Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

গাঁওখনে সাৰ পালে

 

গাঁওখনে সাৰ পালে

 

বিপুল শৰ্মা

 

চৰাই মাতত

বেলিৰ পোহৰত

গাঁওখনে সাৰ পালে

 

আই-পিতাই গাত

তৰণি হেৰালে

 

গোহালিত

গৰু হালে

মুৰ তুলি চালে

পদূলিৰ জপনাত

কাউৰীয়ে ৰমলীয়ালে

 

আইৰ হাতত

বাঢ়নী

পিতাই হাতত

এছাৰি

মুৰত

জাপি

দিনটোৰ আৰম্ভণি

 

বায়ন দাইটিৰ মুখত

শ্যাম ৰাগত

পৰি তালত

তেজৰে কমলাপতি…”

 

সৰুমলাৰ ঘৰত

আইপানীৰ মুখত

একে একে দুই

দুইয়ে দুইয়ে চাৰি

জীৱনৰ গণিত

 

গাঁওখনে সাৰ পালে

চৰাইয়ে গীত গায়

আমিবোৰে জীৱনৰ নেওঁতাত

নতুন দিনৰ পথ বিচাৰোঁ।

 

ঠিকনা : ৱাৰ্ড নং ৫, ধেমাজি

 

Post a Comment

0 Comments