ৰয়েল পেগু
বিশ্ববিশ্ৰুত সংগীতজ্ঞ, সুধাকণ্ঠ, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা এগৰাকী অমৰ শিল্পী সত্তা। সংগীত সূৰ্য, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি লুইতৰ পৰা গংগা পাৰ হৈ মিছিছিপি, ভল্গালৈ পাইছে। জগত জিনিছে। অসমীয়া জাতিক জগত সভাত প্ৰতিষ্ঠা কৰিছে।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গীতত মানৱতাৰ পৰা আৰম্ভ কৰি শাশ্বত প্ৰেম, সমাজ-সংস্কৃতি, প্ৰকৃতি, নদ-নদী, ঐতিহ্যকলৈ বহু অমৰ সৃষ্টিৰাজিৰ প্ৰয়োভৰ ঘটিছে। সমাজৰ বঞ্চিত, ক্ষুধাতুৰ, কৃষক, শ্ৰমিক, বনুৱাৰ জীৱন সংগ্ৰাম প্ৰতিফলিত ঘটিছে সুধাকণ্ঠৰ বহু গীতত। ভূপেন হাজৰিকাৰ গানত বিশ্বজনীন বাৰ্তা বহন কৰে। শোষণৰ বিৰুদ্ধে বৈপ্লৱিক চেতনা সৰ্বসাধাৰণ মানুহৰ মন-মগজুত জগাই তোলে।
মাটি, খেতি আৰু খেতিয়কৰ আজন্ম সম্পৰ্ক আছে। মাটিৰ অবিহনে কৃষকৰ, কৃষিজীৱী অসমীয়াৰ ভৱিষ্যত অন্ধকাৰ। তাকে লৈ ভূপেন হাজৰিকাই গাইছিল - অ' মোৰ ধৰিত্ৰী আই/ চৰণতে দিবা ঠাই/ খেতিয়কৰ নিস্তাৰ নাই/ মাটি বিনে অসহায় ----।
সুধাকণ্ঠ ভূপেন হাজৰিকাৰ 'মানুহে মানুহৰ বাবে' গীতে মানৱতাৰ ধ্বজাবাহক হৈ বিশ্ব মানৱক মানৱতাৰ গাথা সোঁৱৰাই দিছে।
শ্ৰেণী বৈষম্যৰ প্ৰভাৱত দৰিদ্ৰজনৰ যন্ত্ৰণা-কষ্টৰ শোকাৰ্ত কাহিনী ভূপেন হাজৰিকাৰ গীতত প্ৰতিফলিত হৈছে - শীতৰে সেমেকা ৰাতি/ বস্ত্ৰবিহীন কোনো খেতিয়কৰ/ ভাগি পৰা পঁজাটিৰ তুঁহজুই একুৰাত/ উমি উমি জ্বলি থকা/ ৰক্তিম যেন এটি উত্তাপ হওঁ--।
ভূপেন হাজৰিকাৰ অসমৰ সমাজ জীৱনক জগাই তোলা আৰু অৰ্থ ব্যাপকতা বহন কৰা আন এটা গান হ'ল- বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে/হাহাকাৰ শুনিও/ নি:শব্দে নীৰৱে/ বুঢ়া লুইত তুমি/ বুঢ়া লুইত হোৱা কিয়?---। এই কালজয়ী গীতত মানৱতাৰ পতন দেখি অসমীয়া সমাজ জীৱনৰ লগত নিবিড়ভাৱে সম্পৃক্ত বুঢ়া লুইতক ধ্বিকাৰ দিছে।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল- আমি অসমীয়া নহও দুখীয়া, কিহৰ দুখীয়া হম। সঁচাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ দিনত অসমীয়াৰ আদৰ্শ কৰ্ম-সংস্কৃতিৱান জীৱন চৰ্যাৰে লুইতৰ দুয়ো পাৰ শস্য-শ্যামলা আৰু নদন-বদ আছিল। স্বাভিমানী অসমীয়াৰ অভাৱ বুলিবলৈ নাছিল।
কিন্তু সময় পৰিৱৰ্তন হ'ল। পৰৱৰ্তী সময়ত পৰিবৰ্তিত পৰিস্থিতিকলৈ ভূপেন হাজৰিকাই গাইছিল- আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ'ব। আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। অসমীয়াই নিজ হাতে শ্ৰম কৰি--- অসমৰ মাটিত সংগ্ৰাম নকৰিলে--- অসমীয়াই অসমতে মগনীয়া হ'ব।
--- অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিও হ'ব কঙালী।
মন কৰক- ভূপেন হাজৰিকাই তেতিয়াই আমাক সকীয়াই থৈ গৈছে।
আজি পৰিস্থিতি অধিক জটিল। সম্প্ৰতি চৰকাৰ ফ্ৰী চাউল, হিতাধিকাৰী আঁচনি আদিয়ে আমাক অজানিতে এলেহুৱা, নিষ্কৰ্মা, শ্ৰম বিমুখী কৰি তুলিছে।
পৱিত্ৰ অসম ভূমিত বহু মহান পুৰুষৰ জন্ম হৈছে। শংকৰদেৱ, মাধৱদেৱে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি থৈ গৈছে। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, হেমচন্দ্ৰ বৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা ---- আদি কৰি বহু মহান পুৰুষে অসমীয়া জাতীয় জীৱন আৰু ভাষা-সাহিত্যক সমৃদ্ধ আৰু মহীয়ান কৰি গৈছে।
জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ভূপেন হাজৰিকা- এই তিনিগৰাকী সংগীত ৰত্নই অসমীয়া জাতীয় জীৱন আৰু চিৰ প্ৰবাহমান সংস্কৃতিক যুগলৈ সমৃদ্ধ কৰি গৈছে।
অসম ভূমি বিভিন্ন জাতি-উপজাতিৰ মিলন ভূমি।বিভিন্ন জাতি-উপজাতিৰ ৰহণীয়া কৃষ্টি-সংস্কৃতিক লৈ গঢ় লোৱা বৃহত্তম অসমীয়া জাতিৰ পৰিচয়, কৃষ্টি-সংস্কৃতি অসমৰ মাটিৰ লগত সম্পৃক্ত হৈ আছে। কিন্তু কেতিয়াবা মাটিৰ পৰা বিচ্ছিন্ন বিজতৰীয়া কৃষ্টি-সংস্কৃতি পয়োভৰ দেখা পোৱা যায়। মাটিৰ পৰা বিচ্ছিন্ন কৰ্ম-সংস্কৃতিৰ ফলত আজি বহু প্ৰত্যাহ্বানৰ দেখা দিছে। কৰ্ম বিমুখী মানসিকতাৰ ফলত আজি অসমীয়াই নিজৰ চকুৰ আগতে নিজৰ ভূমিতে বহু হেৰুৱাব লগা হৈছে। কৃষিজীৱী অসমীয়াৰ ভৌগোলিক অৱস্থান ক্ৰমে সংকুচিত হৈছে। কৃষিজীৱী অসমীয়াৰ নিজৰ পথাৰ আৰু বজাৰ হেৰুৱালে নিজৰ অস্তিত্ব, পৰিচয় বিপন্ন হোৱাৰ উপৰিও স্বকীয় সংস্কৃতিৰলৈ নামি আহিব ঘূৰ আন্ধাৰ।
সেয়ে আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ গীতৰ আহ্বান শুনি অসমীয়াই নিজ হাতে শ্ৰম কৰি স্বাৱলম্বী আৰু স্বাভিমানী অসমীয়া জাতি গঢ়িব লাগিব।
ৰয়েল পেগু। ০৫/১১/২০২৪
0 Comments