মিচিং সমাজত ইয়াৰ প্ৰভাৱ
✍️ খগেন পেগু
বহু বিবাহৰ
ইংৰাজী প্ৰতিশব্দ হ'ল Polygamy.
ইংৰাজীত ইয়াৰ অৰ্থ Oxford
Dictionary য়ে এনেকৈ দিয়া দেখা গৈছে-
Polygamy is marriage to more than one spouse at a time. অৰ্থাৎ বহু বিবাহ হ'ল, এগৰাকী পুৰুষ বা নাৰীয়ে এটাতকৈ অধিক পুৰুষ বা নাৰীৰ লগত হোৱা বিয়া৷ আন এটা Anglo-Assamese
Dictionaryত কোৱা হৈছে,
Polygamy হ'ল Condition of having more spouses
than one at the same time. অৰ্থাৎ বহুবিবাহ
হ'ল, এগৰাকী পুৰুষ বা নাৰীয়ে এটাতকৈ অধিক নাৰী বা
পুৰুষৰ লগত বসবাস কৰি থকা অৱস্থা৷
কোৱা হৈছে,
The most typical forms of polygamy have been polygyny, in which cowives share a
husband, or polyandry, in which cohusbands share a wife. অৰ্থাৎ বহুবিবাহৰ দুটা ভাগ৷ এটা হ'ল য'ত এগৰাকী পুৰুষৰ এটাতকৈ অধিক বা কেইবাগৰাকীও ঘৈণীয়েক থাকে৷ তেনেকৈ আনটো হ'ল য'ত এগৰাকী নাৰীৰ এটাতকৈ অধিক গিৰিয়েক থাকে৷
Google
wikipedia মতে, when a man
is married to more than one woman that is called polygyny. অৰ্থাৎ যেতিয়া পুৰুষ এগৰাকীয়ে এটাতকৈ অধিক
নাৰীক বিয়া কৰাই তাক ইংৰাজীত Polygyny বুলি কোৱা হয়৷ আকৌ when a woman is married to more than one man that
is called polyandry. অৰ্থাৎ যেতিয়া
এগৰাকী নাৰীয়ে এটাতকৈ অধিক পুৰুষৰ লগত বিয়া কৰে তাক ইংৰাজীত Polyandry বুলি কোৱা হয়৷ Cambridge Dictionaryতো প্ৰায় একেধৰণেই কোৱা হৈছে৷
পৃথিৱীৰ বিভিন্ন
সমাজত বহুবিবাহৰ প্ৰচলন আছে৷ যিখন সমাজ পিতৃপ্ৰধান তাত Polygyny চলে; আৰু যিখন সমাজ মাতৃপ্ৰধান তাত Polyandry চলে৷
মিচিং সমাজ
পিতৃপ্ৰধান৷ ইয়াত সাধাৰণতে বহুবিবাহ(Polygamy)তকৈ একবিবাহ(Monogamy)হে বেছিকৈ চলা দেখা যায়৷ তৎসত্ত্বেও প্ৰায়বোৰ
গাঁৱত এগৰাকী পুৰুষে এটাতকৈ অধিক নাৰীক বিয়া কৰোৱাৰো উদাহৰণ আছে৷ তুলনামূলকভাৱে
তেনেকুৱা ঘটনা এশভাগৰ প্ৰায় পাঁচজনৰ ক্ষেত্ৰতহে লক্ষ্য কৰা যায়।
মিচিং সমাজত
বহুবিবাহে বৰ এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰা নাই যদিও এজন পুৰুষৰ এটাতকৈ অধিক
