চিত্ৰাংকন আৰু পৰিৱেশ সজাগতা সভা
অনু গমুগ, ডিজিটেল খবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ 'পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ'ৰ লগত সংগতি ৰাখি ২৪ নৱেম্বৰত জোনাই আঞ্চলিক ছাত্ৰ সন্থাই জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ 'প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য' আৰু ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ 'জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ' চিত্ৰ অংকন কৰিব দিয়া হয়। চিত্ৰাংকন প্ৰতিযোগিতাত বিচাৰক হিচাপে ৰয়েল পেগু আৰু ৰহিল আলীয়ে উপস্থিত থাকে। তদুপৰি অনুষ্ঠানত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক কল্লোল কোঁৱৰ, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানৱ বনিয়া, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লোহিত গজমেৰ, সাধাৰণ সম্পাদক ৰোহিনী দলে আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববিয়াসকল উপস্থিত থাকে। ইপিনে বাহিৰ জোনাই আঞ্চলিক ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ 'পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ' উপলক্ষে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীটত চাফাই অভিযান আৰু পৰিৱেশ সুৰক্ষাৰ সজাগতা শিৱিৰ এখন অনুষ্ঠিত কৰা হয়। এই শিৱিৰত ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগুৱে অতিথি হিচাপে অংশগ্ৰহণ কৰি জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সুৰক্ষা সন্দৰ্ভত বক্তব্য ৰাখে। এই শিৱিৰত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি ৰঞ্জিত বসুমতাৰী, প্ৰচাৰ সম্পাদক মেদিনী দলে, বাহিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পলাশ শইকীয়া, সাধাৰণ সম্পাদক উখেশ্বৰ বৰুৱা আৰু আছুৰ বহু কৰ্মকৰ্তাই উপস্থিত থাকে।
0 Comments