জীয়াই থকাৰ কবিতা
✍️ ভাস্কৰজ্যোতি
টায়েং
মবাইল:
৯৪৩৫২৫৮৫৬০
অন্ন নাই, বস্ত্র নাই আৰু নাই
বাসস্থান তথাপি জীয়াই আছো মই
চূৰ্ণ
(ব্যৰ্থ)কৰি মানুহৰ ধিক্কাৰ
আৰু
পূৰ্ণ কৰি অভিশাপ দেৱতাৰ
নাই
অভিযোগ, চিন্তাহীন
অনাহাৰী তথাপিও মই সুখী
য'তেই ৰাতি ত'তেই কাতি.
পেলনীয়া
ডাষ্টবিনত থকা চুৱাবোৰ মোৰ বাবে মানৱ দুর্লভ অমৃত।
মই
ভাগ্যৱান নহৈনো কি?
আকৃতি
মোৰ মানুহ হ'ব পাৰে
তথাপি মই
মানুহ নহওঁ
যদিও
কুকুৰবোৰৰ সন্মানীয় দৃষ্টিত
মই
মানুহেই হঁও।
এয়াই মোৰ
জীৱনৰ সাৰ্থকতা
আৰু
তাতেই সৃষ্টি মোৰ
জীয়াই
থকাৰ কবিতা।
0 Comments