লেকদা ৰিগচুয়েকো
(আকৌ এবাৰ ল'গ হ'ম)
#মিচিং সমাজ-জীবন আধাৰত ধাৰাবাহিক উপন্যাস#
(প্রথম খণ্ড)
তোষেশ্বৰ মিৰি আগৰৱালা
আকাশত এচপৰা
কলীয়া মেঘ। মাজে মাজে এজাক এৰাপলীয়া বৰষুণ। তৰাংপ্রায় জুৰিবোৰ লাহে লাহে মুখৰ হৈ
উঠিছে। মৰহা ঘাঁহ-বনবোৰ সেউজীয়া হ'ব ধৰিছে। ৰিব্
ৰিব্ বতাহত টকৌ পাতবোৰ ঘনে ঘনে লৰিছে। হৰিণ এজাক ঘাঁহনিত ঢপলীয়াই ফুৰিছে। ধনেশ
চৰাইবোৰ জোৰ পাতি পাতি পাহাৰৰ সিপাৰলৈ উৰিছে।
আজি মুর্কং গাঁওখনো ভীষণ ব্যস্ত। কিছুমানে মাছ শুকোৱাইছে। কিছুমানে খৰি আৰু
বনৰীয়া শাক বিচাৰি পাহাৰত উঠিছে। এইবাৰ ফাগুন মাহৰ শেষত মুর্কং গাঁৱত পঃৰাগ পূজা
কৰিব। পঃৰাগ মহা যজ্ঞস্বৰূপ। নদ-নদী, তৰু-তৃণ, খেতি- বাতি,
জীৱ-জগতৰ কুশলার্থে
চন্দ্র-সূর্য, পৃথিবী মাতৃক
পূজা কৰা হব। গতিকে পঃৰাগ উদ্যাপনৰ বিষয়ে আলোচনা কৰিবলৈ আজি সন্ধিয়া মুৰং ঘৰত
ৰাইজ গোট খাব। সেয়ে চিচাং বৰ ব্যস্ত। চিচাং হৈছে কুমিং। অর্থাৎ ডেকা দলপতি। দলপতিৰ
ওপৰত গধুৰ দায়িত্ব। কিবা খেলি-মেলি হ'লে গামে ক্ষমা নকৰিব।
মুৰং ঘৰ মানুহেৰে ঠাহ খাই পৰিছে। আলোচনা
সুচাৰুৰূপে সম্পন্ন কৰিবলৈ ডেকা দলো ব্যস্ত। ইপিনে দলপতি হিচাপে চিচাংৰ দায়িত্ব
অপৰিসীম। ক'তো ভুল থাকিব
নোৱাৰিব। কাৰণ গামৰ অনুশাসন বৰ কঠোৰ। সেয়ে চিচাং যথেষ্ট সৰ্তক। ঘনে ঘনে মুৰং ঘৰত
উঠা-নামা কৰিব ল'গা হৈছে।
উঠা-নামা কৰোঁতে গনৰঅ' উগনৰ (মিচিং
চুৰীয়া) একাংশ মাটিত চুচৰিছে। কিন্তু সেইটোলৈ লক্ষ্য কৰিবলৈ চিচাংৰ সময় নাই। মাথোঁ
মুৰঙৰ চৌদিশে ঢপলিয়াই ফুৰিছে। তাকে দেখি গাভৰুজাক চুচুক-চামাক কৰি হাঁহি আছে।
কিন্তু তামাৰৰ আকৌ মনে মনে চিচাঙৰ ওপৰত ভীষণ খং। কাৰণ জ্যেষ্ঠসকলৰ আগত এনেকৈ উগন
পিন্ধাটো ডাঙৰক অপমান কৰা সূচায়। তামাৰে চিঞৰি চিঞৰি চিচাঙক গালি-গালাজ পাৰিছে।
এটাসময় তামাৰৰ চিঞৰ-বাখৰ বেচি হ'ব ধৰিলে। কিন্তু
তামাৰলৈ কোনেও ভ্রক্ষেপ কৰা নাই। কাৰণ সকলোৱে জানে যে তামাৰে আপং খালে অলপ কথাতে
এনেকৈ প্রায় উৎপাত কৰে। তথাপি তামাৰক কোনেও বেয়া নাপায়। কাৰণ নিচা নাথাকিলে তামাৰৰ
সমান সৰল মানুহ নাই। তামাৰক বুজাই-বঢ়াই এজন ডেকাই আঁতৰাই নিবলৈ যত্ন কৰিছে। কিন্তু
