খেতি কৰাৰ সময় আৰু পদ্ধতি সলনি কৰি
নিজৰ আৰ্থ-সামাজিক অৱস্থা টনকিয়াল কৰক
খগেন পেগু
এটা কথা মনত ৰাখিব লাগিব৷ সেয়া হ'ল, বছৰি বছৰি
বানপানীৰ প্ৰকোপত পৰি বিধ্বস্ত আৰু জৰুলা হোৱা সত্বেও মিচিংসকলৰ খোৱা-বোৱাৰ
ধৰণ-কৰণবোৰ এতিয়ালৈকে সলনি হোৱা নাই৷ দদগাং-উৰম আপিন, অৰ্থাৎ শ্ৰাদ্ধ, আদ্যশ্ৰাদ্ধ, বিয়া-বাৰু আদিত কিমানযে পশুধন নিধন বা বধ কৰা
হয়! তেনেকৈ কিমান যে আপং পানী খাই ভঁৰালৰ ধান অপচয় কৰা হয়! সেইবোৰৰ যোগাৰ আৰু
ব্যৱস্থা কৰোঁতে যিটো পৰিমানৰ টকা-পইচা আৰু চাউল-পাতিৰ খৰছ হয়, সেয়া অন্য এখন সমাজে সপোনতো ভাবিব নোৱৰা এটা
ডাঙৰ বাজেট৷
ওপৰোক্ত প্ৰেক্ষাপটত সেয়া সহজেই
অনুমেয়, মিচিং সমাজখনে
আৰ্থ-সামাজিকভাৱে কস্মিনকালেও ওপৰলৈ যেন উধাব নোৱাৰে৷ তেওঁলোকৰ অৰ্থনীতি বছৰি
বছৰি যিটোধৰণে অধঃপাতে গৈছে, সেইমতে নিজৰ নিয়ম,
পৰম্পৰা আৰু সংস্কৃতিৰ
পৰিৱৰ্তন আৰু সংস্কাৰ কৰিব লাগিব৷ অন্যথা বৰ্তমানৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাটোও
বৰ এটা সহজ কথা নহ'ব৷
মিচিংসকল নৈপৰীয়া হোৱা বাবে
তেওঁলোকে বস-বাস কৰা গাঁও আৰু খেতি-পথাৰৰ মাটিবোৰ বানপানীত ডুবি যায়৷ ফলত কঠোৰ
পৰিশ্ৰমেৰে বছৰৰ বেছিভাগ সময় কষ্ট কৰি হাল বাই সিঁচি দিয়া বা ৰুই দিয়া শস্যড'ৰা পানীৰ তলত ডুবি যায়৷ তেনেকৈ বালিৰ পলস পৰি
শস্য পোত যায় আৰু গেলি যায়৷
কৃষিজীৱী মিচিংসকল কেৱল কৃষিৰ
ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে বাবে বানপানীৰ পিছৰ সময়ত বেছিভাগ মানুহ প্ৰায়
নিসম্বল হোৱা দেখা যায়৷ গতিকে জীয়াই থকাৰ বাবে বছৰি বছৰি তেওঁলোকৰ সংগ্ৰাম কঠোৰৰ
পৰা কঠোৰতৰ হৈ যোৱা সঘনে দৃষ্টিগোচৰ হৈছে, যিটোৰ বাবে তেওঁলোক আৰ্থ-সামাজিকভাৱে দিনক দিনে পিছ পৰি গৈছে৷ সেয়ে তেনেকুৱা
নৈপৰীয়া অঞ্চলবিলাকত তেওঁলোকৰ খেতি কৰাৰ সময় আৰু পদ্ধতিও সলনি কৰিব লাগিব৷
আমাৰ বোধেৰে মিচিংসকলে ৰবি আৰু
খাৰিফ দুয়োটা শস্যই কৰিব লাগিব৷ বিশেষকৈ খাৰিফ শস্যতকৈ ৰবিশস্যৰ উৎপাদনত তেওঁলোকে
