Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

শুভেচ্ছা বাৰ্তা

 

শুভেচ্ছা বাৰ্তা

 

প্ৰতি,

সম্পাদক,

Anu Gomug ই-আলোচনী

Anu Gomug (নতুন কণ্ঠ)চিৰযুগমীয়া কণ্ঠ হওক। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া জোনাই-মুৰ্কংচেলেকৰ ভৌগোলিক অৱস্থিতি, প্ৰশাসনিক ব্যৱস্থাপনা আৰু ঐতিহাসিক সমল-সম্ভাৰৰ বাবেও এক আছুতীয়া পৰিচয় আছে। এই পৰিচয় নতুন কণ্ঠই বৌদ্ধিকভাৱে অধিক জীপাল কৰি তুলিব বুলি আমি গভীৰভাৱে বিশ্বাস কৰো। আমি আজিও অনুভৱ কৰো জোনাই-মুৰ্কংচেলেক অঞ্চল মিচিং ভাষা-সাহিত্য আৰু সংস্কৃতিৰ প্ৰাণ-কেন্দ্ৰ। তদুপৰি জোনাই-মুৰ্কংচেলেক মিচিং জাতীয় আবেগ উত্থানৰো ৰাজধানী। আমি আশা কৰো সৃষ্টিশীল জাতীয় আবেগৰো অপ্ৰতিৰোধ্য, আপোচহীন সংগ্ৰামী চিঞৰ  হওক  Anu Gomug/ নতুন কণ্ঠ।

হৰেন্দ্ৰনাথ দলে, বৰবাৰী,

গুৱাহাটী-৩৬

দিনাংক : ২৮-১১-২০২৪

 

Post a Comment

0 Comments