আলোকচিত্র-তথ্যসমৃদ্ধ কফি-টেবুল বুক
'অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয়
উদ্যান'
ৰয়েল পেগু
অসম প্ৰকৃতি আৰু বন্যপ্ৰাণীৰ ৰম্যভূমি। অসম অৰণ্য আৰু প্ৰকৃতিক সম্পদেৰে অতিকৈ
চহকী। অসমত যিমান প্ৰজাতিৰ বন্যপ্ৰাণী দেখিবলৈ পোৱা যায় পৃথিৱীৰ অন্য ঠাইত
বন্যপ্ৰাণীৰ তেনে সমৃদ্ধি বিৰল। বন্যপ্ৰাণী সংৰক্ষণ কৰিবলৈ হ'লে প্ৰথমতে বন্যপ্ৰাণীৰ আবাসস্থল অৰণ্য,
অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয়
উদ্যানসমূহ যথাযতভাৱে সংৰক্ষণ নিশ্চিত কৰিব লাগিব। ইতিহাস প্ৰসিদ্ধ কাজিৰঙা
এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত। কাজিৰঙাত এশিঙীয়া গঁড়ৰকে ধৰি অসমৰ বিভিন্ন অৰণ্য,
অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয়
উদ্যানসমূহ দুষ্প্ৰাপ্য বন্যপ্ৰাণী, বনৰীয়া চৰাইৰ আদৰ্শ বিচৰণস্থলী। অসমৰ সমৃদ্ধিশালী অৰণ্য আৰু এশিঙীয়া গঁড়,
সোণালী বান্দৰ, ভাৰতৰ ভিতৰতে উত্তৰ-পূব ভাৰতৰ কেইখনমান ৰাজ্য
আৰু অসমৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান, গিবন অভয়াৰণ্য আদিত পোৱা বন মানুহৰ প্ৰজাতি হলৌ বান্দৰ আদি বন্যপ্ৰাণীয়ে
দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ। অসমৰ অৰণ্য সম্পদ আৰু প্ৰকৃতিৰ নিৰ্বাক
বন্যপ্ৰাণী সুৰক্ষা তথা সংৰক্ষণৰ সচেতনতা গঢ় দিয়াৰ লগতে পৰিৱেশ পৰ্যটন উদ্যোগৰ
বিকাশৰ বাবে উত্তৰ-পূব ভাৰতৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী 'নেচাৰ্ছ বেকন'ৰ সঞ্চালক সৌম্যদ্বীপ দত্তৰ সম্পাদনাত প্ৰকাশ
পোৱা 'অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান' শীৰ্ষক কফি-টেবুল বুকখন অসমৰ প্ৰকৃতি সাহিত্যৰ
ভঁৰাললৈ অমূল্য সংযোজন। অসমৰ ১৯ খন অভয়াৰণ্য ক্ৰমে চক্রশীলা অভয়াৰণ্য, দীপৰ বিল অভয়াৰণ্য, পবিতৰা অভয়াৰণ্য, উত্তৰ কাৰ্বি-আংলং অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, গিবন অভয়াৰণ্য, আমচাং অভয়াৰণ্য, বুঢ়াচাপৰি অভয়াৰণ্য, লাওখোৱা অভয়াৰণ্য, পানীদিহিং অভয়াৰণ্য, মাৰাট লংৰি অভয়াৰণ্য, বৰাইল অভয়াৰণ্য, সোণাই ৰূপাই অভয়াৰণ্য, পাভ অভয়াৰণ্য, ভেৰজান বৰজান-পদুমণি অভয়াৰণ্য, বৰদৈবাম বিলমুখ অভয়াৰণ্য, নামবৰ দৈগ্ৰোং অভয়াৰণ্য, বৰনদী অভয়াৰণ্য, পূব কাৰ্বি-আংলং অভয়াৰণ্য আৰু ৭ খন ৰাষ্ট্ৰীয়