গুৰুত্ব দিলে বানপানী আৰু বাৰিষাৰ প্ৰকোপৰ পৰা একপ্ৰকাৰে মুক্তি পাব৷ তাৰ উদাহৰণ
উত্তৰ মহুৰাৰ বংকোৱাল অঞ্চলৰ পৰা আৰম্ভ কৰি পশ্চিমৰ এলেংমাৰী আৰু ধনশিৰি
টেমেৰালৈকে দেখুৱাব পাৰি৷
বছৰি বছৰি ব্ৰহ্মপুত্ৰৰ বানপানী
আৰু খহনীয়াৰে বান-বিধ্বস্ত হোৱা নিকৰি বৰতল, বৰটিকা, অফলা, বংকোৱাল, গৰৈমাৰী, নামটেমেৰা, দলপা, গুটুং, নিকৰি, কাছমাৰী, ৰি ৰি, এলেংমাৰী, ধনশ্ৰী, ধনশ্ৰী টেমেৰা আদি গাঁও আজি কেইবা বছৰ মানৰ আগৰ
পৰা তিনিমহীয়া ৰবিশস্য বড়ো ধানৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে৷ সেইমতে বাৰিষা অহাৰ
আগতে সেইবিলাক সুৰক্ষিতভাৱে চপাবলৈ সক্ষম হৈছে, যিটোৰে তেওঁলোকৰ বছৰটো ধুনীয়াকৈ চলি যোৱা দেখা
গৈছে৷
এটা সময় আছিল যিটো সময়ত উত্তৰ
মহুৰাৰ ওপৰোক্ত অঞ্চল বছৰি বছৰি ব্ৰহ্মপুত্ৰৰ কৰাল গ্ৰাসত পৰিছিল৷ বাৰিষা মথাউৰি
ভাঙি পানী সোমাই যোৱাৰ লগে লগে গোটেই অঞ্চলটো প্লাবিত হৈ একপ্ৰকাৰ সাগৰ সদৃশ পৰিবেশৰ
সৃষ্টি হয়৷ পশুধনবোৰ বানপানীত উটি গৈছিল আৰু মানুহবোৰ চাঙত ওলমি থাকি পানী বেছি হ'লে মথাউৰিৰ ভঙা টুকুৰাত আশ্ৰয় ল'বলগীয়া হৈছিল৷ পানীৰ প্ৰবল সোঁতত পথাৰৰ শস্যবোৰ
ডুবি গৈছিল, আৰু ছমাহলৈ পানী
ওপঙি থকাত ডুব যোৱা শস্যবোৰ গেলি গৈছিল৷ যিহেতু খেতিয়েই আছিল তেওঁলোকৰ জীয়াই থকাৰ
একমাত্ৰ সম্বল; গতিকে সমগ্ৰ
কৃষিকৰ্ম পানীয়ে গ্ৰাস কৰাত সেই অঞ্চলৰ মানুহবিলাকৰ জীৱন ধাৰণৰ সমস্যাই বৰ গুৰুতৰ
ৰূপ ধাৰণ কৰিছিল৷
সিফালে আকৌ পানী শুকাবৰ সময়ত
খহনীয়া৷ তেনেকৈ বছৰি বছৰি বান-বিধ্বস্ত আৰু খহনীয়াৰে লুতুৰি পুতুৰি হৈ অঞ্চলটোৰ
মানুহবিলাকৰ একপ্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল৷ ব্ৰহ্মপুত্ৰই এফালৰ পৰা খহাই
আনি অঞ্চলটোৰ বহুখিনি ঠাই নিজৰ বুকুতেই সামৰি ল'লে৷ বহুতৰ পথাৰ-সমাৰ নাইকীয়া হ'ল; বহুতৰ ঘৰ-বাৰী ছেদেলি ভেদেলি হ'ল৷ চাওঁতে চাওঁতে
