Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

আমাৰ গাঁৱত আজি কুঁৱলী নামিছে

আমাৰ গাঁৱত আজি কুঁৱলী নামিছে

 

তোষেশ্বৰ মিৰি আগৰৱালা

 

আমাৰ গাঁৱত

আজি কুঁৱলী নামিছে 

পকা ধান গোন্ধোৱা এজাক সুশীতল বতাহে

'দে পোৰা দেহ-মন চুই চাইছে 

কাষৰ পথাৰ এখনৰ পৰা উৰি আহিছে

'দত ৰ'দ হৈ বৰষুণত বৰষুণ হৈ 

জী থকা এধানি ঐনিতম 

উদং বুকুখনিত অজানিতে ওপচি পৰিছে

দাৱণিৰ জীৱনৰ বহু কথকতা

দুখে কুটি খাইও নিঃশেষ কৰিব নোৱৰা

দুওঁঠৰ ডগমগীয়া হাঁহি 

এতিয়া নিজকে এনে লাগিছে পথাৰৰ নিৰ্জনতা খেদিব খোজা টুনী চৰাইবোৰ মোৰ 

ঠোঁট মেলি ৰৈ থকা সিহঁতৰ পোৱালীকেইটা মোৰ 

দাৱণিৰ লাহি খোজত কাব্যময় বাটটো মোৰ

কাৰণ এই গাঁওখন যে বহু পুৰণি 

মাটি আৰু মানুহৰ চিৰকাল চিনাকি।

 

 


Post a Comment

0 Comments