উদ্যান ক্ৰমে দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থান,
প্ৰকৃতিক গঠন, জীৱ-বৈচিত্ৰ্য, উদ্ভিদ সম্প্ৰদায়, প্ৰাণীকূল, আৰ্দ্ৰভূমি আৰু পৰ্যটন উদ্যোগ বিকাশ সন্দৰ্ভত
আলোচনা কৰা কফি টেবুল বুকুখনত অসমৰ বিভিন্ন অৰণ্যৰ নৈসৰ্গিক সৌন্দৰ্য, দুষ্প্ৰাপ্য বন্যপ্ৰাণী, স্তন্যপায়ী, বনৰীয়া চৰাই আদিৰ উচ্চমানৰ আলোকচিত্ৰ
সন্নিৱিষ্ট কৰা হৈছে। তদুপৰি কফি টেবুল বুকখনত নেচাৰ্চ বেকনৰ প্ৰকৃতি আৰু
বন্যপ্ৰাণী সংৰক্ষণ আন্দোলন আৰু অৰণ্যৰ দাঁতিকাষৰীয়া জনজীৱন আৰু সংস্কৃতি
সম্পৰ্কেও আভাস দিবলৈ চেষ্টা কৰা হৈছে।
আটকধুনীয়া কফি টেবুল বুকখনৰ পাতনিত সৌম্যদ্বীপ দত্তই লিখিছে- অসমৰ অৰণ্য আৰু বন্যপ্ৰাণী সংৰক্ষণ কৰাটো আমাৰ ৰাষ্ট্ৰীয় কৰ্তব্য। এনেদৰে বন, বন্যপ্ৰাণী আৰু অৰণ্য সুৰক্ষাৰ দায়বদ্ধতাৰভাৱেই প্ৰকাশ পাইছে উচ্চমানৰ আলোকচিত্ৰ সম্বলিত তথা তথ্যসমৃদ্ধ লেখাৰে 'অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান' শীৰ্ষক কফি টেবুল বুকখন। কফি টেবুল বুকখন পৰ্যটকক উপকৃত কৰাৰ লগতে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ৰাইজৰ মাজত জন-সচেতনা গঢ় দিব- ই নিশ্চয়ত।
অসমত পৰ্ণপাতী বৃক্ষৰ অৰণ্য,
চিৰহৰিৎ বৃক্ষৰ অৰণ্য,
ঘাঁহনি অঞ্চল, আৰ্দ্ৰভূমি অৰণ্য, মিশ্র বনাঞ্চল, বৰ্ষাৰণ্য, নদীকাষৰীয়া অৰণ্য, শিলাময় ৰুক্ষ-গুল্ম অৰণ্য অঞ্চল, থিয় পাহাৰৰ শিলৰ ভাঁজে ভাঁজে গজি উঠা অৰণ্য
আৰু বোকাময় জলজ উদ্ভিদৰ অৰণ্য দেখিবলৈ পোৱা যায়।
অৰণ্যৰ এই বৈচিত্ৰতাই অৰ্থাৎ বাসস্থানৰ ভিন্নতাৰ বাবে অসমত বিভিন্ন
প্ৰজাতিৰ বন্যপ্ৰাণীৰে চহকী। বিশেষ ভৌগোলিক অৱস্থানৰ বাবে জীৱ-বৈচিত্ৰ্যৰ চহকী
ভূমি অসমত ২,০১৭ প্ৰজাতিৰ
সপুষ্পক উদ্ভিদ, প্ৰায় ৪২
প্রজাতিৰ বাঁহ, ১৪ প্ৰজাতিৰ বেত,
মুঠ ২৩০ বিধ প্রজাতি আৰু
উপ-প্ৰজাতিৰ স্তন্যপায়ী প্রাণী দেখিবলৈ পোৱা যায়। ইয়াৰে ভিতৰত ৪৪ বিধ প্রজাতি
লুপ্তপ্রায় বন্যপ্ৰাণীৰ তালিকাভুক্ত। অসমৰ অৰণ্যত ৮ প্ৰজাতিৰ মেকুৰীজাতীয় প্ৰাণী
পোৱা যায়। তদুপৰি নলগাহৰি, খাগৰি কটা শহা
আদিৰ নিচিনা প্রাণী ভাৰতৰ ভিতৰত অকল অসমতেই পোৱা যায়। পৃথিৱীৰ এটা খৰ্গযুক্ত
গঁড়ৰ সৰ্ববৃহৎ সংখ্যা অসমতেই জীয়াই আছে। বনৰীয়া চৰাইৰ ক্ষেত্ৰতো অসম যথেষ্ট
চহকী। অসমত ৯৫০ বিধতকৈও অধিক বনৰীয়া চৰাই দেখিবলৈ পোৱা যায়। বান্দৰজাতীয়