কেইবাখনো গাঁৱৰ অৱস্থিতি সলনি হ'ল; আৰু কিছুমানৰ একেবাৰে চিন-মোকামেই নাইকীয়া হ'ল৷ তেনেকৈ কাষেদি পশ্চিমলৈ বৈ যোৱা দিচৈ নদীখনো
মাজতে টুকুৰা হ'ল৷
অৱশ্যে বাৰিষাকালত এতিয়াও
ব্ৰহ্মপুত্ৰৰ বানপানী আৰু খহনীয়াই কিছু দিগদাৰ দিয়ে যদিও পূবা-পশ্চিমাকৈ মথাউৰি
বন্ধাত সেইখিনি বৰ্তমান প্ৰায় সুস্থিৰ হৈ আছে বুলি ক'ব পাৰি৷ (উল্লেখযোগ্য, যোৱা বছৰ বংকোৱালত মথাউৰি ছিগি গোটেই অঞ্চলটো
প্ৰবল বানপানীত ডুবি গৈছিল৷ চৰকাৰে সদিচ্ছাৰে লগে লগে মথাউৰিৰ ছিগা মেৰামতি কৰাত
লুইতৰ পানীয়ে বেছিকৈ আৰু ক্ষতি কৰিব নোৱাৰিলে৷) সেয়ে কিছুবছৰৰ আগৰ পৰা যিখিনি
অৱশিষ্ট আছে সেইখিনিতে একমাত্ৰ কৃষি নিৰ্ভৰশীল অঞ্চলটোৰ মানুহে কেনেকৈ খেতি কৰি
জীয়াই থাকিব পাৰি সেই কথাত সিদ্ধান্ত ল'বলগীয়া হ'ল৷ অৱশেষত,
কৃষি বিভাগ আৰু বিজ্ঞজনৰ
পৰামৰ্শ অনুসৰি শেষ উপায় হিচাপে ৰবি শস্যৰ খেতি কৰিবলৈ আৰম্ভ কৰা হ'ল৷
সেইমতে আজি প্ৰায় দহ বছৰৰ আগৰ পৰা
তিনিমহীয়া ৰবিশস্য বড়োধানৰ খেতি কৰিছে; আৰু বানপানী অহাৰ আগে আগে সোণালী শস্যৰ ফচল চপাই বছৰটোৰ বাবে নিশ্চিন্ত হ'ব পাৰিছে৷ তেনেকৈ খহনীয়া, বানপানী আদিৰ মোকাবিলা কৰি নিজৰ অৱস্থা টনকিয়াল
কৰাত সেইখিন অঞ্চলৰ মানুহ বহুখিন সফল হৈছে৷
আমি ভাবোঁ, তেওঁলোকৰ এই আদৰ্শ গোটেই নৈপৰীয়া আৰু দ মাটি
অঞ্চলত খেতি কৰা ৰাইজে অনুসৰণ কৰা উচিত৷ তেতিয়া বানবিধ্বস্ত অৱস্থাতো নিজক টনকিয়াল
কৰি ৰখাত বহুখিনি সফল হ'ব৷ (মিচিং ভাষাৰ
ছমহীয়া প্ৰশিক্ষণৰ পাঠদান কৰি থাকোঁতে এদিন দিচৈপৰীয়া বাংকে আগম কৌবাঙৰ সম্পাদক
হৰিশ্চন্দ্ৰ মৰাঙে মোৰ আগ্ৰহত অঞ্চলটো ফুৰাবলৈ লৈ গৈছিল৷ এই স্তম্ভ লেখনটো সেই
মফচলীয় ভ্ৰমণৰেই ফলশ্ৰুতি৷ এই ক্ষেত্ৰত আমাৰ প্ৰশিক্ষাৰ্থী অফলা গাঁৱৰ ৰিপিকা
কামান পাঠৰীৰো যথেষ্ট অৰিহনা আছে৷ তাই কেইবাবাৰো আমাক সুন্দৰ আলহী শুশ্ৰূষাৰে
আপ্যায়িত কৰিছিল৷ আমাৰ ক্ষেত্ৰ অধ্যয়নত এলেংমাৰী গাঁৱৰ কণকলতা পেগু কুটুমৰো যথেষ্ট
সহযোগিতা আৰু অনুপ্ৰেৰণা আছে৷ তেওঁলোক সকলোৰে প্ৰতি মই চিৰ কৃতজ্ঞ হৈ ৰ'লোঁ৷
0 Comments