মিচিং ভাষা শিক্ষা আৰু প্ৰত্যাহ্বান
✍️ ৰয়েল পেগু
অসমৰ ভিতৰতে দ্বিতীয় বৃহৎ নৃ-গোষ্ঠী হিচাপে পৰিচিত মিচিংসকল
নৃতাত্ত্বিক দিশৰ পৰা মংগোলয়ড বা মংগোলীয় জনগোষ্ঠীৰ লোক। ভাষাতত্ত্বৰ ফালৰ পৰা
মিচিং ভাষা বৃহত্তৰ চীন-তিব্বতীয় পৰিয়ালৰ অন্তৰ্গত উত্তৰ অসম শাখা ভাষা গোষ্ঠীৰ
অন্তর্গত। মংগোলীয় জনগোষ্ঠীৰ ভাষা তিব্বতবর্মী ভাষাৰ মূল চীন-তিব্বতী বা কিৰাত।
চীন-তিব্বতী ভাষাক ঘাইকৈ দুটা ভাগত ভাগ কৰা হৈছে যেনে-(ক) তিব্বতবর্মী আৰু (খ) চীন
শ্যামীয়। চীন শ্যামীয় ভাষা চীন, থাইলেণ্ড আদি কৰি কম্বোডিয়া
পর্যন্ত বিয়পি আছে। আকৌ তিব্বতবর্মী ভাষাক কেইবাটাও শাখাত ভাগ কৰা হৈছে, যেনে-(ক)
তিব্বতী শাখা, (খ) হিমালয় শাখা, (গ)
অসমবর্মী শাখা আৰু (ঘ) উত্তৰ অসম শাখা। উক্ত বিভাজনবমতে মিচিং ভাষা উত্তৰ অসম শাখাৰ
অন্তর্গত। তদুপৰি অৰুণাচল প্ৰদেশৰ আদি, গাল, আপাতানিসকলৰ
ভাষাও উক্ত শাখাৰে অন্তর্গত। মংগোলীয় জনগোষ্ঠীৰ তিব্বতবর্মী ভাষা-গোষ্ঠীৰ অন্তৰ্গত
উত্তৰ অসম শাখা ভাষা গোষ্ঠীৰ আদি, মিচিং, নিচি, গাল, আপাতানি, পাচি, পাদাম, মিঞং, পাংগিং, বৰি, বকাৰ, কমকাৰ, চিমং, পাইলিব, মিলাং
আদিসকলে তেওঁলোকৰ আদিম বসতি স্থান দক্ষিণ-পশ্চিম চীনৰ হোবাংহো আৰু ইয়াংচিকিয়াং
নদীৰ পাৰৰ ভূমি এৰি প্রাচীন কালতে তিবৃতৰ মাজেৰে চাংপো-চিয়াং নদীৰ বুকুৰে প্ৰব্ৰজন
কৰি আহিছিল। এটা জাতিৰ অস্তিত্বৰ প্ৰথম পৰিচয়টো হৈছে স্বকীয় ভাষা-সাহিত্য আৰু কৃষ্টি-সংস্কৃতি।
স্বকীয় ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি
নথকা কোনো সমাজৰ জাতীয় পৰিচয় নাথাকে।
মিচিং ভাষা-সাহিত্য জীয়াই ৰখাৰ লগতে
সৰ্বতোপ্ৰকাৰ বিকাশ, প্ৰচাৰ-প্ৰসাৰ
কৰিবলৈ হ'ল মিচিং ৰাইজে
জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। পুৰ্বপুৰুষসকলে শ শ বছৰ ধৰি
মিচিং ভাষাক জীয়াই ৰাখিছে। কিন্তু আধুনিকতা তথা শিক্ষাৰ পোহৰ পোৱাৰ পিছত মিচিং
ভাষাক জীয়াই ৰখাৰ প্ৰত্যাহ্বানে দেখা দিয়ে। উল্লেখযোগ্য যে মিচিং ভাষা-সাহিত্য
বিকাশৰ গুৰি বঠা ধৰোঁতা মিচিং আগম কেবাঙৰ দীৰ্ঘদিনীয়া আন্দোলন মৰ্মে অসম চৰকাৰে