তামাৰে বাৰে বাৰে উলটি আহিবলৈ যত্ন কৰিছে। তামাৰ আৰু ডেকাজনৰ মাজত তুমুল
টনা-আজোৰা। তাকে দেখি সকলোৱে হাঁহিছে। গামেও হাঁহি হাঁহি নীৰৱে চাই আছে। এসময়
তামাৰ সভা থলী এৰিলে। লগে লগে দঞি-পলক স্মৰণ কৰি সভা আৰম্ভ হ'ল। লাহে লাহে আন্ধাৰো নামি আহিব ধৰিছে। মুৰং
ঘৰৰ সোঁমাজত থকা চৌকাত জুই একুৰা জ্বলি আছে। জুইৰ কষত গাঁৱৰ বয়োজ্যেষ্ঠসকল বহিছে।
সোঁমাজতে গাম। জুইৰ পোহৰ পৰি গামৰ চকু-মুখ তিৰ্বিৰাই উঠিছে। বয়সে যেন গামক চুব
পৰা নাই। এতিয়াও গাম যথেষ্ঠ শক্তিশালী। গামে কিবা এটা ক'বলৈ থিয় হ'ল। মুৰং ঘৰখনৰ হুলস্থূলীয়া পৰিৱেশটো হঠাতে
নোহোৱা হ'ল। সকলোৱে
উৎসুকতাৰে গামৰ মুখলৈ চাব ধৰিলে। গামে ৰাইজক উদ্দেশ্য কৰি ক'বলৈ আৰম্ভ কৰিলেঃ- ৰাইজ হুলস্থূল নকৰিব। কথাটো
আপোনালোক মন দি শুনক পাঁচ বছৰৰ পাছত আমি পঃৰাগ পূজা পাতিবলৈ গৈ আছোঁ। পঃৰাগ সাধাৰণ
পূজা নহয়। দঞি-পল, কাৰচিং-কাৰতাক,
ৰুকজি মেৰাং, চিনে-মবঃ আদি দেৱ-দেৱীৰ নামত কৰা এক ৰাইজৰ
পূজা। আমি খেতিয়ক মানুহ, প্ৰকৃতিৰ
আৰ্শীবাদ অবিহনে আমি নিৰুপায়। গতিকে এনেহেন গুৰুত্বপূৰ্ণ মাংগলিক কার্যত ক'তো ভুল-ত্রুটি ৰৈ নেযায় তাৰ কাৰণে সৰ্তক হৈ কাম
কৰিব লাগিব। এই বিষয়ে সকলোৱে ভাবি-চিন্তি মতামত আগবঢ়ায় যেন। গামে কথাখিনি শেষ কৰি
নিজৰ আসন গ্রহণ কৰিলে। গামৰ কথা শেষ হোৱা মাত্রে ৰাইজে ঔৰয়ঃ ঔৰয়ঃ বুলি সমস্বৰে
জয়ধ্বনি দিছে। বহু ৰাতিলৈকে আলোচনা- বিলোচনা চলি থাকিল। সভাৰ মাজতে গাভৰু দলৰ
দলনেত্রীৰ(কুঃৰী) দায়িত্বও এজনীক অর্পণ
কৰিবলৈ গামে ঘোষণা কৰিলে। লগে লগে ভাল দলনেত্ৰী এগৰাকী বাচনি কৰিবলৈ চিচাঙে ৰাইজক
আহ্বান জনালে। গামৰ আজ্ঞামতে ৰাইজ নিজৰ মাজত আলোচনা আৰম্ভ কৰিলে। সময় অতিবাহিত হ'ব ধৰিছে। কুঃমীৰ নাম চূৰান্ত কৰিব পৰা নাই।
ডেকা-গাভৰুবিলাকৰ মাজত উৎকণ্ঠা বৃদ্ধি পাব ধৰিলে। কাৰণ মুৰ্কং গাঁৱৰ কাৰণে গাভৰুৰ
দলনেত্ৰী (কুঃৰী) হ'ব পৰাটো
সৌভাগ্যৱতী বুলি সকলো ভাবে। অৱশেষত চিচাঙে ৰাইজে বাচনি কৰা দলনেত্ৰী গৰাকীৰ নাম
গামক গোপনে জনালে। গামে বয়োজ্যেষ্ঠসকলৰ স'তে আলোচনা কৰি থিয় হ'ল। সকলোৱে
উৎকণ্ঠাৰে গামৰ মুখলৈ চাব ধৰিলে। গাভৰু দলনেত্রীৰূপে কাৰ নামবা ঘোষণা কৰে। মাজে