ঘৈণীয়েক থাকিলে সতিনীৰ মাজত দ্বন্দ্ব-কাজিয়া সঘনে হোৱা লক্ষ্য কৰা যায়৷ এটাই যি
কৰে তাক সিটোৱে চকু পাৰি দেখিব নোৱাৰে৷ এটাই যি কয় আনটোৱে তাক সহ্য নকৰে৷ ফলত
ঘৰুৱা কন্দল দিনে দিনে বাঢ়ি যায়৷ অৱশেষত গৈ ঘৰ ভঙা-ভঙিৰ নিচিনা অশান্তিৰ উদ্ভৱ
হয়৷ তেনেকৈ এটা সময়ত এজন পুৰুষৰে কেইবাটাও ঘৰৰ সৃষ্টি হ'ব পাৰে৷
এগৰাকী পুৰুষৰ
এজনী ঘৈণীয়েক থাকিলে এটা ঘৰ, দুজনী থাকিলে
দুটা ঘৰ; তেনেকৈ তিনিজনী
থাকিলে তিনিটা ঘৰৰ সৃষ্টি হ'ব পাৰে৷ অৱশ্যে
ভাই-ককাইবিলাক একেলগে থকা অৱস্থাত বহুবিবাহ কৰাজনৰ ঘৈণীয়েকবিলাকো যৌথ পৰিয়ালত
সমিলমিলেৰে একেলগে থাকে বা থাকিব পাৰে৷ পিছলৈ যেতিয়া সেই যৌথ পৰিয়াল ভাগ ভাগ হৈ
যায় তেতিয়া বহুবিবাহ কৰা পুৰুষগৰাকীৰ ঘৈণীয়েকবিলাকো পৰস্পৰৰ লগত ঘৰুৱা কন্দলৰ বাবে
স্বাভাৱিকতে ভাগ ভাগ হৈ যাব পাৰে৷ ফলত নতুন অৱস্থাত মাটি-বাৰী তথা সম্পত্তি
ভাগ-বটোৱাৰা কৰাৰ ক্ষেত্ৰতো দ্বন্দ্ব-কাজিয়া বা ঘৰুৱা কন্দল সঘনে সৃষ্টি হয়৷
পিছলৈ সেই
দ্বন্দ্ব-কাজিয়া বা ঘৰুৱা কন্দলৰ অশান্তি গৈ গাঁৱৰ সমাজখনৰ মাজলৈও বিয়পি যাব পাৰে৷
তেনেকুৱা সমস্যাৰ জটিলতা সমাধান কৰিবৰ বাবে গাঁৱৰ কেবাং পৰ্যন্ত বহিবলগীয়া হয়৷ তাত
দুটা পক্ষৰ সৃষ্টি হ'ব, আৰু ইটোৱে সিটোৰ বিৰুদ্ধে অভিযোগ আনি পৰস্পৰৰ
মাজত দ্বন্দ্ব-কাজিয়া হ'ব৷ তেনেকৈ কন্দল
বাঢ়ি গৈ থাকিব, আৰু সংশ্লিষ্ট
পৰিয়ালৰ লগতে গাঁৱৰ শান্তিৰ পৰিৱেশ দূষিত কৰিব৷ তাৰ পিছত সেই কন্দল অঞ্চলে অঞ্চলে
বিয়পি পৰিব৷ ফলত তাৰ প্ৰভাৱ অৱশেষত গোটেই সমাজখনতে পৰিব৷
অৱশ্যে বহুবিবাহ
কৰিলেও যদি সতিনীবিলাক মিলি থাকিব পাৰে তেন্তে এটা যৌথ পৰিয়াল ধুনীয়াকৈ চলি যাব
পাৰে৷ মিচিং সমাজত তেনেকুৱা উদাহৰণ বহুখিনি পোৱা যায়৷ এগৰাকী পুৰুষে কেইবাগৰাকীও
পত্নী বিয়া কৰাই অৰ্ধ শতাধিক ল'ৰা-ছোৱালী জন্ম
দিয়াৰো নজিৰ আছে৷ তিনিচুকীয়া জিলাৰ লাইকা-দধিয়া অঞ্চলৰ এটা লাগাচু পৰিয়াল তেনেকৈ
বহুদিনলৈ একেলগে আছিল৷ অৱশ্যে পিতৃ বা ঘৰৰ মূৰব্বী মৰি যোৱাৰ লগে লগে ঘৰুৱা কন্দল
সৃষ্টি হোৱাটো একপ্ৰকাৰ স্বাভাৱিক কথা৷ পিছলৈ অশান্তি বাঢ়ি যোৱাত অৱশেষত তেওঁলোক
ভাগ ভাগ হ'বলৈ বাধ্য হৈ
যায়৷
উপৰিউক্ত আলোচনাৰ
