Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

এক মিনিটৰ গল্প /এটা হৃদয়স্পৰ্শী দৃশ্য

 

এক মিনিটৰ গল্প

এটা হৃদয়স্পৰ্শী দৃশ্য

ৰঞ্জিতা হাজৰিকা

    ৰাজপথত এটা হৃদয়স্পৰ্শী দৃশ্য। অহা আহিছে যোৱা গৈছে।কাৰোৱেই ভ্ৰক্ষেপ নাই তালৈ।তাৰ চিন্ন ভিন্ন শৰীৰৰ ওপৰেদি চলি গৈছে ইখনৰ পাছত সিখনকৈ অজস্ৰ মটৰ গাড়ী। মঙহবোৰ চিটিকি গৈ পথৰ কাষতে থকা মানুহৰ পদূলিত পৰিছেগৈ। তাৰ ঠাইত আমাৰ অঙহী বঙহী হোৱা হ'লে এনেকুৱা কৈ এৰি গ'ল হেঁতেন নে বাৰু ? পথৰ কাষত ঘৰ থকা মানুহবোৰে হয়তো ভাবিছে- কেৱল ম‌ইয়ে গেলা গোন্ধ পাম নে! গতিকে তাক ম‌ই অকলে অকলে গাঁত খান্দি কিয় পুতিম! অৱশেষত মানৱ ধৰ্ম পালন কৰি ম‌ই মটৰ চাইকেলখন পথৰ দাঁতিত ৰখালো আৰু মানুহ এঘৰৰপৰা কোৰ এখন আনিলোঁ। গাঁত এটা খান্দি তাৰ শৰীৰৰ অৱশিষ্টবোৰ গোটাই পুতি পেলালোঁ। তাৰ পাছত অবোধ জীৱবোৰক তেনে ধৰণৰ যন্ত্ৰনা দায়ক মৃত্যু নিদিবলৈ ভগৱানক মিনতি জনাই নিজৰ গন্তব্যস্থললৈ গতি কৰিলোঁ

চেতিয়া, ঘিলামৰা (লখিমপুৰ)

Post a Comment

0 Comments