মাজে গাভৰুজাকে ফুচফুচাই কথা পাতিছে। হয়তো সিহঁত অস্থিৰ হৈছে। গামে গুৰু গম্ভীৰ
মাতেৰে আৰম্ভ কৰিলে ৰাইজ আমি এজনী গাভৰুক দলৰ দলনেত্রীৰূপে বাচনি কৰিব লাগিব। তাৰ
কাৰণে কোনেও মনত দুখ নাপায় যেন। গামৰ কথা ৰাইজে হয়ভৰ জনালে। শেষত গামে দলনেত্রীৰূপে
আপ্পুনৰ নাম ঘোষণা কৰিলে। নাম ঘোষণা কৰা মাত্রে সকলোৱে আনন্দ মনেৰে জয়ধ্বনি দিলে।
গাভৰুজাকে নতুন ৰিবি গাচেং লৈ আপ্পুনক আদৰিবলৈ অগ্ৰসৰ হ'ল। জয়ধ্বনি ক্রমাৎ বাঢ়িব ধৰিলে। মুর্কং গাঁৱৰ
আকাশ-বতাহ মুখৰিত হ'ব ধৰিলে। আপ্পুনে
ৰাইজৰ আনন্দ দেখি মাথোঁ ভেবা লাগি সকলোৰে মুখলৈ চাই থাকিল। গামৰ আজ্ঞা। পালন কৰিবই
লাগিব। গতিকে আপ্পুনে মনে মনে সকলো গ্ৰহণ কৰিলে। মিবু জেকতুমে বিৰ বিৰাই মন্ত্র
মাতিব ধৰিলে। আপ্পুনক ৰঙা-কলা-বগা ৰঙৰ ৰিবি গাচেঙেৰে ঢাকি দিলে। দগনে পিন্ধাই দিয়া
হ'ল। পুনৰ জয়ধ্বনিত মুর্কং
গাঁও কঁপি উঠিল। গামৰ একমাত্র কন্যা আপ্পুন। অল্পভাষী আৰু হাঁহিমুখীয়া এজনী ধুনীয়া
ছোৱালী। ভেমহীন। সকলোৰে অতি মৰমৰ। এগৰাকী নাচনীৰূপেও বিখ্যাত। তাইৰ কণ্ঠত অইঃনিতমো
বৰ মিঠা। আপ্পুনক দলনেত্রীৰূপে পাই মুর্কং গাঁও উৎফুল্লিত। সেয়ে আজি মুর্কং গাঁৱত
দুপৰ ৰাতিটো উৎসৱমুখৰ পৰিৱেশ। ঘৰাঘৰি কোনেও হোৱা নাই। বৰঞ্চ মুৰং ঘৰৰ সন্মুখত বিহু
আৰম্ভ কৰিছে। চিচাঙে কান্ধত ঢোল তুলি লৈছে। ঢোলৰ চাপৰে মুৰ্কং গাঁওখনক জগাই
তুলিছে। আপ্পুনেও প্রাণ ঢালি নাচিছে। আপ্পুনৰ নাচ চাবলৈ মানুহৰ ভিৰ। এনেদৰে বিহু
মাৰি থাকোতে ৰাতি কিমান হ'ল কোনেও গমেই
নাপালে। যেতিয়া বনকুকুৰাই ডাক দিব ধৰিলে। তেতিয়াহে বিহুমৰা বন্ধ কৰিলে। বিহুৰ শেষত
ডেকা-গাভৰুজাকে ৰাইজৰ পৰা আশীর্বাদ ল'লে। ৰাইজেও সমস্বৰে আৰ্শীবাদ দিলে। ইতিমধ্যে পূব আকাশত পুৱাৰ বেলিৰ পোহৰ বিয়পি
পৰিছে। ডেকা-গাভৰুজাকৰ আৰু শুৱা নহ'ল। অৱশ্যে টোপনিও
নাহিল। কাৰণ গাভৰুজাক কাংকান পাহাৰত আজি খৰি লুৰিবলৈ যাব। কালি বাৰিকে(ঘোষক)
সকলোৱে শুনাকৈ মূৰঙত ঘোষণা কৰি থৈছে। আপ্পুনে কথাবোৰ ভাবি টুংগেঙত বহি থাকোতে লগৰ
গাভৰুজাক আহি ওলাল। লগে লগে হুৰাত দা আৰু নেচেক কাপোৰটো ভৰাই আপ্পুনো চাং ঘৰৰ পৰা
নামিল। দেউতাকক (গাম) চিঞৰি চিঞৰি ক'লে-দেউতা গাহৰিটোক পঞক (দানা) দিবলৈ নাপাহৰিবি। কথাষাৰ কৈয়ে গাভৰুজাকৰ পাছে
