Ticker

6/recent/ticker-posts

Ad Code

Responsive Advertisement

আজিৰ সমাজ আৰু মহিলা সাংবাদিক

 


আজিৰ সমাজ আৰু মহিলা সাংবাদিক

 

✍️ ভাস্কৰজ্যোতি কুটুম

 

সাংবাদিকতাৰ বৃত্তিতো ঘাত-প্ৰতিঘাতেৰে পৰিপূৰ্ণ থকাটো বাঞ্ছনীয় বুলি ক'ব পাৰি। বিশেষকৈ এগৰাকী মহিলা সাংবাদিকে অতিৰিক্ত প্রত্যাহ্বান সন্মুখীন হ'বলগীয়া হয়। সাংবাদিকতাৰ বৃত্তিতো যুদ্ধক্ষেত্রত সস্ত্ৰম হৈ থকা সৈনিকৰ দৰে। কিয়নো এজন সাংবাদিকে ৰ'দ-বৰষুণ, বতাহ-ধুমুহাকো নেওচি জাতিৰ অৰ্থাৎ ৰাইজৰ বাবে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে কাম কৰিবলগীয়া হয়। তদুপৰি কেতিয়াবা সৈনিকৰ সৈতে বোমা-বাৰুদৰ মাজত মৃত্যুক নিচেই ওচৰৰ পৰা প্রত্যক্ষ কৰি বাতৰি সংগ্রহ কৰিবলৈ অদম্য সাহসেৰে বৃত্তিটোৰ প্রতি অগাধ দায়বদ্ধতাৰে পালন কৰি আহিছে৷ এনেধৰণৰ কঠিন পৰিৱেশত সাংবাদিক হিচাপে দায়িত্ব পালন কৰাত মহিলা সকলো পিছ পৰি থকা নাই। কিয়নো সাহসেৰে যুঁজ দিয়া কেইগৰাকীমান মহিলা সাংবাদিকে  বিশ্বৰ সংবাদ মাধ্যমৰ ইতিহাসত নিজৰ নাম লিপিবদ্ধ ৰাখিবলৈ সক্ষম হৈছে। এই কেইগৰাকী মহিলা সাংবাদিকৰ অদম্য সাহসে সম্প্ৰতি মহিলাসকলক সাংবাদিকতাৰ বৃত্তিটোৰ প্ৰতি আকৰ্ষিত কৰিছে। তেওঁলোকে একো একোগৰাকী  ৱাৰ ৰিপ’টাৰ হিচাপে সন্মুখীন হোৱা বিভিন্ন বাধা–বিঘিনিকো নেওচি সাংবাদিকতাৰ মূলমন্ত্রক সজীৱ কৰি ৰাখিবলৈ চেষ্টা কৰিছিল। এইসকল মহিলা সাংবাদিকৰ ভিতৰত বৰ্খা দত্তৰ বিষয়ে উল্লেখ কৰিব পাৰি। কিয়নো বৰ্খা দত্তই কাৰ্গিলৰ দৰে যুদ্ধক্ষেত্রৰ পৰা বাতৰি পৰিৱেশন কৰি সমগ্ৰ ভাৰতবাসীৰ এক পৰিচিত নাম হৈ পৰিছিল। সেইকাৰণে বৰ্খা দত্তৰ অদম্য সাহস, কষ্ট আৰু ত্যাগক স্মৰণ কৰি আহিছে। ঠিক একেদৰে অনিতা প্ৰতাপৰ সাহসিকতা আৰু দায়বদ্ধতা প্ৰদৰ্শনত আন এগৰাকী মহিলা সাংবাদিক হিচাপে সমগ্ৰ বিশ্বতে সন্মানীয় স্থানত ৰাখিব পাৰোঁ। কিয়নো অনিতা প্ৰতাপে এনে এগৰাকী সাংবাদিক আছিল যি গৰাকী সাংবাদিক শ্ৰীলংকাৰ নৃগোষ্ঠীয় যুদ্ধ, তালিবানৰ আফগানিস্তান দখল আদিৰ দৰে ভয়ংকৰ বাতৰি পৰিৱেশন কৰি সমাজত নিজৰ নাম সুকীয়া স্থানত ৰাখিবলৈ সক্ষম হৈছে। কিয়নো অনিতা প্ৰতাপে বিদ্ৰোহী সংগঠন এল টি টিৰ মুৰব্বী এল প্ৰভাকৰণৰ দৰে ব্যক্তিকো সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ সাহস কৰা দেখিবলৈ পাইছিলোঁ। সমগ্ৰ বিশ্বত দৃষ্টিগোচৰ কৰোঁ তেতিয়া হ'লে, এনে ধৰণৰ মহিলা সাংবাদিকে বহুত প্ৰত্যাহ্বানমুলক কাৰ্য কৰি সমাজত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হৈছে।