১৯৮৫ চনত মিচিং দোৱানক ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰি মিচিং অধ্যুষিত গাঁও
অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত ভাষা বিষয় হিচাপে প্ৰৱৰ্তন
কৰে। আৰু চৰকাৰে দুটা পৰ্যায়ত ২৩০ গৰাকী মিচিং
ভাষাৰ শিক্ষক নিযুক্ত দিছিল। কিন্তু ইয়াৰে বহু শিক্ষক অৱসৰ গ্ৰহণ কৰিলে। কিছুমান
মিচিং শিক্ষক অসমীয়া মাধ্যমলৈ পৰিৱৰ্তন হ'ল।
ইপিনে পৰৱৰ্তী সময়ত অসম চৰকাৰে ৰাষ্ট্ৰীয়
শিক্ষা নীতি-২০২০ জৰিয়তে অসমৰ মিচিং, দেউৰী, তিৱা, চাওতালী, ৰাভা, তিৱা আদি ভাষাত নিম্ন প্ৰাথমিক স্তৰত শিক্ষাদিনৰ ব্যৱস্থা কৰিছে। কিন্তু এই
পৰ্যায়ত কিমান উপকৃত হ'ব সময়তে ক'ব পৰা যাব। মিচিং আগম কেবাঙে মিচিং অধ্যুষিত গাঁও অঞ্চলৰ ১,৬৬৫ খন প্ৰাথমিক
বিদ্যালয়ৰ তালিকা ৰাজ্যৰ চৰকাৰৰ শিক্ষা বিভাগৰ ওচৰত দাখিল কৰিছে। চৰকাৰে প্ৰথম
পৰ্যায়ত ইয়াৰে দুশখন মিচিং অধ্যুষিত গাঁও অঞ্চলৰ প্ৰাথমিক বিদ্যালয়ত মিচিং
ভাষাক শিক্ষক মাধ্যম হিচাপে প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিশেষজ্ঞসকলে
কণ কণ শিশুক মাতৃভাষাত শিক্ষাদানৰ উপযোগিতাৰ বাবে মতপোষণ কৰি আহিছে। ৰাষ্ট্ৰীয়
শিক্ষা নীতি-২০২০ ত কণ কণ শিশুক মাতৃভাষাৰ জৰিয়তে শিক্ষাদানৰ ব্যৱস্থা কৰিছে।
ইপিনে ৰাজ্যৰ চৰকাৰে মিচিং স্বায়ত্তশাসিত
পৰিষদক পাঠ্যপুথিত প্ৰকাশৰ দায়িত্ব অৰ্পণ কৰিছে। তদুপৰি মিচিং স্বায়ত্তশাসিত
পৰিষদক শিক্ষা কোষ এটা গঠন কৰি প্ৰাথমিক বিদ্যালয়ত মিচিং মাতৃভাষাৰ শিক্ষাৰ
মাধ্যম হিচাপে প্ৰৱৰ্তনৰ বাবে চৰকাৰে পৰামৰ্শ দিছে। ইতিমধ্যে পাঠ্যপুথিত প্ৰণয়ন
কৰা হৈছে। মিচিং ভাষাৰ লগতে অন্যান্য ভাষা জীয়াই ৰখা আৰু প্ৰচাৰ-প্ৰসাৰত ৰাজ্য
চৰকাৰে ৰাষ্ট্ৰীয় শিক্ষা নীতি- ২০২০ ৰ অধীনত মাতৃভাষাৰ জৰিয়তে নিম্ন প্ৰাথমিক
বিদ্যালয়ত কণ কণ শিশুসকলক শিক্ষাদানৰ ব্যৱস্থাই এক নতুন দিগন্ত সূচনা কৰিব বুলি
আশা কৰা হৈছে।
মিচিং ভাষাৰ বহু প্ৰত্যাহ্বান আছে।
ভাষা-সাহিত্যৰ উন্নতিৰ বাবে সংশ্লিষ্ট ভাষাত মৌলিক সাহিত্য সৃষ্টি হ'ব লাগিব। তদুপৰি মিচিং ভাষাৰ আনুষ্ঠানিক শিক্ষা