পাছে দৌৰি গ'ল। নেদেখা
হোৱালৈকে জীয়েকক গামে চাই থাকিল। ৰাংঢালী গাভৰুজাক লাহে লাহে কাংকান পাহাৰ বগাব
ধৰিলে। অই-নি:তমৰ গুণগুণণিত কাংকান পাহাৰ মুখৰ হৈ উঠিব ধৰিছে। সকলোৱে খৰি লুৰাত
ব্যস্ত। কিন্তু আপ্পুন হালি পৰা গছ এজোপাৰ ডালত আউজি নীৰৱে কিবা এটা বিভোৰ হৈ ভাবি
আছে। হঠাতে ঐচেঙৰ চকুত পৰিল। লগে লগে তাই আপ্পুনৰ কাষলৈ আহি কাণে কাণে ক'লে- আজন কি হ'ল? ইমান গহীন হৈ আছ যে। কি বন দেৱতাই মোহিলে নে চিচাঙে মোহিলে? কথাষাৰ কৈয়ে ঐচেঙ খিলখিলাই হাঁহিলে। আপ্পুনে
ঐচেঙলৈ চাই লাজ ল'গা ভাবেৰে ক'লে- সপোনতো নভবা কথাবোৰ নকবিচোন ঐচেঙ। কথাষাৰ
কৈ বৰ দুখ মনেৰে ঐচেঙলৈ চালে। আপ্পুনৰ বিষাদভৰা চাৱনি দেখি ঐচেঙৰ ভাল নালাগিল।
গতিকে ঐচেঙে শান্তনা সুৰত ক'লে- আজনো যে!
একদম বেলেগ দেই! বেয়া পাইছ ন? কিন্তু বেয়া
পালেও তোৰ অভিমানী মুখখন চাই বৰ ভাল লাগে অ'। সেইকাৰণে জোকাওঁ আকৌ। আপ্পুনে একো
প্রত্যুত্তৰ নিদিলে। ঐচেঙৰ মন সেমেকি উঠিল। তাই মনে মনে নিজক নিজে গালি পাৰিব
ধৰিলে-কিয়ে পাইছিল মোক বাৰু। বেচেৰীজনীৰ মনটোক দুখ দিবলৈ। কথাবোৰ ভবাৰ লগে লগে
ঐচেঙৰ মুখখন শেঁতা হৈ পৰিল। ঐচেঙ নীৰৱে আপ্পুনলৈ চালে। আপ্পুনেও ঐচেঙৰ মুখলৈ চালে।
ঐচেঙৰ শেঁতা মুখখন দেখি আপ্পুনৰো বেয়া লাগিল। আপ্পুনে তপৰাই শান্তনাৰ সুৰত ক'ব ধৰিলে-চাচোন চা চা! ঐচেঙ বনৰীজনী ধেমালিও
বুজি নাপাই অ'। অলপতে কেনেকৈ
পেচ পাতিছে। আহ! ওচৰলৈ। ঐচেঙ কাষ চাপি আহিল। দীঘলকৈ উশাহ টানি আপ্পুনে ক'ব ধৰিলে- ঐচেঙ মই য়ামে কথা ভাবি থকা নাছিলো।
আলি-আয়ে লৃগাঙৰ কথাহে মনে মনে ভাব আছিলো। য়ামেৰ কথা কি ভাবিম ন ঐচেঙ। চবৰে সপোনৰ
য়ামে এজন থাকে ন'। আপ্পুনৰ কথাষাৰ
শুনি সকলোৱে খিলখিলাই হাঁহিব ধৰিলে। লগে লগে ঐচেঙো হাঁহিব ধৰিলে। হাঁহিৰ
প্ৰতিধ্বনিয়ে পাহাৰৰ নিজম বুকু কঁপাই তুলিছে। খৰি লুৰি ফুৰোঁতে ওৰেদিন কেনেকৈ পাৰ কৰিলে
আপ্পুনহঁতে গমকে নাপালে। যেতিয়া জিলিৰ মাত ক্ৰমাৎ বাঢ়ি আহিব ধৰিলে তেতিয়াহে গম
পালে যে বেলি লহিয়াব ধৰিছে। লগে লগে হুৰা ভৰ্তি খৰি পিঠিত লৈ এঢলীয়া বাটেদি পাহাৰৰ