সম্প্ৰতি সমাজত সাংবাদিক বুলি কোৱাৰ লগে লগে বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য আগবঢ়াব বিচাৰে। সাম্প্ৰতিক সময়ত কিছুমান তথাকথিত সাংবাদিকৰ কাৰণে প্ৰকৃত সাংবাদিকে অপমানিত হ'বলগীয়া হৈছে বুলি ক'ব পাৰি। যাৰ ফলত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক নীলা সাংবাদিক আদি নামেৰে ব্যৱহৃত কৰা পৰিলক্ষিত হৈছে। ইয়াৰ মুলতঃ হৈছে কিছুমান সাংবাদিকে নিজৰ দায়িত্ব আৰু কৰ্তব্যৰ আওতাৰত আহি বিভিন্ন ধৰণৰ নীতি অৱলম্বন কৰা দেখিবলৈ পাওঁ। সেইকাৰণে সম্প্ৰতি ৰাইজে সাংবাদিকক সন্মানৰ দৃষ্টিৰে চোৱা দেখিবলৈ নাপাওঁ। কিন্তু ইয়াৰ মাজতো কিছুমান সাংবাদিকে নিজৰ দায়বদ্ধতাৰ প্ৰতি সন্মান জনাই নিৰ্ভীক আৰু নিৰপেক্ষতাৰে ৰাইজৰ হকে কাম কৰি আহিছে। এইখন অসমতে তেনে বহুত সাংবাদিক আছে নিৰ্ভীক আৰু নিৰপেক্ষতাৰে ৰাইজৰ বাবে কাম কৰাৰ উদাহৰণ আছে। মহিলা সাংবাদিক সকলো ব্যতিক্ৰমী নহয়। মই কিছুমান মহিলা সাংবাদিকক প্ৰত্যক্ষভাৱে দৃষ্টি গোচৰ কৰিছোঁ, যিসকল মহিলা সাংবাদিকে কেৱল ৰাইজৰ বাবে চিন্তা কৰিব পাৰে। যাৰ ফলত বৰ্তমান সময়ত অসমতো মাইনী মহন্ত, মনমৰমী মহন্ত, সুস্মিতা গোস্বামী, স্নিগ্ধা শিখা বৰা, ছাঁয়ামনি ভূঞা, শ্যামলী বৰঠাকুৰ, পংখী শৰ্মা, অঞ্জুমনি বৰদলৈ, অলকা বৰুৱাৰ লগতে মঞ্জুৰী গোস্বামী, জবা দাস, ইভা মহন্ত, পৰী শৰ্মা গোস্বামী, চিম্পী গগৈ, হিমাক্ষী বৰুৱা, জুবি শইকীয়া, এঞ্জেলা চাংমাই, দৃষ্টিৰূপা বৰদলৈ আদিৰ দৰে যুৱ মহিলা সাংবাদিকৰ জন্ম হৈছে বুলি ক'ব পাৰোঁ। কিয়নো তেওঁলোকে পূৰ্বৰ অনিতা প্ৰতাপ, বৰ্খা দত্ত আদিৰ পূৰ্বৰে পৰা ৰাইজৰ হকে কৰা কামবোৰ অনুকৰণ কৰি বৰ্তমানো সাংবাদিকতাৰ দায়বদ্ধতাৰ প্ৰতি সন্মান জনাই আহিছে। যি সকলে সাংবাদিকতাক এক সমাজ সেৱক হিচাপে বৃত্তিটোক গ্ৰহণ কৰিছে এইসকলে সমাজৰ পক্ষত থিয় হৈ আহিছে। সেইকাৰণে ৰ'দ-বৰষুণ,  বতাহ-ধুমুকো নেওচি ৰাইজৰ বাবে দায়বদ্ধতাৰে কাম কৰি আহিছে। যাৰ ফলত বৰ্তমানো কিছুমান অসাধু লোকে অতি সোনকালে অপকৰ্মৰ পৰা দূৰত্ব বজাই ৰাখি আহিছে।

সমাজ এখন সুস্থ আৰু সৱল ৰূপে প্ৰতিষ্ঠা কৰিবলৈ হ'লে সাংবাদিকৰ সমানে প্ৰতিজন ব্যক্তিৰে দায়িত্ব আৰু কৰ্তব্য আছে। কিয়নো সাংবাদিকক  বৃত্তি হিচাপে গ্ৰহণ কৰাৰ আগতেই সমাজৰ দায়বদ্ধতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। যদিহে প্ৰতিজন মানু্হে নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য প্ৰতি গুৰুত্ব প্ৰদান কৰে তেতিয়া নিশ্চিতভাৱে ভৱিষ্যৎ দিনত এক সুস্থ সৱল সমাজ গঢ়িব বুলি গণ্য কৰিব পাৰি। তদুপৰি যিকোনো বৃত্তিক পেছা হিচাপে গ্ৰহণ কৰাৰ সমানে দায়বদ্ধতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে বুলি ভাবোঁ। কিয়নো পেছাই এজন ব্যক্তিক উপাৰ্জনৰ আহিলা হোৱাৰ সমান্তৰালকৈ সমাজৰ পৰিচয় কৰোৱায় । গতিকে পেছাত এজন সাংবাদিক হোৱাৰ সমানে সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে গঢ়ি তুলিব লাগিব। যদিহে এনে কৰে তেতিয়া হ'লে, ভৱিষ্যৎ দিনত এক সুস্থ সৱল সমাজ গঢ়াৰ লগতে এখন সৰ্বাংগ পৃথিৱীৰ অংশীদাৰ হৈ ইতিহাসৰ পৃষ্ঠাত নিজৰ নাম লিপিবদ্ধ কৰিব পাৰিব বুলি দৃঢ় বিশ্বাস।

হাতীমূৰীয়া; মাজুলী

ফোন-৬০০৫০১২৫৮১

 

Post a Comment

0 Comments