প্ৰাণীৰ ভিন্নতাৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ ভিতৰত অসম সৰ্বাধিক চহকী। ভাৰতবৰ্ষৰ মুঠ ১৫
বিধ বান্দৰ প্ৰজাতিৰ ভিতৰত অসমত পোৱা যায় ৯ বিধ। তাৰে ভিতৰত ভাৰতবৰ্ষত পোৱা
একমাত্র ‘এপ' –‘গিবন' অকল উত্তৰ-পূব ভাৰতৰ কেইখনমান ৰাজ্য আৰু অসমতেই পোৱা যায়।অসমত ২১০ প্রজাতিৰ
উভচৰ প্ৰাণী, ৯৭ প্ৰজাতিৰ
সৰীসৃপ, ৯৬২ প্ৰজাতিৰ
পখিলা, প্ৰায় ২০০
প্ৰজাতিৰ মাছ এতিয়ালৈকে নথিভুক্ত কৰা হৈছে। অসমৰ বন্যপ্ৰাণীবোৰক স্তন্যপায়ী
বন্যপ্ৰাণী, বনৰীয়া চৰাই আৰু
উভচৰ আৰু সৰীসৃপ— এই তিনিটা সাধাৰণ
ভাগত ভাগ কৰি আলোচনা কৰিব পাৰি। এই তিনি ভাগৰ উপৰি পতংগ, মাছ আৰু শামুকজাতীয় অসংখ্য বন্যপ্রাণী অসমত
আছে আৰু এইবোৰৰ তথ্য সুন্দৰকৈ বিশিষ্ট পৰিৱেশবিদ তথা লেখক সৌম্যদ্বীপ দত্তই কফি
টেবুল বুকত উপস্থাপন কৰিছে। তদুপৰি গ্ৰন্থখনত ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল
প্ৰদেশৰ সীমান্তত চিয়াং নদীৰ পাৰত অৱস্থিত তথা ১০,২২১ হেক্টৰ বনভূমি আগুৰি থকা বৰ্ষাৰণ্য পবা
বনাঞ্চলক জীৱ-বৈচিত্র্যৰ ভঁৰাল বুলি উল্লেখ কৰি চৰকাৰে অতি শীঘ্ৰে পবাক অভয়াৰণ্য
হিচাপে ঘোষণা কৰাৰো দাবী উত্থাপন কৰিছে।
উচ্চমানৰ আলোকচিত্ৰ সৈতে অসমৰ সকলো অভয়াৰণ্য আৰু ৰাষ্ট্রীয় উদ্যানক সামৰি অসমীয়া ভাষাত প্ৰকাশ পোৱা এইখন প্ৰথম আৰু একমাত্র 'কফি-টেবুল'গ্রন্থ। এই কফি টেবুল বুকখন অসমৰ ১৯ খন ৰাষ্ট্ৰীয় অভয়াৰণ্য আৰু ৭ খন ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থান, প্ৰকৃতিক গঠন, জীৱ-বৈচিত্ৰ্য, যাতায়াতৰ সুবিধা, পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনা আদি সম্পর্কে বিশ্লেষাত্মক তথ্য দাঙি ধৰাৰ উপৰি অৰণ্য সুৰক্ষা আৰু প্ৰকৃতিক সম্পদৰ সু-ব্যৱস্থাপনা আৰু ইয়াৰ বিভিন্ন সম্ভাৱনাক ফঁহিয়াই দেখুৱা হৈছে। তদুপৰি কফি টেবুল বুকখনত অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া চৰাই আৰু স্তন্যপায়ী বন্যপ্ৰাণীৰ তালিকা সন্নিৱিষ্ট কৰাৰ লগতে অসমৰ মানচিত্ৰত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থান প্ৰদৰ্শণ কৰা হৈছে। গ্ৰন্থখন অসমৰ প্ৰকৃতি সাহিত্যলৈ অমূল্য অৱদান। সম্পূৰ্ণ ৰঙীণ পৃষ্ঠাৰে সজোৱা 'অসমৰ অৰণ্য, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান' কফি টেবুল বুকুখনৰ মূল্য পাঁচ হাজাৰ টকা।
মবাইল : 9954638967
0 Comments