পৰা দেখা গ'ল, হাজাৰ হওক, সেই কথা প্ৰমাণিত হৈছে যে বহুবিবাহে এখন ঘৰত
স্বাভাৱিকতে সতিনীৰ মাজত দ্বন্দ্ব-কাজিয়াৰ সৃষ্টি কৰে৷ ফলত ঘৰুৱা কন্দলৰ বাঢ়ি
যায়৷ তাতে অন্য যা-যুঁৱলিবিলাকো আছেই৷ তেনেকৈ বহুবিবাহ সেই ঘৰখনৰ কাৰণে, তাৰ পিছত আশে-পাশে থকা ওচৰ-চুবুৰীয়া তথা গাঁৱৰ
সমাজখনৰ কাৰণেও সঘনে অশান্তি সৃষ্টি হোৱাৰ কাৰক হৈ পৰে৷ ফলত মানুহৰ লগত থকা
পাৰস্পৰিক মধুৰ সম্পৰ্কৰ পৰিবেশবোৰো লাহে লাহে দূষিত হ'বলৈ আৰম্ভ কৰে বুলি ক'ব পাৰি৷
এইখিনিতে
উল্লেখযোগ্য যে আগৰ দিনত মাটি-বাৰীকে ধৰি প্ৰাকৃতিক সম্পদৰো অভাৱ নাছিল৷ সেয়ে
কোনোবা বহুবিবাহত লিপ্ত হ'লেও তেতিয়া
পৰিয়াল ভৰণ-পোষণ কৰাত বৰ এটা সমস্যাৰ উদ্ভৱ হোৱা নাছিল৷ আজিকালি জনসংখ্যা বৃদ্ধি
হৈ যোৱাত ভাগ-বটোৱাৰা কৰোঁতে কৰোঁতে দিনক দিনে মাটি-বাৰীবোৰ কমি গৈ আছে৷ তেনেকৈ
খেতি কৰিছোঁ বুলি ওচৰৰ হাবি-বন কাটি তহিলং কৰাত আগৰ দিনবোৰৰ দৰে প্ৰাকৃতিক সম্পদৰ
প্ৰাচুৰ্যতাও এতিয়া নাইকীয়া হৈ গ'ল৷ ফলত ঘৰৰ
ককাই-ভাইবোৰ বেলেগ বেলেগ হৈ যোৱাৰ লগে লগে মাটি-বাৰীবোৰ বহুখিনি কমি গৈ একপ্ৰকাৰ
টুকুৰা-টুকুৰ হৈছে৷ সেয়ে সেইবোৰৰ ভাগ-বটোৱাৰাৰ সময়ত দ্বন্দ্ব-কাজিয়াৰ সূত্ৰপাত হয়৷
তেনেকৈ ঘৰুৱা কন্দলো বাঢ়ি যায়৷ পিছলৈ সেই অশান্তিবোৰ গোটেই গাঁওখনতে বা অঞ্চলটোতে
বিয়পি পৰে আৰু একপ্ৰকাৰে সমাজখনকে মানসিকভাৱে দূষিত কৰি পেলায়৷
উপৰিউক্ত কাৰণতে
আজিকালি বহুবিবাহ প্ৰথা মিচিং সমাজৰ পৰা প্ৰায় নাইকিয়া হৈ গৈছে৷ তাৰ বিপৰীতে,
একোটা পৰিয়ালৰ
মাক-দেউতাকসকলে পৰিয়াল পৰিকল্পনা হাতত লৈছে আৰু ল'ৰা-ছোৱালী কমকৈ জন্ম দি পৰিয়ালৰ কল্যাণৰ হকে
চিন্তা কৰে৷ তেনেকৈ তেওঁলোকে নিজৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দি ভাল অভিভাৱক হোৱাৰ দায়িত্ব
পালন কৰিছে৷
ভাল খবৰ, আজিকালি ল'ৰা-ছোৱাবিলাকো প্ৰতিযোগিতামূলক মন লৈ
পঢ়া-শুনাত বেছিকৈ নামি পৰিছে৷ তেনেকৈ মেধাৱী আৰু উত্তম হৈ সমাজ, জাতি তথা দেশৰ নাম উজ্বলাবলৈ বেছি যত্নপৰ হৈছে৷
ফলত সমাজত আগতকৈও এতিয়া বেছিকৈ ভাল ভাল ল'ৰা-ছোৱালী ওলাইছে যিটো জাতি তথা দেশৰ ভৱিষ্যতৰ বাবে মঙ্গলজনক বুলি ক'ব পাৰি৷
0 Comments