাৰৰ লগতে ঝুম পদ্ধতিৰে কৃষি কৰ্ম কৰি আদিম জীৱন-যাপন কৰিছিল৷ পিছত লিখিত বুৰঞ্জীয়ে স্পৰ্শ নকৰাৰ বহু বছৰ আগতে অধিক সাৰুৱা কৃষি ভূমিৰ সন্ধানত অসমৰ বৰ নৈ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে লগতে চিয়াং, দিবাং, দিহিং, দিচাং, দিখৌ, ধনশিৰি, খেৰকটা, সোৱণশিৰি, ডিক্ৰং, ৰঙানৈ, জীয়াভৰলী আদি উপনৈসমূহৰ কৃষি উপযোগী সাৰুৱা উপত্যকাসমূহত পৰ্যায়ক্ৰমে থিতাপি লয়৷ বৰ্তমান মিচিংসকল অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া এই আঠখন জিলাৰ অন্তৰ্গত ২৮ খনৰো অধিক ৰাজহ চক্ৰ আৰু গুৱাহাটী মহানগৰৰ পাঁচটা অঞ্চল সাঙুৰি প্ৰায় দুহেজাৰখন গাঁৱত বসবাস কৰি আছে৷ লগতে তাহানিৰ ‘নেফা’ তথা বৰ্তমান অৰুণাচল প্ৰদেশৰ পূব চিয়াং, দিবাং ভেলী আৰু লোহিত এই তিনিখন জিলাতো স্বকীয় পৰম্পৰা আৰু নিজস্ব ৰীতি-নীতিৰে ৩৪ খনৰো অধিক গাঁৱত বসবাস কৰি আছে৷ অসম আৰু অৰুণাচলত থকা লোকসকলক সাঙুৰি মিচিং জনগোষ্ঠীৰ মুঠ জনসংখ্যা বাৰ লাখৰো অধিক হোৱা সম্ভাৱনা আছে৷
মিচিং (Mising) শব্দৰ অৰ্থ হ’ল– ‘মি’ - মানুহ, ‘চিং’ - আত্মীয় বা একে ভাষা-সংস্কৃতিৰ লোক৷ পিছে অধিকাংশ মিচিঙে নিজকে ‘আমি’ [ মানুহ] - ‘আনচিং’ [ঠাণ্ডা] - ‘মিচিং’ অৰ্থাৎ ঠাণ্ডা মানুহ বা সহজ-সৰল, শান্তিপ্ৰিয় জনগোষ্ঠী বুলি নিজকে পৰিচয় দিব বিচাৰে বা পৰিচয় দি ভাল পায়৷ ভৈয়ামলৈ অহাৰ পিছৰপৰাহে মিচিঙৰ ঠাইত ‘মিৰি’ শব্দৰ প্ৰচলন হ’বলৈ ধৰে৷ মিচিংসকলৰ সংস্কৃতি-ৰীতি-নীতি আৰু পৰম্পৰাৰ ৰক্ষক-পালকজনক ‘মিবু’ বা ‘মিৰৃ’ বোলা হয়৷ এই ‘মিবু’ বা ‘মিৰৃ’ দেওধাই বা পুৰোহিতৰ সমকক্ষ৷ ওচৰৰ জনগোষ্ঠীবোৰে মিচিঙৰ স্বকীয় সংস্কৃতি, ৰীতি-নীতি-পৰম্পৰা দেখি বিমুগ্ধ হৈ ৰক্ষক আৰু পালকজনৰ নামেৰে এই বিশেষ জনগোষ্ঠীটোক ‘মিৰৃ’, ‘মিৰি’ বুলি সম্বোধন কৰিছিল বোধ হয়৷ মনস্তাত্ত্বিক দিশৰপৰা বিচাৰ কৰি চালে এনেকৈয়ে মিচিঙৰ ঠাইত ‘মিৰি’ শব্দৰ প্ৰচলন হোৱা যেন ধাৰণা হয়৷ আনহাতে, এচামে মি [মানুহ] ৰৃ বা ৰি [পবতৰ্-পাহাৰ] ‘মিৰৃ’, ‘মিৰি’ অৰ্থাৎ পাহাৰীয়া মানুহ বা পাহাৰৰ পৰা অহা মানুহ বুজাবলৈ ‘মিৰি’ শব্দৰ সৃষ্টি হ’ল বুলি ক’ব বিচাৰে বা মতামত আগবাঢ়াব বিচাৰে৷ এই মতামতখিনিও একেবাৰে নুই কৰিব নোৱাৰি৷ যিকি নহওক ভাৰত স্বাধীন হোৱাৰ পিছত ভাৰতীয় সংবিধান লিপিবদ্ধ হোৱাৰ সময়ত ‘মিৰি’ জনজাতি নামকৰণেৰে অন্তৰ্ভুক্তি হোৱাৰ লগে লগে চৰকাৰী নথি-পত্ৰসমূহত মিচিঙৰ ঠাইত ‘মিৰি’ শব্দই ঠাই পায়৷
0 Comments