প্ৰৱৰ্তনৰ লগতে সকলো মিচিং মানুহে এই ভাষাটো ক'ব লাগিব। কথিত ভাষা হিচাপেও এটা ভাষাক যুগ
যুগলৈ জীয়াই ৰাখিব পাৰে। উদাহৰণ হিচাপে আমাৰ অশিক্ষিত পূৰ্বপুৰুষসকলে কথিত ৰূপতে
মিচিং ভাষাক হাজাৰ বছৰ ধৰি জীয়াই ৰাখিছে। কিন্তু শিক্ষা আৰু আধুনিকতাৰ প্ৰভাৱত
পৰি বহু নগৰীয়া লোক নিজৰ ভাষাটোৰ প্ৰতি অৱহেলা কৰা পৰিলক্ষিত হয়। যাৰ ফলত আজি এই ভাষাটোৰ
প্ৰত্যাহ্বানে বৃদ্ধি পাইছে। আনহাতে মৌলিক সাহিত্য সৃষ্টি হ'লেই এটা ভাষা জীয়াই নাথাকে। উদাহৰণ হিচাপে
সংস্কৃত ভাষাকে ল'ব পাৰি। ভাৰতৰ
অন্যতম প্ৰাচীন তথা ঐতিহ্যপূৰ্ণ ধ্ৰুপদী ভাষা সংস্কৃত ভাষাত অনেক মৌলিক সাহিত্য
সৃষ্টি হৈছে। কিন্তু উচ্চ বৰ্ণৰ লোকে এই ভাষাক দেৱ ভাষা বুলি সাধাৰণ মানুহক চৰ্চা
আৰু ক'ব নিদিয়াৰ বাবে কালক্ৰমত
অনেক মৌলিক সাহিত্য সম্ভাৰেৰ সমৃদ্ধ সংস্কৃত ভাষা সম্প্ৰতি মৃতপ্ৰায় ভাষালৈ পৰিণত
হৈছে।
সাম্প্ৰতিক কাল বিজ্ঞান আৰু তথ্য প্ৰযুক্তিৰ
দিন। ব্যৱহাৰিক দিন। ব্যৱহাৰিক দিশ নথকা ভাষাবোৰৰ জীয়াই থকাৰ প্ৰত্যাহ্বান বৃদ্ধি
পাইছে। সেয়ে মিচিং ভাষা জীয়াই ৰাখিবলৈ হ'ল ভাষাটোৰ ব্যৱহাৰিক দিশটোৰ ওপৰতো গুৰুত্ব দিব
লাগিব।
কৰ্প'ৰেট গোষ্ঠীয়ে বহু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰে আমি
কি ভাষা ক'ব। কৰ্প'ৰেট ভাষাই ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমূহ বিপন্ন
কৰিছে। কৰ্প'ৰেট ভাষাই আমাৰ
পাকঘৰৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনত অজানিতে প্ৰভাৱ পেলাই আমাৰ মাতৃভাষাক
প্ৰত্যাহ্বান জনাইছে। উদাহৰণ হিচাপে অসমীয়া আৰু মিচিং মানুহৰ দৈনন্দিন জীৱনত Tooth paste , Brush , Bread ,
Breakfast আদি অনেক কৰ্প'ৰেট শব্দই দখল
কৰিছে। এইটো উদাহৰণহে, এনে অনেক কৰ্প'ৰেট শব্দই আজি আমাৰ দৈনন্দিন আধুনিক জীৱন যাত্ৰাৰ সংগী হৈ পৰিছে। আৰু স্বকীয় আইৰ মুখৰ
ভাষাবোৰ ক্ৰমে হেৰাই গৈছে। নিজৰ মাতৃভাষা ৰক্ষাৰ বাবে প্ৰতিজনেই সচেতন হ'ব লাগিব। অন্যথা কাল ধুমুহাৰ বুকুত মিচিঙৰ দৰে
ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষাসমূহ বিলীন হৈ যাব।
0 Comments