পৰা নামি আহিল। গাঁৱৰ ওচৰ পোৱাৰ লগে লগে মৰমৰ গাহৰি পোৱালীটিৰ চিঞৰটিক দূৰৈৰ পৰা
শুনি আপ্পুনৰ মনটো অস্থিৰ হৈ উঠিল। কাৰণ গাহৰি পোৱালীটিয়ে গাখীৰ খাই থকা অৱস্থাতে
মাকক হেৰুৱাইছে। মৰো মৰো অৱস্থাৰ পৰা কোনোমতে বচাইছে। আপ্পুনে গাহৰি পোৱালীটোক
মৰমতে য়েগনে বুলি মাতে। তাঁত বৈ থাকিলে য়েগনেও আপ্পুনৰ নিচেই কাষত ওৰে দিন শুই
থাকে। মাজে মাজে আপ্পুনৰ ভৰিত গাটোক ঘঁহাই। তেতিয়া আপ্পুনৰ বুকুত ভৰি পৰে মাতৃত্বৰ
এক অবুজ মৰম। য়েগনেৰ কান্দোন শুনা মাত্রে আপ্পুনে খোজৰ গতি বঢ়াই দিলে। য়েগনেক
আলপৈচান ধৰিবলৈয়ো দেউতাক আৰু আপ্পুনৰ বাহিৰে ঘৰখনত মানুহ নাই। ইপিনে এইবাৰ পঃৰাগৰ
আগতে তেওঁলোকৰ ঘৰত আদা-দাঙাঙ পাতিব। সেইকাৰণে আপ্পুনৰ জিৰণি নাই। আদা দাঙাঙ কৰিলে
দঞি-পলৰ আশিস লাভ কৰে বুলি উপৰিপুৰুষৰ পৰা বিশ্বাস কৰি আহিছে। জীৱন সুখ-শান্তিৰে
উপচি পৰে। খেতি-বাতি ভাল হয়। ফাগুনৰ প্ৰথম বুধবাৰত গাঁওবাসীয়ে লৃগাং পালন কৰিব।
লৃগাঙৰ দিনা প্ৰথমতে পথাৰলৈ গৈ বীজ ৰুব। তাৰ পৰা উভতি আহি গামৰ ঘৰত প্ৰৱেশ কৰিব।
গামে ৰাইজক একেৰাহে তিনিদিন আলপৈচন ধৰিব। এয়া বৰ ব্যয়বহুল কাম। তথাপি পৰাগৰ আগতে
গামে এই কাম সমাপন কৰিব বিচাৰিছে। গতিকে গামৰ ঘৰখনত ভীষণ ব্যস্ত। ইপিনে মাছ
চিকাৰলৈ যোৱা দলটো ইতিমধ্যে আহি পাইছেহি। গামৰ ভঁৰালতে শুকান মাছ-মাংস, শাক-পাচলি জমা কৰি ৰখা হৈছে। চাং তলত শুকান খৰিৰ
তৰপ। লাহে লাহে বেলি ডুবিব ধৰিছে। গামৰ ঘৰৰ বাকৰিত ডেকা-গাভৰুজাক সমবেত হ'ব ধৰিছে। আন্ধাৰ নামি অহাৰ লগে লগে চেঁচা
বতাহজাক গা-মন চুই গৈছে। ঠাণ্ডাৰ পৰা ৰক্ষা পাবৰ কাৰণে গামৰ চোতালত শুকান খৰিৰে
জুই জ্বলাইছে। জুই কুৰাৰ চাৰিওপিনে ডেকা-গাভৰুজাক আগুৰি আছে। জুই কুৰাৰ পোহৰত
ঘিটমিটীয়া আন্ধাৰো কৰবাত হেৰাই গৈছে। ইফালে জুইৰ উম আৰু এবাতি আপংৰ ৰিমঝিম নিচা।
সীমাহীন দুখ-ভাগৰবোৰ যেন পলকতে ক'ৰবাত হেৰাই গ'ল। লাহে লাহে গামৰ বাকৰিত প্ৰাণ পাই উঠিছে
ডেকা-গাভৰুৰ ৰং-ৰহস্য। কোনোবাই আচিনাঙ অনামক (প্ৰেমৰ অনুভূতি) অই-নি:তমেৰে যোজনা
ধৰিছে। ঢোলৰ গুমগুমনিয়ে মন প্রাণ পুলকিত কৰি তুলিছে। আপ্পুন, ঐচেংহঁতৰ নাচোনত জীৱন ৰাঙলী হৈ উঠিছে।ৰং-ৰহস্য
হয়তো ৰাতিপুৱাহে অন্ত পৰিব।
ক্রমশ
0 Comments